ETV Bharat / bharat

JEE Advanced 2021 ৰ ফলাফল ঘোষণা

author img

By

Published : Oct 15, 2021, 6:33 PM IST

ঘোষণা হ'ল Joint Entrance Examination (JEE) Advanced 2021 ৰ ফলাফল ৷ ৩৬০ ৰ ভিতৰত ৩৪৮ নম্বৰ লাভ কৰি আইআইটি দিল্লীৰ(IIT Delhi) মৃদুল আগৰৱালৰ শীৰ্ষ স্থান দখল ৷

JEE Advanced 2021 results declared
JEE Advanced 2021 ৰ ফলাফল ঘোষণা

নেশ্যনেল ডেস্ক , 15 অক্টোবৰ : ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই(National Testing Agency) শুকুৰবাৰে Joint Entrance Examination (JEE) Advanced 2021 ৰ ফলাফল ঘোষণা কৰে ৷ শুকুৰবাৰে ঘোষণা হোৱা ফলাফলত আইআইটি দিল্লীৰ(IIT Delhi) মৃদুল আগৰৱালে ৩৬০ ৰ ভিতৰত ৩৪৮ নম্বৰ লাভ কৰি শীৰ্ষ স্থান অৰ্জন কৰিছে ৷ IIT Delhi zone ৰ কাব্যা চোপ্ৰাই common rank list (CRL) 98 ৰ সৈতে মহিলা শ্ৰেণীত শীৰ্ষস্থান দখল কৰিছে ৷ ৩৬০ ৰ ভিতৰত তেওঁ ২৮৬ নম্বৰ লাভ কৰিছে ৷

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ (NTA) অফিচিয়েল ৱেবছাইটত প্ৰদান কৰা বিৱৰণ অনুসৰি, জেইই (এডভান্সড) 2021 ত 1 আৰু 2 দুয়োখন কাকত মিলাই মুঠ 1,41,699 জন প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে 41,862 জন প্ৰাৰ্থী পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷ উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ ভিতৰত 6452 গৰাকী মহিলা ৷

উল্লেখ্য যে, দেশৰ সকলো আইআইটিত বি টেক(B Tech) আৰু স্নাতক (UG) অভিযান্ত্ৰিক কাৰ্যসূচীত নামভৰ্তিৰ বাবে 3 অক্টোবৰ, 2021 তাৰিখে JEE-Advanced অনুষ্ঠিত কৰা হৈছিল ৷ ক'ভিড-19 সৃষ্ট পৰিস্থিতিৰ বাবে মে’ 2021 ত নিৰ্ধাৰিত JEE (Main) পিছুৱাই দিয়া হৈছিল ৷ ছাত্ৰ সমাজৰ বাবে সহায়ক হোৱাকৈ NTAয়ে চাৰিটা ভাগত JEE (Main) 2021 পৰীক্ষাৰ আয়োজন কৰিছিল ৷

লগতে পঢ়ক : ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণ হ'ব ৰাম মন্দিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.