নেশ্যনেল ডেস্ক, ২৩ জুলাই : ক'ভিড (Covid) মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ (Militants) কাৰ্যকলাপ যথেষ্ট হ্ৰাস পাইছিল । কিন্তু চৰকাৰৰ কঠোৰ নীতি-নিয়ম শিথিল হোৱাৰ লগে লগে পুনৰ অশান্ত হৈ পৰিছে জম্মু আৰু কাশ্মীৰ । আৰক্ষী সূত্ৰৰ এক বিশেষ তথ্যৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে ।
এই বছৰৰ জুন মাহৰ পৰা অঞ্চলটোত সন্ত্ৰাসবাদী সম্পৰ্কীয় ঘটনাত প্ৰায় ৫১ গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই ইটিভি ভাৰতক দিয়া তথ্য অনুসৰি প্ৰয়োজন সাপেক্ষে সুৰক্ষা বাহিনীয়ে অঞ্চলটোত অভিযানো অব্যাহত ৰাখিছে । আনহাতে বিষয়াগৰাকীৰ মতে জুনৰ প্ৰথম সপ্তাহৰ পৰাই অঞ্চলটোত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি হৈছে ।
২০২১ চনৰ প্ৰথম পাঁচ মাহত অঞ্চলটোত এনে ধৰণৰ প্ৰায় ৪০ টা ঘটনা সংঘটিত হৈছিল আৰু এপ্ৰিলত এনে ধৰণৰ ঘটনা সৰ্বাধিক হোৱা দেখা গৈছিল । আনহাতে ১ জুনৰ পৰা ২২ জুলাইলৈ ৫২ টা দিনত ইতিমধ্যে ৩৪ টা সন্ত্ৰাসবাদী সম্পৰ্কীয় ঘটনা সংঘটিত হৈছে অঞ্চলটোত । এপ্ৰিল আৰু মে' মাহত প্ৰয়োজনীয়তা আৰু জৰুৰী কালীন ভিত্তিতহে নিৰাপত্তা বাহিনীয়ে অভিযান চলাইছিল । কিন্তু অভিযানবোৰ স্থগিত নাছিল ।
সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ আত্মীয়সকল নিৰীক্ষণত আছিল আৰু যেতিয়া প্ৰয়োজন হৈছিল, সেনা আৰু চিআৰপিএফৰ (CRPF) সৈতে অভিযান চলোৱা হৈছিল বুলিও আৰক্ষী বিষয়াগৰাকীয়ে অৱগত কৰে । চলিত বছৰ ৬১ টা সন্ত্ৰাসবাদ সম্পৰ্কীয় ঘটনাত মুঠ ১২৭ গৰাকী লোক নিহত হৈছে । ইয়াৰ ভিতৰত ১২ গৰাকী সাধাৰণ লোক আৰু ১৯ গৰাকী সুৰক্ষা বাহিনীৰ জোৱান আৰু বাকী ৯৬ জন সন্ত্ৰাসবাদী আছিল । ইয়াৰে বেছিভাগ হত্যা এই বছৰৰ জুলাইত সংঘটিত হৈছে ।
২২ জুলাইলৈকে প্ৰায় ২৪ টা সন্ত্ৰাসবাদী আৰু ৩ গৰাকী সুৰক্ষা বাহিনীৰ জোৱান নিহত হৈছে । সাধাৰণ নাগৰিকৰ মৃত্যুৰ ক্ষেত্ৰত জুন মাহটো অতি উদ্বেগজনক আছিল । তথ্য অনুসৰি জুন মাহত ৬ গৰাকী সাধাৰণ লোক, ৫ গৰাকী সুৰক্ষা বাহিনীৰ জোৱান আৰু ১৩ টা সন্ত্ৰাসবাদী নিহত হৈছে । লক্ষণীয়ভাৱে, এই বছৰৰ ৬১ টা সন্ত্ৰাসবাদ সম্পৰ্কীয় ঘটনাৰ ভিতৰত ৩২ টা ঘটনা ১ মে'ৰ পৰা সংঘটিত হৈছে ।
ইফালে যোৱা বছৰ, মে' মাহত ১৫ টা সন্ত্ৰাসবাদী নিহত হৈছিল । জুনত ৪৮ টা আৰু জুলাইত ২০ টা সন্ত্ৰাসবাদী নিহত হৈছিল । একে সময়তে, যোৱা বছৰৰ জুন মাহত ৮ গৰাকী সাধাৰণ নাগৰিক আৰু ১৭ গৰাকী সুৰক্ষা কৰ্মীৰ মৃত্যুৰ সৈতে মুঠ নিহত হোৱা লোকৰ সংখ্যা আছিল ৫৩ টা । চৰকাৰী তথ্য অনুসৰি যোৱা বছৰ সৰ্বাধিক ৩২১ গৰাকী লোক নিহত হৈছিল, যাৰ ভিতৰত ২৩২ টা সন্ত্ৰাসবাদী, ৫৬ গৰাকী সুৰক্ষা বাহিনীৰ জোৱান আৰু ৩৩ গৰাকী সাধাৰণ লোক আছিল ।
লগতে পঢ়ক :চিলাৰ সূতাই ডিঙি কাটিলে ত্ৰিপুৰাৰ সাংবাদিকৰ