ETV Bharat / bharat

ISRO ই উৎক্ষেপণ কৰিলে আৰ এইচ-৫৬০ ৰকেট

author img

By

Published : Mar 13, 2021, 6:02 PM IST

নিৰপেক্ষ বতাহ আৰু প্লাজমা গতিশীলতাৰ ব্যৱহাৰিক তাৰতম্য অধ্যয়ন কৰিবলৈ ISRO ই উৎক্ষেপণ কৰিলে আৰ এইচ-৫৬০ ৰকেট । শুকুৰবাৰে শ্ৰীহৰিকোটা ৰেঞ্জৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা এই ৰকেট উৎক্ষেপণ কৰা হয় ।

ISROই উৎক্ষেপণ কৰিলে আৰ এইচ-৫৬০ ৰকেট
ISROই উৎক্ষেপণ কৰিলে আৰ এইচ-৫৬০ ৰকেট

নেশ্যনেল ডেস্ক,১৩ মাৰ্চ: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শুকুৰবাৰে শ্ৰীহৰিকোটা ৰেঞ্জৰ(এছডিএছচি) সতীশ ধৱন মহাকাশ কেন্দ্ৰ(এছডিএছচি)ৰ পৰা চাউণ্ডিং ৰকেট-আৰ এইচ-৫৬০ উৎক্ষেপণ কৰে । নিৰপেক্ষ বতাহ আৰু প্লাজমা গতিশীলতাৰ ব্যৱহাৰিক তাৰতম্য অধ্যয়ন কৰিবলৈ এই ৰকেট উৎক্ষেপণ কৰা হয় । শনিবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই টুইটযোগে এই কথা প্ৰকাশ কৰে ।

ISROই উৎক্ষেপণ কৰিলে আৰ এইচ-৫৬০ ৰকেট
ISROই উৎক্ষেপণ কৰিলে আৰ এইচ-৫৬০ ৰকেট

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মতে, এই চাউণ্ডিং ৰকেট হৈছে এটা বা দুটা পৰ্যায়ৰ প্ৰ'পেলেণ্ট ৰকেট, যি উচ্চ বায়ুমণ্ডলীয় অঞ্চলৰ অনুসন্ধান আৰু মহাকাশ গৱেষণাৰ বাবে ব্যৱহাৰ কৰা হয় । চাউণ্ডিং ৰকেটে উৎক্ষেপণ বাহন আৰু উপগ্ৰহত ব্যৱহাৰৰ উদ্দেশ্যে নতুন উপাদান বা উপ-প্ৰণালীৰ পৰীক্ষা কৰিবলৈ সহজ তথা সুলভ প্লেটফৰ্ম হিচাপেও কাম কৰে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ১৯৬৫ চনৰ পৰা থলুৱাভাৱে নিৰ্মিত চাউণ্ডিং ৰকেট উৎক্ষেপণ কৰা আৰম্ভ কৰিছিল ।

লগতে পঢ়ক: গুগল মেপত নতুন অত্যাধুনিক প্ৰযুক্তিৰ সংযোজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.