ETV Bharat / bharat

JEE-Main চতুৰ্থ পৰ্যায়ৰ ফলাফল : 44 গৰাকীৰ 100 শতাংশ নম্বৰ লাভ

মঙলবাৰে ঘোষণা কৰা হৈছে অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা JEE-main ৰ চতুৰ্থ পৰ্যায়ৰ ফলাফল । শীৰ্ষ স্থান লাভ কৰিছে ১৮ গৰাকী প্ৰাৰ্থীয়ে ।

author img

By

Published : Sep 15, 2021, 11:51 AM IST

JEE Main result
JEE Mainৰ চতুৰ্থ সংস্কৰণৰ ফলাফল ঘোষণা

নেশ্যনেল ডেস্ক, ১৫ ছেপ্টেম্বৰ : অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা JEE-main ৰ মঙলবাৰে ফলাফল ঘোষণা কৰা হয় । পৰীক্ষাত এইবাৰ মুঠ ৪৪ গৰাকী প্ৰাৰ্থীয়ে ১০০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে শীৰ্ষ স্থান লাভ কৰিছে ১৮ গৰাকী প্ৰাৰ্থীয়ে ।

প্ৰথম স্থান দখল কৰাসকলৰ ভিতৰত আছে কৰ্ণাটকৰ গৌৰৱ দাস, বিহাৰৰ বৈভৱ বিশাল, অন্ধ্ৰ প্ৰদেশৰ দুগিনেনি ভেংকটা পানীশ, ৰাজস্থানৰ সিদ্ধান্ত মুখাৰ্জী, অংশুল বাৰ্মা আৰু মৃদুল আগৰৱালা, দিল্লীৰ ৰুচিৰ বনচাল আৰু কাব্য চোপ্ৰা, উত্তৰ প্ৰদেশৰ আমাইয়া সিংঘাল আৰু পাল আগৰৱালা, তেলেংগানাৰ কোম্মা শৰণ্য আৰু জয়চুলা ভেংকটা আদিত্য, অন্ধ্ৰপ্ৰদেশৰ পাচলা বীৰা শিৱ, কৰ্ণাম লোকেশ আৰু কাঞ্চনাপল্লী ৰাহুল নাইডু, পঞ্জাৱৰ পুলকিত গোৱেল আৰু চণ্ডীগড়ৰ গুৰমৃত সিং ।

এই বছৰৰ পৰা যুটীয়া প্ৰৱেশ পৰীক্ষা (JEE)-main বছৰত চাৰিবাৰকৈ অনুষ্ঠিত কৰা হৈছে । শিক্ষাৰ্থীসকলৰ নম্বৰ বৃদ্ধি কৰাৰ সুযোগ প্ৰদান কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল । প্ৰথম পৰ্যায়ৰ পৰীক্ষা ফেব্ৰুৱাৰীত আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা মাৰ্চত অনুষ্ঠিত হৈছিল ।

পৰৱৰ্তী পৰ্যায়বোৰ এপ্ৰিল আৰু মে'ত নিৰ্ধাৰণ কৰা হৈছিল যদিও ক'ভিড (Covid) মহামাৰীৰ দ্বিতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি সেই পৰীক্ষা পিছুৱাই দিয়া হৈছিল । তৃতীয় পৰ্যায় ২০-২৫ জুলাইলৈ অনুষ্ঠিত হৈছিল ৷ আনহাতে চতুৰ্থ পৰ্যায়টো ২৬ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হৈছিল । ইতিমধ্যে প্ৰস্তুত কৰা নীতি অনুসৰি চাৰিটা এনটিএ (NTA) নম্বৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠটো বিবেচনা কৰি প্ৰাৰ্থীসকলৰ পদবী মুকলি কৰা হৈছে ।

ইংৰাজী, হিন্দী, গুজৰাটী, অসমীয়া, বঙালী, কানাড়া, মালায়ালম, মাৰাঠী, ওড়িয়া, পাঞ্জাৱী, তামিল, তেলেগু আৰু উৰ্দুকে ধৰি ১৩ টা ভাষাত পৰীক্ষাসমূহ অনুষ্ঠিত হৈছিল । JEE-main ৰ চাৰিটা পৰ্যায়ত ৯.৩৪ লাখতকৈও অধিক প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নতুন কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.