Pawan Announced TDP Janasena Alliance: অন্ধ্ৰপ্ৰদেশৰ আগন্তুক নিৰ্বাচনত ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দিতা কৰিব জনসেনা আৰু তেলেগু দেশম পাৰ্টিয়ে - চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি
চন্দ্ৰবাবু নাইডুৰ নেতৃত্বাধীন তেলেগু দেশম পাৰ্টিৰ সৈতে একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৱন কল্যাণৰ জনসেনা দলে ৷ ৰাজমাহেন্দ্ৰবুৰাম কেন্দ্ৰীয় কাৰাগাৰৰ বাহিৰত এই মিত্ৰতাৰ কথা ঘোষণা কৰে জনসেনা পাৰ্টিৰ মুৰব্বী পৱন কল্যাণে । চন্দ্ৰবাবুৰ গ্ৰেপ্তাৰ ৰাজনৈতিক প্ৰতিশোধৰ বাহিৰে আন একো নহয় বুলি মন্তব্য পৱন কল্যাণৰ ৷
Published : Sep 14, 2023, 8:47 PM IST
নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ: ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া অন্ধ্ৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবে চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিৰ সৈতে একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব জনসেনা দলে ৷ জনসেনা পাৰ্টিৰ মুৰব্বী পৱন কল্যাণে আজি টিডিপিৰ মুৰব্বী তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক সাক্ষাৎ কৰি ৰাজমাহেন্দ্ৰবুৰাম কেন্দ্ৰীয় কাৰাগাৰৰ বাহিৰত এই মিত্ৰতাৰ ঘোষণা কৰে । ৩৭১ কোটি টকাৰ দক্ষতা বিকাশ নিগমৰ কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হৈ ৰাজমাহেন্দ্ৰবুৰাম কেন্দ্ৰীয় কাৰাগাৰত আছে এন চন্দ্ৰবাবু নাইডু ৷
জনসেনা পাৰ্টিৰ মুৰব্বী পৱন কল্যাণে অভিনেতা-ৰাজনীতিবিদ বালা কৃষ্ণ আৰু টিডিপিৰ সাধাৰণ সম্পাদক নৰা লোকেশৰ লগত ৰাজমাহেন্দ্ৰবুৰাম কেন্দ্ৰীয় কাৰাগাৰত সাক্ষাৎ কৰে টিডিপিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুক ৷ কাৰাগাৰৰ পৰা ওলাই অহাৰ পাচতেই তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰি কয়, ‘আজি মই সিদ্ধান্ত লৈছো, জেএছপি আৰু টিডিপিয়ে একেলগে আগন্তুক বিধানসভা নিৰ্বাচনত অৱৰ্তীণ হ’ব । আমি অকলে ৱাই এছ আৰ চি পিৰ বিৰুদ্ধে যুঁজিব নোৱাৰো ।''
অভিনেতা-ৰাজনীতিবিদগৰাকীয়ে আৰু কয় যে, জগনৰ প্ৰশাসন ভাল হ’লে মোৰ, বালকৃষ্ণ আৰু লোকেশৰ ৰাজনৈতিকভাৱে লগ পোৱাৰ কোনো প্ৰয়োজন নাথাকিলহেঁতেন ৷ চন্দ্ৰবাবুৰ গ্ৰেপ্তাৰ ৰাজনৈতিক প্ৰতিশোধৰ বাহিৰে আন একো নহয় ৷ অবৈধ গোচৰ লৈ চন্দ্ৰবাবুক জেললৈ প্ৰেৰণ কৰাটো দুখৰ বিষয় ৷ ৰাজনৈতিকভাৱে আমাৰ সাক্ষাৎ অতি গুৰুত্বপূৰ্ণ আছিল ৷ অৰাজকতাৰ অন্ত পেলোৱাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ সময় আহি পৰিছে আৰু সেয়ে আমি ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ সাজু হৈছো ৷
উল্লেখ্য যে, অন্ধ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে থকা সময়ত ৰাজ্যখনৰ দক্ষতা বিকাশৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ৯ ছেপ্টেম্বৰত চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰা হয় ৷ নাইডুক গ্ৰেপ্তাৰ কৰাৰ পাচত পৱন কল্যাণে টিডিপিৰ মুৰব্বীৰ সমৰ্থনত থিয় দিয়ে আৰু শাসকীয় ৱাইএছআৰচিপিক সমালোচনা কৰে । তেলেগু দেশম পাৰ্টি আৰু জনসেনা দলে একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লোৱাৰ পাচত বিজেপিয়ে ইয়াত যোগদান কৰাৰ আশা কৰা হৈছে ৷