ETV Bharat / bharat

ISIS agents in UP: উত্তৰ প্ৰদেশত পাকিস্তানে মেলিছে চোৰাংচোৱা

author img

By

Published : Aug 2, 2023, 12:08 PM IST

উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে চলোৱা অভিযানত গ্ৰেপ্তাৰ 4 ISIS এজেণ্ট ৷ ধনৰ প্ৰলোভনেৰে পাকিস্তানে নিযুক্তি প্ৰদান কৰিছিল চোৰাংচোৱা সংস্থাটোত ৷ অযোধ্যা সম্বন্ধীয় তথ্য-পাতি যুগুত কৰিছিল বুলি জেৰাত প্ৰকাশ ৷ অধিক বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা ৷

ISIS agents in UP
অযোধ্যা সম্বন্ধীয় তথ্য বিচাৰি উত্তৰ প্ৰদেশত নিয়োগ ISIS এজেণ্ট

নেশ্যনেল ডেস্ক, 2 আগষ্ট : 2020 চনৰ পিছত পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIS য়ে উত্তৰ প্ৰদেশত নিজৰ সম্পূৰ্ণ ক্ষমতা নিক্ষেপ কৰা পৰিলক্ষিত হৈ আহিছে । উত্তৰ প্ৰদেশৰ বিশেষকৈ অযোধ্যাৰ ওচৰৰ জিলা গোণ্ডাৰ যুৱক-যুৱতীসকলক ধন আৰু ধুনীয়া ছোৱালীৰে প্ৰলোভিত কৰি নিজৰ এজেণ্ট হিচাপে গঢ়ি তোলাৰ এক অভিযান আৰম্ভ কৰা বুলিও সূত্ৰই জানিবলৈ দিয়ে । উল্লেখ কৰা প্ৰয়োজন যে, অযোধ্যাৰ পৰা 40 কিলোমিটাৰ দূৰত্বত অৱস্থিত গোণ্ডা জিলাত বিগত 15 দিনত 5 জনকৈ ISIS এজেণ্টক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এতিয়াও প্ৰায় এক ডজন নিৰাপত্তা সংস্থাৰ নজৰত আছে বুলি বিশেষ সূত্ৰযোগে জানিব পৰা গৈছে ।

এই অভিযানৰ জৰিয়তে ISIS য়ে উত্তৰ প্ৰদেশৰ পৰা কি তথ্য আহৰণ কৰিব বিচাৰিছে সেয়া জনাটো নিৰাপত্তা সংস্থাসমূহৰ বাবে বৰ্তমান এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে ৷ মুখ্যতঃ দুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন ISIS য়ে অযোধ্যাৰ ওচৰৰ জিলাসমূহক লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে বুলিও সূত্ৰই প্ৰকাশ কৰা তথ্যত প্ৰকাশ ।

জিলাখনৰ সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে চলোৱা অভিযানত উত্তৰ প্ৰদেশৰ যুৱক-যুৱতীসকলক ধন আৰু ছোৱালীৰ প্ৰতিশ্ৰুতি প্ৰদানেৰে বহু যুৱকক ISI ৰ সৈতে সংযোগ কৰিব বিচৰা ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল । এই পৰ্যন্ত গোণ্ডা আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহত প্ৰায় 25 জন আই এছ আই এজেণ্ট প্ৰস্তুত কৰা হৈছে আৰু তেওঁলোকৰ পৰা গোপনীয় তথ্য আৰু ফটো বিচৰা হৈছে বুলি জানিব পৰা গৈছে ।

সূত্ৰই জানিবলৈ দিয়া অনুসৰি, সন্ত্ৰাসবাদ বিৰোধী স্কোৱাড চমুকৈ এটিএছৰ জেৰাত ৰায়েছে নিজেই স্বীকাৰ কৰিছে যে, তেওঁ 10 জনতকৈ অধিক ল’ৰাক ISIS ৰ সৈতে সংযোগ কৰিছে । কেৱল ৰাইছেই নহয় তেওঁৰ দৰে ডজন ডজন মুছলমান ল’ৰাই ISIS ৰ এজেণ্ট হিচাপে কাম কৰি পাকিস্তানলৈ তথ্য প্ৰেৰণ কৰিছে বুলিও বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ।

