ETV Bharat / bharat

ITLF slams Manipur Govt : জাতিগত হিংসাত মেইটেইসকলক মণিপুৰ চৰকাৰে সহযোগ কৰাৰ অভিযোগ আইটিএলএফৰ - Manipur govt

জাতিগত হিংসাত মেইটেইসকলক সহযোগ কৰিছে মণিপুৰ চৰকাৰে । এই অভিযোগ ইণ্ডিজেনাছ ট্ৰাইবেল লিডাৰ্ছ ফ'ৰামৰ । মেইটেইৰ সৈতে সহাবস্থান এক অসম্ভৱ প্ৰস্তাৱ ।

ITLF slams Manipur Govt
মেইটেইসকলক মণিপুৰ চৰকাৰে সহযোগ কৰাৰ অভিযোগ আইটিএলএফৰ
author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 6:21 PM IST

নেশ্যনেল ডেস্ক,৯ অক্টোবৰ : ইণ্ডিজেনাছ ট্ৰাইবেল লিডাৰ্ছ ফ'ৰামে সোমবাৰে মণিপুৰৰ কুকি-জো সম্প্ৰদায়ৰ বাবে পৃথক প্ৰশাসনৰ দাবী কৰি কয় যে মেইটেইৰ সৈতে সহাবস্থান এক অসম্ভৱ প্ৰস্তাৱ ।

আইটিএলএফৰ মুখপাত্ৰ গিঞ্জা ভুলজঙে কয় যে ন্যায়ৰ নিৰ্বাচিত প্ৰয়োগে তেওঁলোকৰ পৃথক প্ৰশাসনৰ দাবীক অধিক শক্তিশালী কৰে । আইটিএলএফে পৃথক প্ৰশাসনৰ পুনৰ আহ্বান জনাইছে । তেওঁ অভিযোগ কৰা মতে মেইটেইসকলে তেওঁলোকক উপত্যকাৰ পৰা বিতাড়িত কৰিছে আৰু হিংসাৰ সন্মুখীন হৈছে লগতে তেওঁলোকৰ গাঁওবোৰত আক্ৰমণ কৰিছে । সেয়ে সেই মেইটেইসকলৰ সৈতে একলগে থকাৰ প্ৰস্তাৱ অসম্ভৱ বুলি তেওঁ দাবী কৰে ।

তেওঁ দাবী কৰা মতে মণিপুৰ চৰকাৰৰ সহযোগে মেইটইসকলক আইন হাতত তুলি ল'বলৈ উৎসাহিত কৰিছে । তেওঁৰ মতে ৬,০০০ তকৈও অধিক অত্যাধুনিক অস্ত্ৰ আৰু ৫ লাখ ৰাউণ্ডতকৈও অধিক গোলাবাৰুদ আৰামবাই টেংগোল আৰু মেইটেই লীপুনৰ হাতত বিনামূলীয়াকৈ স্থানান্তৰ কৰাটোৱে কুকি-জো সম্প্ৰদায়ৰ বিৰুদ্ধে আক্ৰমণত অধিক ইন্ধন যোগাইছে ।

আইটিএলএফয়ে কুকি-জো সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিক জীৱন্তে জ্বলাই দিয়াৰ ঘটনাটোক তীব্ৰ গৰিহণা দিয়ে । দেওবাৰে পোহৰলৈ অহা ভিডিঅ'টোত দেখা গৈছে যে ক'লা টি-চাৰ্ট আৰু পেণ্ট পিন্ধা এগৰাকী ব্যক্তিক জীৱন্তে জ্বলাই দিয়া হৈছে ৷ আনহাতে ভিডিঅ'টোত লোকসকলে মেইটেই ভাষাত কথা বতৰা পাতি আছিল বুলি গিঞ্জা ভুলজঙে অভিযোগ কৰে ।

এই ভিডিঅ'টো সংখ্যাগৰিষ্ঠ মেইটেইৰ দ্বাৰা কুকি-জো সম্প্ৰদায়ৰ ওপৰত জাতিগত হিংসাৰ প্ৰমাণ বুলিও তেওঁ উল্লেখ কৰে । তেওঁ অভিযোগ কৰা মতে মণিপুৰ চৰকাৰে এই জঘন্য অপৰাধবোৰ সমাধান কৰাত ব্যৰ্থ হোৱাটোৱে ইয়াৰ পক্ষপাতিত্ব আৰু বিষয়টো এৰাই চলাৰ দৃষ্টিভংগীক সূচায় ।

লগতে পঢ়ক :Manipur violence : মণিপুৰৰ মন্ত্ৰীৰ বাসগৃহৰ সন্মুখত বোমা বিস্ফোৰণ, সাধাৰণ নাগৰিকসহ ২ গৰাকী আহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.