ETV Bharat / bharat

Jeans, T-shirt পৰিধান কৰিব নোৱাৰিব সচিবালয়ৰ কৰ্মচাৰীয়ে

এতিয়াৰ পৰা বিধানসভা সচিবালয়ৰ কোনো কৰ্মচাৰীয়ে পৰিধান কৰিব নোৱাৰিব Jeans আৰু T-shirt ৷ এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে সচিবালয়ৰ যুটীয়া সচিবে ৷

JEANS T SHIRT BAN UP ASSEMBLY SECRETARIAT FOR OFFICIALS
Jeans আৰু T-shirt পৰিধান কৰিব নোৱাৰিব সচিবালয়ৰ কৰ্মচাৰীয়েJeans আৰু T-shirt পৰিধান কৰিব নোৱাৰিব সচিবালয়ৰ কৰ্মচাৰীয়ে
author img

By

Published : Jul 17, 2021, 3:48 PM IST

Updated : Jul 17, 2021, 4:21 PM IST

নিউজ ডেস্ক, 17 জুলাই : এতিয়াৰে পৰা সচিবালয়ৰ কোনো বিষয়া-কৰ্মচাৰীয়ে Jeans আৰু T-shirt পৰিধান কৰিব নোৱাৰিব ৷ অৰ্থাৎ সচিবালয়ত Jeans আৰু T-shirt পৰিধান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ যুটীয়া সচিবৰ তৰফৰ পৰা সকলো কৰ্মচাৰীকে পৰম্পৰাগত তথা সাধাৰণ সাজ পৰিধান কৰিহে সচিবালয়লে আহিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

এই নিষেধাজ্ঞা সন্দৰ্ভত শনিবাৰে ৰাজ্যখনৰ বিধানসভা সচিবালয় প্ৰশাসনৰ যুটীয়া সচিবৰ দ্বাৰা এক নিৰ্দেশনা জাৰি কৰা হৈছে ৷ নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি কোনো কৰ্মচাৰীয়ে Jeans আৰু T-shirt পৰিধান কৰি সচিবালয়লৈ আহিব নোৱাৰিব ৷ পিছে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে উত্তৰ প্ৰদেশৰ বিধানসভা সচিবালয়তহে ৷

উল্লেখ্য যে, নিৰ্দেশনা জাৰি কৰাৰ পাচতে উত্তৰ প্ৰদেশৰ বিধানসভা সচিবালয়ৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ উত্তৰ প্ৰদেশৰ সচিবালয়ত কেইদিনমান পূৰ্বে নতুনকৈ বহু কৰ্মচাৰীক নিযুক্তি দিয়া হৈছিল ৷ নতুনকৈ নিযুক্তি লাভ কৰা এই কৰ্মচাৰীসকলে কৰ্তব্যৰ সময়ত প্ৰায়ে Jeans আৰু T-shirt পৰিধান কৰি অহা বুলি সচিবালয়ৰ এগৰাকী বিষয়াই অভিযোগ উত্থাপন কৰিছিল ৷

নিৰ্দেশনাত স্পষ্টকৈ কোৱা হৈছে যে, বিধানসভাৰ এক সুকীয়া মৰ্যদা আছে ৷ সচিবালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবে নিৰ্ধাৰণ কৰি দিয়া আছে নিৰ্দিষ্ট সাজ-পোছাক ৷ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি সেই সাজযোৰ নিৰ্ধাৰণ কৰি দিয়া হৈছে ৷ গতিকে পৰম্পৰাগত তথা সাধাৰণ পোছাক পৰিধান কৰিহে সচিবালয়লৈ আহিব পাৰিব কৰ্মচাৰীসকল ৷

সমান্তৰালকৈ পোছাকৰ ওপৰত কোনো বাধা নাই বুলি স্পষ্ট কৰি দিয়া হৈছে সচিবালয়ৰ নিৰ্দেশনাটোত ৷ এই নিৰ্দেশনাটো জাৰি কৰিছে উত্তৰ প্ৰদেশ বিধানসভা সচিবালয়ৰ যুটীয়া সচিব নৰেন্দ্ৰ কুমাৰ মিশ্ৰই ৷ যুটীয়া সচিব নৰেন্দ্ৰ কুমাৰ মিশ্ৰই এইক্ষেত্ৰত কয় যে, ৰাজ্য চৰকাৰৰ বিধানসভা সচিবালয়, বিধান পৰিষদ সচিবালয় আৰু মুখ্য সচিবালয় আছে ৷ এই নিৰ্দেশনাটো বিধানসভা সচিবালয়ৰ বাবেহে বুলি সদৰী কৰিছে যুটীয়া সচিবগৰাকীয়ে ৷

লগতে পঢ়ক: বাজেট 2021-22: ৰঙিয়াৰ এপ'ল মিলৰ কৰ্মচাৰীলৈ ভাল খবৰ

Last Updated : Jul 17, 2021, 4:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.