এই তথ্য হোহৰলৈ অহাৰ পিচতে প্ৰশ্ন উত্থাপন হৈছে যে ISIS য়ে কিয় ইমান বৃহৎ পৰিসৰত নিজৰ এজেণ্টক গোণ্ডাত প্ৰস্তুত কৰিছে । সূত্ৰৰ পৰা জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা ISIS এজেণ্টৰ ৰাইছ আৰু আৰমানে সংস্থাটোক জনাইছে যে, বৰ্তমান তেওঁলোকক ঝান্সীৰ বাবিনাত থকা সামৰিক ছাউনীৰ ফটো তুলিবলৈ কোৱা হৈছিল, যাৰ বাবে তেওঁলোকে তালৈ গৈ ফটো এখন তুলি পঠিয়াইছিল ৷

কিন্তু আই এছ আইৰ প্ৰকৃত উদ্দেশ্য আছিল গোণ্ডাৰ পৰা 40 কিলোমিটাৰ দূৰত অৱস্থিত অযোধ্যাৰ খবৰ যুগুত কৰাটোহে । ইয়াৰ বাবে ISIS ৰ শীৰ্ষসকলে তেওঁলোকক অযোধ্যাৰ সৈতে জড়িত প্ৰতিটো তথ্য সুধিছিল বুলি জেৰাত জনায় ।

সূত্ৰ অনুসৰি গোণ্ডাৰ পৰা গ্ৰেপ্তাৰ কৰা আই এছ আই এজেণ্ট ৰাইছ, আৰমান, ছলমান আৰু মুকিমৰ মোবাইলৰ পৰা অযোধ্যাৰ বহু ঠাইৰ ফটো, ৰাম জন্মভূমিৰ গেট আৰু ৰুটৰ ফটো উদ্ধাৰ কৰা হৈছে । ইয়াৰ উপৰিও বহু সময়ত গুগল হিষ্ট্ৰীটো অযোধ্যাক বাৰাম্বাৰ খুচুৰা পৰিলক্ষিত হৈছে ।

ৰায়েছ আৰু ছলমানে সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডক জনোৱা মতে, তেওঁলোকক কোৱা হৈছে যে 2024 চনৰ মাৰ্চ মাহৰ ভিতৰত তেওঁলোকে অযোধ্যাত চলি থকা সকলো কাম-কাজৰ বিষয়ে পাকিস্তানক অৱগত কৰিব লাগিব ৷ যাৰ বাবে দুগুণ ধন দিয়া হ’ব । সূত্ৰ অনুসৰি ISIS য়ে 2024 চনৰ জানুৱাৰী মাহত ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে হ’বলগীয়া সকলো তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে, যাৰ বাবে ওচৰৰ গোণ্ডা জিলাত এজেণ্ট নিযুক্তি দিছে ।

উল্লেখ কৰা প্ৰয়োজন যে, অযোধ্যা বিবাদত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত অযোধ্যাত বা ইয়াৰ আশে-পাশে সন্ত্ৰাসবাদী সংগঠনৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ ঘটনা এয়াই প্ৰথম নহয় । তিনি বছৰ পূৰ্বে ২০২০ চনৰ 5 আগষ্টৰ দিনা প্ৰধানমন্ত্ৰীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ভূমি পূজন কৰিছিল । ইয়াৰ প্ৰায় 17 দিন পিছত 22 আগষ্টত অযোধ্যাৰ পৰা 90 কিলোমিটাৰ নিলগত বলৰামপুৰ জিলাত সন্ত্ৰাসবাদৰ ঘাটি স্থাপন কৰা সন্ত্ৰাসবাদী মহম্মদ মুস্তাকিমক দিল্লী আৰক্ষীৰ বিশেষ কোষে গ্ৰেপ্তাৰ কৰে ।

মুস্তাকিমে বলৰামপুৰৰ উত্তৰাউলাত থকা নিজৰ ঘৰত সন্ত্ৰাসবাদৰ ঘাটি স্থাপন কৰিছিল বুলি তদন্তযোগে পোহৰলৈ আহিছিল । মুস্তাকিমৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছিল বোমা নিৰ্মাণৰ সকলো সামগ্ৰী আৰু বিস্ফোৰক সামগ্ৰী । কেৱল এয়াই নহয় এবাৰ ঘৰৰ ওচৰৰ শ্মশানত বোমাটোৰ ডেমোও কৰিছিল বুলি জানিব পৰা গৈছিল ।

লগতে পঢ়ক : Communal clash in Haryana: মণিপুৰৰ পিচত জ্বলিছে হাৰিয়ানা, দোকান-ৰেষ্টুৰেণ্ট-ধৰ্মীয় গৃহত আক্ৰমণ দুৰ্বৃত্তৰ, নিহত 5

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.