ETV Bharat / bharat

ড্ৰাগছমুক্ত ত্ৰিপুৰা গঢ়িবলৈ সমাজ আৰু চৰকাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ : জিষ্ণু দেৱবৰ্মা

author img

By

Published : Apr 26, 2022, 12:12 PM IST

ত্ৰিপুৰা ৰাজ্যখনক ড্ৰাগছমুক্ত (Drugs free Tripura) কৰিবলৈ চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ মাজতে উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মাই যুৱ সমাজক ড্ৰাগছৰ পৰা আঁতৰি থাকিবলৈ বিশেষ আহ্বান জনায় । ৰাজ্যখনক ড্ৰাগছ মুক্ত কৰিবলৈ সমাজ আৰু ত্ৰিপুৰা চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব বুলি দেৱবৰ্মাই সদৰি কৰে ।

Jishnu-dev-Varma-insists-on-building-a-drug-free-tripura
জিষ্ণু দেৱবৰ্মা

আগৰতলা, ২৬ এপ্ৰিল : ড্ৰাগছ মুক্ত ত্ৰিপুৰা (Drugs free Tripura) গঢ়াৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । ড্ৰাগছৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীয়েও বহু পদক্ষেপ লৈছে (Tripura Police raid against drugs) । ইয়াৰ মাজতে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মাই যুৱক-যুৱতীসকলক উদ্দেশ্যি বিশেষ আহ্বান জনায় (Jishnu Dev Varma calls for special call on youth) ।

শক্তিশালী আৰু সুস্থ সমাজ গঢ়াৰ বাবে ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ সকলোকে ড্ৰাগছৰ বিৰুদ্ধে থিয় হ'বলৈ আহ্বান জনায় জিষ্ণু দেৱবৰ্মাই । বিত্তমন্ত্ৰী গৰাকীয়ে গৰিয়া উৎসৱ ২০২২ উদ্বোধন কৰি এই মন্তব্য কৰে (Tripura Dy CM inaugurates Garia Utsav 2022) । উল্লেখ্য যে, আগৰতলাৰ আস্তাবল গ্ৰাউণ্ডত পাণ্টৱী স্প’ৰ্টিং ক্লাৱ ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত হৈছে এই উৎসৱ ।

উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ড্ৰাগছ মুক্ত সমাজ গঢ়ি তোলাৰ বাবে ড্ৰাগছৰ যোগান আৰু চাহিদা দুয়োটা বন্ধ কৰিব লাগে । এইক্ষেত্ৰত সমাজে দায়িত্ব ল'ব লাগিব । আনহাতে চৰকাৰৰ ভূমিকা হৈছে প্ৰশাসনিক প্ৰক্ৰিয়াৰ দ্বাৰা ড্ৰাগছৰ যোগান বন্ধ কৰা । তেওঁৰ মতে, ড্ৰাগছ মুক্ত ত্ৰিপুৰা গঢ়ি তোলাৰ বাবে চৰকাৰ আৰু সমাজ দুয়োপক্ষৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে ।

তেওঁৰ মতে, সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত নিচাৰ কোনো ভূমিকা নাই ৷ ইয়াৰ পৰিৱৰ্তে নিচাৰ প্ৰতি আসক্তিয়ে সমাজৰ একতা ধ্বংস কৰে । তেওঁৰ মতে এখন ৰাষ্ট্ৰক শক্তিশালী কৰাৰ বাবে একতা হৈছে মুখ্য উপায় । বিশেষকৈ যুৱ সমাজক ক্ৰীড়া, সাংস্কৃতিক আৰু শিক্ষাৰ জৰিয়তে আগবাঢ়ি যাবলৈ উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনায় ।

লগতে পঢ়ক : Discrepancy in ration shop stores : ত্ৰিপুৰাত দুখনকৈ সুলভ মূল্যৰ দোকানত লাগিল তলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.