ETV Bharat / bharat

Joshimath Disaster Reality Check: শিবিৰত দুৰ্বিসহ ক্ষণ কটাইছে যোশীমঠ ভূমিস্খলনৰ ভুক্তভোগীয়ে

author img

By

Published : Jan 8, 2023, 10:13 AM IST

Updated : Jan 8, 2023, 11:10 AM IST

চামোলীৰ যোশীমঠত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (Landslide in Chamoli Joshimath)৷ ঠেৰেঙা লগা শীতত কেনেদৰে নিশা কটাইছে যোশীমঠ শিবিৰৰ দুৰ্যোগপীড়িতসকলে ?

joshimath-disaster-victims-spend-night-eating-maggi-etv-bharat-reality-check
যোশীমঠ শিবিৰৰ দুৰ্যোগপীড়িতসকলৰ খবৰ আছেনে?

নেশ্যনেল ডেস্ক, 8 জানুৱাৰী: প্ৰকৃতিৰ ৰোষত চামোলীৰ যোশীমঠ ৷ ভূমিস্খলনৰ ফলত চামোলীৰ যোশীমঠৰ পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লৈছে (joshimath disaster affected)৷ যোৱা 3 জানুৱাৰী পুৱা উত্তৰাখণ্ডৰ যোশীমঠ পথত ক্ষুদ্ৰ ফাঁট মেলা পৰিলক্ষিত হৈছিল ৷ পৰৱৰ্তী সময়ত ফাঁটৰ আকাৰ বৃদ্ধি পাইছিল ৷ ইয়াৰ পিছতে যোশীমঠৰ প্ৰায় 561 টা অট্টালিকাৰ দেৱাল আৰু মজিয়াত ফাঁট মেলিছিল আনকি কৃষি ভূমিটো ফাঁট মেলা দেখা গৈছিল (Landslide in Chamoli Joshimath)৷

এতিয়া শ শ মানুহৰ ঘৰৰ ফাঁটবোৰ দিনক দিনে বাঢ়ি আহিছে ৷ ফলত লোকসকলে আতংকিত হৈ ঘৰ এৰি সুৰক্ষিত স্থানত শিবিৰ পাতি আশ্ৰয় ল’বলৈ বাধ্য হয় ৷ ইফালে প্ৰচণ্ড শীতত লোকসকল শিবিৰত থকাত যথেষ্ট কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ জানিব পৰামতে, এতিয়ালৈ প্ৰায় 600 তকৈ অধিক ঘৰ বিপজ্জনক অৱস্থাত আছে (People troubled by landslide in Joshimath)৷

শেহতীয়াকৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও এক বৈঠক অনুষ্ঠিত কৰি ভূমিস্খলনত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক প্ৰথমে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে ৰাজ্য চৰকাৰৰ এটা দল যোশীমঠৰ পৰিস্থিতিৰ পৰিদৰ্শন কৰিবলৈ নিয়োগ কৰিছে ৷ ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ধামীয়ে নিজেই যোশীমঠলৈ গৈ শেহতীয়া পৰিস্থিতিৰ বুজ লয় ৷

ইতিমধ্যে এই প্ৰাকৃতিক দুৰ্যোগত যিসকল লোকৰ ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বিপজ্জনক স্থানসমূহৰ লোকসকলক প্ৰশাসনে সাহায্য শিবিৰলৈ স্থানান্তৰিত কৰিছে (Disaster victims living in Joshimath camp)৷ দুৰ্যোগপীড়িত লোকসকলক পৌৰ নিগমৰ নিশাৰ আশ্ৰয়, গুৰুদ্বাৰাৰ লগতে সিংধৰ ৱাৰ্ডৰ প্ৰাথমিক বিদ্যালয়ত ৰখা হৈছে ৷

যেতিয়া ইটিভি ভাৰতৰ দলে দুৰ্যোগপীড়িতসকলক লগ কৰিবলৈ সিংধৰৰ প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা দুৰ্যোগ সাহায্য শিবিৰত উপস্থিত হৈছিল, লোকসকলৰ সৈতে বাৰ্তালাপ কৰোতে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে যে প্ৰশাসনে তেওঁলোকক একো দিয়া নাই ৷ দুৰ্যোগপীড়িত লোকসকলে নিজেই নিজৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিব লগা হৈছে, কণ কণ শিশুসকলৰ বাবে কোনোধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

ইফালে চৰকাৰৰ ফালৰ শীত নিৰাময়ৰ বাবে শিবিৰসমূহত হিটাৰৰ ব্যৱস্থা কৰা হ’ব বুলি কৈছিল যদিও এতিয়াও হিটাৰৰ ব্যৱস্থা কৰা হোৱা নাই ৷ খাদ্যৰ অভাৱত শিবিৰত তেওঁলোকে মেগী খাই নিশাটো পাৰ কৰিবলগীয়া হৈছিল ৷ ইয়াৰোপৰি ক্ষতিগ্ৰস্ত লোকসকলে প্ৰশাসনক ঘৰ নিৰ্মাণ কৰিবলৈ সাহায্য লগত ঘৰ প্ৰদান কৰিম বুলি কৈছিল যদিও এতিয়ালৈ চৰকাৰৰ কোনো উম ঘামেই নাই ৷ উল্লেখ্য যে, এই প্ৰাকৃতিক দুৰ্যোগৰ পিছতে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল যে গৃহহীন পৰিয়ালবোৰক প্ৰতি মাহে ৪,০০০ টকাকৈ দিয়া হ'ব ৷

ইয়াৰ উপৰিও, এনডিআৰএফ আৰু এছডিআৰএফ দলও ঘটনাস্থলীত উপস্থিত হৈ আৰু পৰিস্থিতিৰ বুজ লৈ আছে ৷ যাতে যিকোনো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’লে লগে লগে মোকাবিলা কৰিব পৰা যায় ৷ ইয়াৰ সমান্তৰালকে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ (CM Pushkar Singh Dhami) নিৰ্দেশত এটা দুৰ্যোগ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে ৷ এটা ডাঙৰ অস্থায়ী পুনৰ্সংস্থাপন কেন্দ্ৰ নিৰ্মাণ কৰিবলৈও নিৰ্দেশনা দিয়া হৈছে ৷ যাতে লোকসকলক সময়মতে সকাহ দিব পাৰে ৷

আনহাতে যোশীমঠত ভূমিস্খলনৰ প্ৰতি লক্ষ্য ৰাখি এনটিপিচিৰ সুৰংগৰ কামও সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে ৷ বৰ্ধিত সমস্যাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে বিআৰঅ'ৰ অধীনত নিৰ্মাণ কৰা হেলাং বাইপাছৰ নিৰ্মাণ কাৰ্য, এনটিপিচিৰ তাপোভান বিষ্ণুগড় জলবিদ্যুৎ প্ৰকল্পৰ অধীনত নিৰ্মাণ কাৰ্য আৰু আগতীয়া নিৰ্দেশ নোহোৱালৈকে তাৎক্ষণিকভাৱে পৌৰ নিগম অঞ্চলৰ অধীনত নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছে ৷ একে সময়তে চৰকাৰ-প্ৰশাসনে পৰিস্থিতি ক্ষিপ্ৰতাৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে, যাতে সমস্যাসমূহ প্ৰতিৰোধ কৰিব পৰা যায় ৷

লগতে পঢ়ক: Journalist attacked in Bihar: বিহাৰত সাংবাদিকক গুলীয়াই হত্যাৰ চেষ্টা

Last Updated : Jan 8, 2023, 11:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.