ETV Bharat / bharat

পুলৱামাত পুনৰ নিৰাপত্তাৰক্ষীৰ সৈতে উগ্ৰপন্থীৰ সংঘৰ্ষ, নিহত 2 - উগ্ৰপন্থী

জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তাবাহিনীৰ সৈতে হোৱা গুলীচালনাত দুজন অচিনাক্ত সন্ত্ৰাসবাদী (unidentified militants ) নিহত হৈছে ৷ নিৰাপত্তা বাহিনীৰ বিশেষ তালাচী অভিযান(special search operation)ৰ ফলত হোৱা সংঘৰ্ষৰ পৰিণতিত এই ঘটনা সংঘটিত হয় ৷

j-and-k-two-militants-killed-during-pulwama-gunfight
পুলৱামাত পুনৰ নিৰাপত্তাৰক্ষীৰ সৈতে উগ্ৰপন্থীৰ সংঘৰ্ষঃ নিহত 2
author img

By

Published : Jul 31, 2021, 1:53 PM IST

নেচনেল ডেস্ক, 31 জুলাই : শনিবাৰে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তাবাহিনীৰ সৈতে হোৱা গুলীচালনাত দুজন অচিনাক্ত সন্ত্ৰাসবাদী (unidentified militants ) নিহত হৈছে ৷ আৰক্ষী সূত্ৰই ইতিমধ্যে এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে । ''দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ মাৰ্চাৰ অঞ্চলত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত দুজন অচিনাক্ত উগ্ৰপন্থী নিহত হৈছে। এই সংক্ৰান্তীয় অভিযান এতিয়াও চলি আছে," জম্মু আৰু কাশ্মীৰৰ আৰক্ষীৰ এজন মুখপাত্ৰই (Jammu and Kashmir Police spokesman) কয় ।

আৰক্ষীৰ মুখপাত্ৰ গৰাকীয়ে কয় যে, অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতি(militant activities )ৰ বিষয়ে তথ্য লাভ কৰে আৰক্ষীয়ে ৷ ইয়াৰ পিছত শনিবাৰে পুৱা নিৰাপত্তা বাহিনী (security forces)ৰ দ্বাৰা এটা বেষ্টনী তৈয়াৰ কৰা হয় ৷ এই বাহিনীটোৰ দ্বাৰা সন্ত্ৰাসবাদীৰ উপস্থিতি থকা বুলি সম্ভেদ লাভ কৰা অঞ্চলত অনুসন্ধান অভিযান আৰম্ভ কৰা হয় ।

আৰক্ষীৰ মুখপাত্ৰ গৰাকীয়ে অৱগত কৰা মতে, তালাচী অভিযানৰ সময়তে সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা কৰে ৷ ইয়াৰ পিছতে নিৰাপত্তা বাহিনীৰ বিশেষ তালাচী অভিযান(special search operation) বন্দুক যুদ্ধ( gunfight)লৈ ৰূপান্তৰিত হয় ৷ এই যুদ্ধৰ সঠিক প্ৰত্যুত্তৰ অভিযানকাৰী দলটোৱে দিয়া বুলিও মন্তব্য কৰে আৰক্ষীৰ মুখপাত্ৰগৰাকীয়ে ৷

লগতে পঢ়ক : অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীৰ এজাহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.