ETV Bharat / bharat

Buxar Train Accident : বক্সাৰ ৰে'ল দুৰ্ঘটনাত ষড়যন্ত্ৰৰ সন্দেহ, উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 12:43 PM IST

বিহাৰৰ ৰঘুনাথপুৰ ৰে'ল ষ্টেচনৰ সমীপত হোৱা ৰে'ল দুৰ্ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে । ৰে'লপথবোৰ বহু ঠাইত ভাঙি আছিল বুলি সন্দেহ কৰা হৈছে ।

Buxar Train Accident
বক্সাৰ ৰে'ল দুৰ্ঘটনাত ষড়যন্ত্ৰৰ সন্দেহ

নেশ্যনেল ডেস্ক,১২ অক্টোবৰ : বিহাৰৰ বক্সাৰত সংঘটিত দুৰ্ঘটনাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । বুধবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাক লৈ ৰহস্যৰো সৃষ্টি হৈছে । ৰে'ল বিভাগে এই দুৰ্ঘটনাৰ আঁৰত ষড়যন্ত্ৰৰ সন্দেহ কৰিছে । কিয়নো দুৰ্ঘটনাস্থলীৰ চাৰিওফালে ৰে'লপথবোৰ ভাগি থকা দেখা গৈছে । যাৰ বাবে পূব মধ্য ৰে'লৱেৰ মহাপ্ৰৱন্ধক তৰুণ প্ৰকাশে ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে । সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে ৰে'লৱেই এই দুৰ্ঘটনাৰ নিজাববীয়া তদন্তৰ ব্যৱস্থা কৰিছে । ৰে'ল বিভাগৰ তদন্তকাৰী দলে প্ৰথমে ইয়াৰ অনুসন্ধান কৰিব ।

দুৰ্ঘটনা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে দুৰ্ঘটনাৰ পাছতে ৰে'ল পুনৰুদ্ধাৰৰ বাবে দুয়োফালৰ পৰা ক্ৰেন অনা হৈছে । ৰে'লপথবোৰ শীঘ্ৰে ৰে'ল চলাচলৰ বাবে মুকলি কৰা হ'ব । তেওঁ লগতে উল্লেখ কৰা মতে দুৰ্ঘটনাটোৰ তদন্ত কৰিবলৈ আৰু প্ৰতিবেদন দাখিল কৰিবলৈ এক উচ্চ পৰ্যায়ৰ সমিতিৰ পোষকতা কৰা হৈছে । ৰে'ল বিভাগে এনে দুৰ্ঘটনাৰ নিজা তদন্ত কৰে । ৰে'লপথবোৰ ভগা হৈছিল নে কি, সেয়া তদন্তৰ প্ৰতিবেদন প্ৰকাশৰ পাছত হে জানিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে ।

পূব মধ্য ৰে'লৱেৰ মহাপ্ৰৱন্ধক তৰুণ প্ৰকাশে কয় যে ডিডিইউ তৰফৰ পৰা এখন ক্ৰেন তালৈ আহিছে । আনহাতে ৰে'ল পুনৰুদ্ধাৰৰ বাবে আন দুখন ক্ৰেনো অনা হৈছে । এই ক্ৰেনবোৰৰ সহায়ত ৰে'লখন পথলৈ অনাৰ চেষ্টা কৰা হ'ব । আনহাতে ক্ষতিগ্ৰস্ত ডবাবোৰ ৰে'লপথৰ সমীপত একাষৰীয়াকৈ ৰখা হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে আশা কৰে যে শীঘ্ৰে এই কাম সম্পূৰ্ণ হ'ব আৰু যাত্ৰীসকলৰ সুবিধাৰ্থে ৰে'ল চলাচলৰ ব্যৱস্থা কৰা হ'ব ।

উল্লেখ্য যে এই ৰে'ল দুৰ্ঘটনা ইমানে ভয়ংকৰ আছিল যে প্ৰায় ২০ টাকৈ ডবা লাইন লাইনচ্যুত হৈছিল । এই দুৰ্ঘটনাত ১০০ ৰো অধিক যাত্ৰী আহত হয় । দুৰ্ঘটনাটোত প্ৰায় ৪ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

লগতে পঢ়ক :Express Train Derailed in Buxar : বিহাৰৰ বক্সাৰত লাইনচ্যুত অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ , ৫ গৰাকী যাত্ৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.