ETV Bharat / bharat

Israeli Police and Kerala links : ভাৰতৰ ক'ত প্ৰস্তুত হয় ইজৰাইলী আৰক্ষীৰ পোছাক ? - Israeli Police dress making in India

ইজৰাইল আৰক্ষী আৰু ভাৰতৰ কেৰালাৰ এখন চহৰৰ বিশেষ সম্পৰ্ক আছে । প্ৰায় ৮ বছৰ ধৰি ইজৰাইল আৰক্ষীৰ পোছাক একাংশ ভাৰতীয়ই প্ৰস্তুত কৰি আহিছে । যুদ্ধৰ মাজতো এই প্ৰক্ৰিয়া অব্যাহত আছে ।

Israeli Police and Kerala links
ভাৰতৰ ক'ত প্ৰস্তুত হয় ইজৰাইলী আৰক্ষীৰ পোছাক
author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 2:20 PM IST

নেশ্যনেল ডেস্ক,১৯ অক্টোবৰ : ইজৰাইলত হামাছৰ আক্ৰমণক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । ভাৰতৰ ৰাজনৈতিক দল আৰু নেতাসকলেও বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কিন্তু তাৰ মাজতে ভাৰতৰ উত্তৰ কেৰালাৰ এখন বিশেষ চহৰৰ একাংশ লোকে অহৰহ ইজৰাইলৰ বাবে নিষ্ঠাৰে কাম কৰি আছে । হামাছৰ আক্ৰমণৰ আগত আৰু পাছতো লোকসকলে কাম কৰি গৈছে ।

উল্লেখ্য যে কান্নুৰৰ এটা স্থানীয় পোছাক প্ৰস্তুতকাৰী গ্ৰুপৰ শ শ দৰ্জীয়ে যোৱা ৮ বছৰ ধৰি ইজৰাইল আৰক্ষী বাহিনীৰ বাবে ইউনিফৰ্মৰ চাৰ্টবোৰ প্ৰস্তুত কৰি আহিছে । ৰাজনৈতিকভাৱে চৰ্চাত থকা কান্নুৰ হস্ততাঁত নিৰ্মাণ আৰু বস্ত্ৰ শিল্পৰ ৰপ্তানিৰ গৌৰৱময় পৰম্পৰাৰ বাবেও জনাজাত । ইজৰাইল আৰক্ষী বাহিনীৰ সুন্দৰ পাতল নীলা, দীঘল হাতৰ ইউনিফৰ্ম চাৰ্টৰ আঁৰত আছে জিলাখনৰ মাৰিয়ান এপাৰেল প্ৰাইভেট লিমিটেডৰ দৰ্জী আৰু কৰ্মচাৰীসকল ।

কেৱল দুটা পকেট চাৰ্টবোৰেই নহয় প্ৰতিষ্ঠানটোৱে ট্ৰেডমাৰ্ক প্ৰতীকবোৰো ডিজাইন আৰু সংলগ্ন কৰে । মুম্বাইস্থিত কেৰালাৰ ব্যৱসায়ী থমাছ অলিকাল হৈছে পোছাক প্ৰস্তুতকাৰী গ্ৰুপটোৰ স্বত্বাধিকাৰী । বৰ্তমান প্ৰতিষ্ঠানটোত ১,৫০০ ৰো অধিক প্ৰশিক্ষিত কৰ্মচাৰী আছে । ইডুক্কি জিলাৰ থোডুপুজাৰ বাসিন্দা থমাছে এই সন্দৰ্ভত কয় যে যুদ্ধ আৰম্ভ হোৱাৰ পাছতো ইজৰাইল আৰক্ষীয়ে কোম্পানীটোৰ সৈতে যোগাযোগ ৰাখিছে আৰু অধিক ইউনিফৰ্মৰ বাবে অতিৰিক্ত অৰ্ডাৰ দিছে ।

