নেশ্যনেল ডেস্ক,১ অক্টোবৰ : জেট ইন্ধনৰ মূল্য ৪.৫ শতাংশ হ্ৰাস কৰা হৈছে (ATF price fall)। লগতে হোটেল আৰু ৰেষ্টুৰেণ্টত ব্যৱহৃত বাণিজ্যিক এলপিজিৰ মূল্যও প্ৰতি চিলিণ্ডাৰত ২৫.৫ টকাকৈ হ্ৰাস কৰা হৈছে (Commercial LPG rate reduced)। ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় ৰাজধানীত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১,৮৮৫ টকাৰ পৰা ১,৮৫৯.৫০ টকালৈ হ্ৰাস কৰা হৈছে ।
জুন মাহৰ পৰা এয়া বাণিজ্যিক এলপিজিৰ মূল্য ষষ্ঠবাৰলৈ হ্ৰাস কৰা হৈছে । প্ৰতিটো ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰত সৰ্বাধিক ৪৯৪.৫০ টকা হ্ৰাস পাইছে । অৱশ্যে, ঘৰুৱা চিলিণ্ডাৰৰ মূল্যৰ কোনো সাল-সলনি হোৱা নাই ।
একে সময়তে, এভিয়েচন টাৰ্বাইন ইন্ধনৰ (ATF) হাৰ ৪.৫ শতাংশ হ্ৰাস কৰা হৈছে (ATF price in India)। ৰাষ্ট্ৰীয় ৰাজধানীত জেট ইন্ধনৰ মূল্য ৫,৫২১.১৭ টকা হ্ৰাস কৰি প্ৰতি কেএলত ১,১৫,৫২০.২৭ টকা কৰা হৈছে । অৱশ্যে স্থানীয় কৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিখন ৰাজ্যতে ইয়াৰ মূল্য পৃথক ।
বাণিজ্যিক এলপিজিৰ মূল্য প্ৰতিটো মাহত এবাৰ সংশোধন কৰা হয় । আনহাতে এটিএফৰ মূল্য প্ৰতি পষেকত সলনি হয় । ১৬ ছেপ্টেম্বৰত জেট ইন্ধনৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাছিল । ইয়াৰ পূৰ্বে, ১ ছেপ্টেম্বৰত ০.৭ শতাংশ হ্ৰাস কৰা হৈছিল । অৱশ্যে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰায় ৬ মাহ ধৰি একে আছে । ৰাষ্ট্ৰীয় ৰাজধানীত বৰ্তমান পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৯৬.৭২ টকা আৰু ডিজেলত ৮৯.৬২ টকা ।