ETV Bharat / bharat

Pakistani Refugee Given Indian Citizenship : ৰাজস্থানত ৩ পাকিস্তানী শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদান - Jailsalmer DC

জয়চেলমাৰ জিলাৰ উপায়ুক্ত টিনা ডাবিয়ে পাকিস্তানী প্ৰব্ৰজনকাৰীকেইগৰাকীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে । ভাৰতৰ নাগৰিকত্ব লাভ কৰাৰ পিছত তেওঁলোকৰ মুখত হাঁহি বিৰিঙি উঠে । লগতে জিলা প্ৰশাসনক ধন্যবাদ জনায় ।

Pakistani Refugee Given Indian Citizenship

author img

By

Published : Jun 21, 2023, 2:16 PM IST

নিউজ ডেস্ক, ২১ জুন : বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ দৰে দেশত নিৰ্যাতনৰ বলি হৈ ভাৰতত শৰণাৰ্থী হিচাপে থকা বা ভাৰতলৈ প্ৰব্ৰজন কৰিব বিচৰা হিন্দু, শিখ, পাৰ্চী আদি ধৰ্মৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰই নাগৰিকত্ব আইন সংশোধন কৰে । ইতিমধ্যে এই নাগৰিকত্ব সংশোধনী আইনৰ আওতাত তেনে ধৰণৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে । এইবাৰ ৰাজস্থানত তিনিগৰাকী পাকিস্তানৰ শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয় ।

ৰাজস্থানৰ জয়ছেলমাৰ জিলাৰ উপায়ুক্ত টিনা ডাবিয়ে পাকিস্তানী প্ৰব্ৰজনকাৰীকেইগৰাকীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে । ইফালে ভাৰতত শৰণাৰ্থী হিচাপে থকা পাকিস্তানী নাগৰিক তিনিগৰাকীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পিছত তেওঁলোকৰ মুখমণ্ডলত এক সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠে । লগতে তেওঁলোকে জিলা প্ৰশাসনক ধন্যবাদ জনায় ।

উল্লেখ্য, জয়চেলমাৰ জিলাৰ উপায়ুক্তই তেওঁলোকক ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত বক্তব্য ৰাখি জিলা উপায়ুক্ত ডাবিয়ে সকলোকে অভিনন্দন জনায় আৰু কয় যে জিলা প্ৰশাসন তেওঁলোকৰ সুবিধাৰ বাবে কাম কৰিবলৈ সদায় সাজু । উল্লেখযোগ্য যে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পিছত তেওঁলোকে এতিয়া বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ।

উপায়ুক্তগৰাকীয়ে কয় যে পাকিস্তানী প্ৰব্ৰজনকাৰীসকলক সহায় কৰিবলৈ জিলা প্ৰশাসনৰ দ্বাৰা সকলো প্ৰচেষ্টা চলোৱা হ'ব । এই দিনটো স্মৰণীয় বুলি অভিহিত কৰি তেওঁ জিলা প্ৰশাসনে বিভিন্ন পৰ্যায়ত আগবঢ়োৱা সহায়ৰ বিষয়েও অৱগত কৰে । জিলা উপায়ুক্তৰ দ্বাৰা নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ লাভ কৰাৰ পিছত পাকিস্তানী প্ৰব্ৰজনকাৰীসকল আনন্দিত হৈ পৰে আৰু তেওঁলোকে জিলা প্ৰশাসনক ধন্যবাদ জনায় ।

তেওঁলোকে কয় যে এইটো তেওঁলোকৰ বাবে এক নৱজন্মৰ দৰে । এতিয়া তেওঁলোকে স্বস্তিৰ নিশ্বাস পেলাব পাৰিব আৰু লগতে চৰকাৰে সময়ে সময়ে প্ৰদান কৰা আঁচনিসমূহৰ লাভ গ্ৰহণ কৰিব পাৰিব । উল্লেখ্য যে জিলা প্ৰশাসনে চাডোৰিবাই চাত্তাৰ আৰু হুৰ্মীক আনুষ্ঠানিকভাৱে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰে । অনুষ্ঠানটোত অতিৰিক্ত জিলা উপায়ুক্ত গোপল্লাল স্বৰ্ণকাৰ, ফ্ৰণ্টিয়াৰ হিন্দু সংগঠনৰ হিন্দু সিং সোধা আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :Religion Conversion Jihad : ধৰ্মান্তৰকৰণ জিহাদত থানেৰ পৰা নিৰুদ্দেশ ৫৩৫ মহিলা; বিজেপি নেতা আশিস শ্বেলাৰৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.