তেওঁ কয় যে তেওঁলোকে এই বছৰৰ পৰা এক নতুন সামগ্ৰীৰ অৰ্ডাৰ দিছে আৰু প্ৰথমটো চালান ডিচেম্বৰৰ ভিতৰত কৰা হ'ব । ইজৰাইল আৰক্ষীৰ প্ৰশিক্ষণৰ বাবে কাৰ্গো পেণ্ট আৰু চাৰ্টৰ ইউনিফৰ্ম ছেট প্ৰস্তুত কৰাৰ বাবেও প্ৰতিষ্ঠানটোক অনুৰোধ জনাইছে । পোছাকৰ উৎপাদন চলি আছে আৰু নৱেম্বৰৰ শেষৰ ফালে বা ডিচেম্বৰৰ আৰম্ভণিৰ ভিতৰত চিলাই আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

থমাছ অলিকালৰ মতে তেওঁৰ প্ৰতিষ্ঠানে ইজৰাইল আৰক্ষীক বছৰি এক লাখ ইউনিফৰ্ম চাৰ্ট যোগান ধৰি আহিছে । তেওঁৰ মতে এয়া তেওঁলোকৰ বাবে গৌৰৱৰ বিষয় কিয়নো তেওঁলোকে ইজৰাইলৰ দৰে শীৰ্ষ শ্ৰেণীৰ আৰক্ষী বাহিনীৰ বাবে ইউনিফৰ্ম চাৰ্ট যোগান ধৰি আছে । ২০০৬ চনত চৰকাৰী কিনফ্ৰা পাৰ্কত আৰম্ভ কৰা এই প্ৰতিষ্ঠানটোৱে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশৰ সেনা জোৱান, আৰক্ষী কৰ্মী, নিৰাপত্তা বিষয়া আৰু স্বাস্থ্য সেৱাকৰ্মীৰ পোছাক প্ৰস্তুত কৰি আহিছে ।

লগতে স্কুল ইউনিফৰ্ম, চুপাৰমাৰ্কেট কৰ্মচাৰীৰ বাবে পোছাক, চিকিৎসকৰ কোট, কভাৰেল, কৰ্পোৰেট পোছাক আদি যোগান ধৰি আহিছে । বিডি খণ্ডৰ অৱনতিৰ ফলত নিবনুৱা হৈ পৰা স্থানীয় লোকসকলক নিযুক্তি প্ৰদান কৰাৰ বাবে কান্নুৰত পোছাক প্ৰস্তুতকাৰী এই প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছিল । স্বত্বাধিকাৰী থমাছে কয় যে তেওঁৰ প্ৰতিষ্ঠানটোৰ ইউনিফৰ্ম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিশেষ অভিজ্ঞতা আছিল যাৰ বাবে ইজৰাইল আৰক্ষীয়ে তেওঁৰ প্ৰতিষ্ঠানটোৰ কাষ চাপিছিল ।

ইজৰাইল আৰক্ষীৰ প্ৰতিনিধিসকল মুম্বাইলৈ আহিছিল আৰু এই চুক্তিৰ বিষয়ে আলোচনা কৰিছিল । পাছত তেওঁলোকে শীৰ্ষ বিষয়া, ডিজাইনাৰ আৰু মানদণ্ড নিয়ন্ত্ৰকৰ সৈতে তাত থকা কাৰখানাটো পৰিদৰ্শন কৰে । তেওঁলোক কেৰালাত প্ৰায় ১০ দিন আছিল । থমাছ অলিকালে কয় যে ইজৰাইলী বিষয়াসকল নিখুঁততাৰ ক্ষেত্ৰত সতৰ্ক আছিল । সম্পূৰ্ণ ফিট আৰু উন্নত মানৰ হ'লেহে তেওঁলোকে এই পোছাক ব্যৱহাৰ কৰে বুলি কয় থমাছে । প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী থমাছ অলিকালে চলিত যুদ্ধ অতি সোনকালে সমাপ্ত হোৱাটো বিচাৰিছে যাতে অঞ্চলটোত শান্তি পুনৰ ঘূৰি আহে ।

লগতে পঢ়ক :Hamas-Israel War: ইজৰাইল-হামাছৰ যুদ্ধত 18 জন সাংবাদিকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.