ETV Bharat / bharat

কৃষকৰ প্ৰতিবাদ: দিল্লী আৰক্ষীয়ে বন্ধ কৰি দিলে ঝাৰোদা কলন সীমান্তৰ পথ

author img

By

Published : Sep 17, 2021, 11:33 AM IST

কৃষকৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ যান-বাহন আৰক্ষী(Delhi Traffic Police)য়ে বেৰিকেড ব্যৱহাৰ কৰি বন্ধ কৰি দিলে ঝাৰোদা কলন সীমান্ত (Jharoda Kalan border) । লগতে ৰাইজক বিকল্প পথ ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিছে যান-বাহন আৰক্ষীয়ে ।

Jharoda Kalan border has been closed using barricades
দিল্লী আৰক্ষীয়ে বন্ধ কৰি দিলে ঝাৰোদা কলন সীমান্ত

নেশ্যনেল ডেস্ক, ১৭ ছেপ্টেম্বৰ : তিনিখনকৈ বিতৰ্কিত কৃষি আইন প্ৰণয়নৰ এটা বছৰ সম্পূৰ্ণ । ২০২০ চনৰ আজিৰ দিনটোতে গৃহীত কৰা হৈছিল ৩ খন কৃষি আইন । এই আইনকেইখন বাতিলৰ দাবীত এতিয়াও প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে । সেয়ে, ১৭ ছেপ্টেম্বৰৰ দিনটো 'ব্লেক ফ্ৰাইডে'(Black Firday) হিচাপে অভিহিত কৰি শুকুৰবাৰে প্ৰতিবাদী সমদলৰ আয়োজন কৰিছে শিৰোমণি অকালি দলে ।

যিকোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ আশংকাত দিল্লীৰ যান-বাহন আৰক্ষীয়ে বন্ধ কৰি দিলে ঝাৰোদা কলন সীমান্ত (Jharoda Kalan border) । বেৰিকেড ব্যৱহাৰ কৰি বন্ধ কৰি দিয়া হৈছে দুয়োটা পথ । লগতে আৰক্ষীয়ে উক্ত পথ দুটাৰে যাতায়াত কৰিবলৈ চেষ্টা নকৰিবলৈও সকীয়াই দিছে । দিল্লীৰ যান-বাহন আৰক্ষীয়ে টুইটযোগে কয় যে, ‘কৃষকৰ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে পি অ', অশোকা ৰোড, বাবা খাৰক সিং মাৰ্গ, গুৰুদ্বাৰা ৰাকাবগঞ্জ ৰোড, আৰএমএল চিকিৎসালয় ৰোডত যানজঁটৰ সৃষ্টি হোৱাৰ আশংকা আছে ।’

ইফালে, কেন্দ্ৰই প্ৰণয়ন কৰা বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ অব্যাহত আছে । এই আইনকেইখন বাতিল কৰাৰ দাবীত দিল্লীৰ বিভিন্ন সীমান্তত এতিয়াও বিক্ষোভ কাৰ্যসূচী অব্যাহত ৰাখিছে কৃষকসকলে ।

প্ৰতিবাদৰ সময়চোৱাত কৃষকসকলে বিভিন্ন বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে যদিও তেওঁলোক নিজৰ স্থিতিত অটল আছে । ইতিমধ্যে, কেন্দ্ৰীয় চৰকাৰৰে কেইবাবাৰো বৈঠকত মিলিত হৈছে কৃষক সংগঠনৰ প্ৰতিনিধি দল । কিন্তু কোনো সমাধান হোৱা নাই আৰু কৃষকৰ দাবী মানি লোৱা নাই কেন্দ্ৰই । সেয়ে, কৃষকেও অব্যাহত ৰাখিছে প্ৰতিবাদ ।

কৃষকসকলক বিভিন্ন ৰাজনৈতিক দল-সংগঠনেও সমৰ্থন আগবঢ়াই আহিছে ।

লগতে পঢ়ক:পৃথক বড়োলেণ্ডৰ দাবীৰে নতুন উগ্ৰপন্থী সংগঠন ULBৰ আত্মপ্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.