ETV Bharat / bharat

Most wanted Naxalite Dinesh Gope arrested : দুৰ্ধৰ্ষ মাওবাদী দিনেশ গোপক নেপালত গ্ৰেপ্তাৰ

পিএলএফআইৰ শীৰ্ষ নেতা দিনেশ গোপক নেপালৰ পৰা এন আই এ আৰু আৰক্ষীৰ যুটীয়া দলে গ্ৰেপ্তাৰ কৰে (Dinesh Gope arrested)। তেওঁৰ মূৰত ২৫ লাখ টকাৰ পুৰস্কাৰ আছিল । দীৰ্ঘদিন ধৰি নেপালত বাহৰ পাতি আছিল দিনেশে ।

Most wanted Naxalite Dinesh Gope arrested
দুৰ্ধৰ্ষ মাওবাদী দিনেশ গোপক নেপালত গ্ৰেপ্তাৰ
author img

By

Published : May 21, 2023, 5:16 PM IST

নেশ্যনেল ডেস্ক,২১ মে': উগ্ৰপন্থী সংগঠন পিপলছ লিবাৰেচন ফ্ৰণ্ট অফ ইণ্ডিয়া চমুকৈ পিএলএফআইৰ শীৰ্ষ নেতা দিনেশ গোপক গ্ৰেপ্তাৰ (PLFI leader Dinesh Gope arrested)। এন আই এ আৰু ঝাৰখণ্ড আৰক্ষীৰ এক যুটীয়া অভিযানত গ্ৰেপ্তাৰ মাওবাদী নেতাজন । ৰাজ্যখনৰ ম'ষ্ট ৱাণ্টেড মাওবাদী দিনেশ গোপৰ বিৰুদ্ধে ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল । আৰক্ষী সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, দিনেশক এন আই এৰ সহায়ত ঝাৰখণ্ড আৰক্ষীয়ে নেপালৰ পৰা গ্ৰেপ্তাৰ কৰে (Dinesh Gope arrested from Nepal)।

দিনেশৰ সংগঠন পিপলছ লিবাৰেচন ফ্ৰণ্ট অফ ইণ্ডিয়াই নেপালৰ পৰাই কাম কৰি আছিল । ঝাৰখণ্ড আৰক্ষীৰ উপৰিও, কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৱেও দিনেশক বিচাৰি নিৰন্তৰ অভিযান চলাই আছিল । ইফালে, দীনেশে ভাৰতৰ চুবুৰীয়া দেশ নেপালত শিবিৰ পাতি আছে বুলি তথ্য পোৱা গৈছিল । অনুসন্ধানৰ সময়ত পোহৰলৈ আহিছিল যে দিনেশ গোপে নেপালৰ ৰাজধানী কাঠমাণ্ডুত বাহৰ পাতি আছিল ।

খবৰটো নিশ্চিত হোৱাৰ পাছতে ঝাৰখণ্ড আৰক্ষী আৰু এনআইএৰ এক যুটীয়া অভিযানকাৰী দল নেপালত উপস্থিত হয় । অপাৰেচনটো সম্পূৰ্ণ গোপনে ৰখা হৈছিল । ইফালে, দেওবাৰে পুৱা দিনেশৰ অৱস্থান অনুসৰণ কৰাৰ পাছত এন আই এ আৰু ঝাৰখণ্ড আৰক্ষীৰ এটা যুটীয়া দলে তেওঁক কাঠমাণ্ডুৰ পৰা গ্ৰেপ্তাৰ কৰে (NIA and Police arrests Dinesh Gope)।

আৰক্ষীৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, গ্ৰেপ্তাৰ কৰা দিনেশ গোপক কাঠমাণ্ডুৰ পৰা দিল্লীলৈ অনা হৈছে । দিল্লীৰ এন আই এ কাৰ্যালয়ত জেৰাৰ পাছত তেওঁক ঝাৰখণ্ডলৈ প্ৰেৰণ কৰা হ'ব । অৱশ্যে এতিয়ালৈকে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই এই তথ্য। ঝাৰখণ্ডৰ খুণ্টি, ৰাঁচী, চিমডেগা, গুমলা, চাইবাচা আৰু লোহাৰডাগা আদি জিলাত দিনেশ গোপ নামটো সন্ত্ৰাসৰ বাবে চৰ্চিত আছিল ।

সন্ত্ৰাসবাদৰ আশ্ৰয় লৈয়ে দিনেশে অপৰিসীম সম্পদ গঢ়িছিল । দিনেশ গোপৰ দুয়োগৰাকী পত্নীও বৰ্তমান কাৰাগাৰত বন্দী হৈ আছে । দিনেশ জাৰিয়াগড়ৰ বাসিন্দা । ঝাৰখণ্ড আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ।

লগতে পঢ়ক :Pakistani drone shot down : আটাৰী সীমান্তৰ সমীপত ভূ-পতিত পাকিস্তানী ড্ৰোণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.