ETV Bharat / bharat

সন্ত্ৰাসবাদী নহয় এতিয়া সেনাৰ আধিপত্যত জম্মু কাশ্মীৰ: অমিত শ্বাহ - JK established decisive domination over terrorism

বিগত সময়ত সন্ত্ৰাসবাদীৰ দপদপনি চলা এই ৰাজ্যখনত ক্ৰমাৎ অধিক শক্তিশালী হৈছে আমাৰ সেনা ৷ বৰ্তমান সময়ত অঞ্চলটোত সন্ত্ৰাসবাদৰ পৰিৱৰ্তে সেনাৰ আধিপত্য চলে বুলি উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (JK established decisive domination over terrorism)৷

সন্ত্ৰাসবাদী নহয় সেনাৰ আধিপত্যত জম্মু কাশ্মীৰ
amit-shah-on-terrorism-in-kashmir
author img

By

Published : Jul 7, 2022, 7:40 PM IST

নেশ্যনেল ডেস্ক, 7 জুলাই: সন্ত্ৰাবাদী সমস্যাৰে জৰ্জৰিত এক অঞ্চল জম্মু কাশ্মীৰ (JK established decisive domination over terrorism)৷ বিগত সময়ত সন্ত্ৰাসবাদীৰ দপদপনি চলা এই ৰাজ্যখনত ক্ৰমাৎ শক্তিশালী হৈছে সেনা বাহিনী ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Union Home Minister Amit Shah) বৃহস্পতিবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শ্ৰীনগৰত সোনাৱাৰত দাৰ্শনিক আৰু সমাজ সংস্কাৰক ৰামানুজাচাৰ্যৰ 'শান্তিৰ মূৰ্তি' উন্মোচনী অনুষ্ঠানত অংশগ্ৰণ কৰি ভাষণ প্ৰসংগত এইদৰে কয় ৷

অনুষ্ঠানটোত প্ৰদান কৰা ভাষণত জম্মু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাক প্ৰশংসা কৰি শ্বাহে কয় যে বিজেপি চৰকাৰৰ নেতৃত্বত প্ৰশাসনে কেন্দ্ৰীয় শাসিত অঞ্চলটোত সন্ত্ৰাসবাদক দমন কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমান সময়ত অঞ্চলটোত সন্ত্ৰাসবাদৰ পৰিৱৰ্তে সেনাৰ আধিপত্য চলে বুলি দাবী কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

জম্মু কাশ্মীৰত নতুনকৈ নিৰ্মাণ কৰা এই চাৰি ফুট ওখ মূৰ্তিটোত ৰামানুজাচাৰ্যক হাত জোৰ কৰি বহি থকা দেখুওৱা হৈছে ৷ বগা গ্ৰেনাইটৰ পৰা খোদিত 600 কিলোগ্ৰামৰ মূৰ্তিটো মাটিৰ পৰা তিনি ফুট ওপৰত নিৰ্মাণ কৰা হৈছে ৷ স্বামী ৰামানুজাচাৰ্যই ব্ৰহ্ম সূত্ৰৰ গ্ৰন্থ 'বোদয়না বৃতি' নামৰ এক গুৰুত্বপূৰ্ণ পাণ্ডুলিপি ক্ৰয় কৰিবলৈ কাশ্মীৰ ভ্ৰমণ কৰিছিল ৷

লগতে শ্বাহে কয় যে জম্মু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাৰ নেতৃত্বত জম্মু-কাশ্মীৰ শান্তি আৰু উন্নয়নৰ পথত আগবাঢ়িছে ।

ইফালে এই অনুষ্ঠানত লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই কয়- "মই আশা কৰোঁ শান্তিৰ মূৰ্তিটোৱে কাশ্মীৰত আৰু অধিক শান্তি আনিব ৷ মই গৃহমন্ত্ৰীক আশ্বাস দিব বিচাৰো, আমি কাশ্মীৰত শান্তি আৰু সমৃদ্ধি আনিবলৈ অনাগত দিনত কাম কৰি যাম ৷"

লগতে পঢ়ক : জম্মু-কাশ্মীৰত চলিত বৰ্ষত নিহত ৯৬ টা সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.