ETV Bharat / bharat

আনন্দ মিশ্ৰৰ ওপৰত গধুৰ দায়িত্ব; নেতৃত্ব দিব মণিপুৰ হিংসাৰ বিশেষ তদন্তকাৰী গোটক - manipur violence probe

আই পি এছ বিষয়া আনন্দ মিশ্ৰক অতিৰিক্ত দায়িত্ব ৷ মণিপুৰ হিংসাৰ তদন্তকাৰী গোটৰ এটা শাখাৰ মুৰব্বী হিচাপে তেওঁক নিযুক্ত কৰা হৈছে ৷

SIT for Manipur violence
IPS Anand Mishra
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 7:52 PM IST

Updated : Dec 13, 2023, 2:50 PM IST

নিউজ ডেস্ক, 12 ডিচেম্বৰ: অসম কেডাৰৰ আই পি এছ বিষয়া তথা অসমৰ লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক অতিৰিক্ত দায়িত্ব প্ৰদান ৷ মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰা বিশেষ তদন্ত গোট (SIT) ৰ নেতৃত্ব বহন কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছে আনন্দ মিশ্ৰক ৷

বৰ্তমান লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আই পি এছ বিষয়াগৰাকীয়ে এতিয়াৰে পৰা মণিপুৰ হিংসাৰ SIT তদন্তৰ নেতৃত্ব দিব ৷ সূত্ৰ অনুসৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতেই আনন্দ মিশ্ৰক SIT ৰ মুৰব্বী নিয়োগ কৰা হৈছে ৷ মিশ্ৰৰ উপৰিও অসম আৰক্ষীৰ আন এগৰাকী বিষয়া ৰণদ্বীপ কুমাৰ বৰুৱাও আছে এই SIT ত ৷ দুয়োকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে ৷

মহাৰাষ্ট্ৰৰ প্ৰাক্তন DGP দত্তাত্ৰেয় পাড়চালগিকাৰৰ নেতৃত্বত গঠিত হৈছে এই SIT । এই SIT ৰ ৫ টা গোটৰ ভিতৰত এটা গোটৰ বিষয়া হিচাপে আনন্দ মিশ্ৰক দায়িত্ব ৷ একেদৰেআন এটা গোটৰ দায়িত্ব APS বিষয়া ৰণদীপ বৰুৱাক দিয়া হৈছে । মণিপুৰৰ বিভিন্ন থানাত পঞ্জীয়নভুক্ত গোচৰ সমূহৰ তদন্ত পাচঁটা তদন্তকাৰী বিশেষ গোটে তদন্ত কৰিব ৷

উল্লেখ্য যে চলিত বৰ্ষৰ মে’ মাহৰ প্ৰথম ভাগতেই মণিপুৰত আৰম্ভ হৈছিল কুকি আৰু মেইটেইসকলৰ মাজত গোষ্ঠী সংঘৰ্ষ ৷ এই গোষ্ঠী সংঘৰ্ষৰ ফলত প্ৰায় ছমাহতকৈ অধিক কাল অশান্তজৰ্জৰ হৈ আছিল মণিপুৰ ৷ বৰ্তমানেও সেই হিংসাৰ অগ্নি সম্পূৰ্ণৰূপে নিৰ্বাপন হোৱা নাই ৷ চৰকাৰে হিংসা দূৰীকৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল যদিও কোনো কামত অহা নাছিল ৷ মণিপুৰবাসীয়ে জুই, ধোঁৱা, গুলী-বাৰুদৰ মাজত ভয়াৰ্ত হৈ জীৱন কটাই থাকিলেও কিন্তু মণিপুৰত উপস্থিত নহ’ল প্ৰধানমন্ত্ৰী মোদী ৷

মন কৰিবলগীয়া যে এই হিংসাৰ ফলত প্ৰায় 40000 লোক গৃহহাৰা হোৱাৰ বিপৰীতে 175 গৰাকী নিৰিহই প্ৰাণ হেৰুৱায়৷ এই হিংসাত আহত হৈছিল দুই সহস্ৰাধিক লোক ৷ প্ৰায় 5668 টা অগ্নি সংযোগৰ ঘটনাও সংঘটিত হৈছিল উত্তৰ-পূবৰ ৰাজ্যখনত ৷

উল্লেখ্য যে, আনন্দ মিশ্ৰ হৈছে অসমৰ অন্যতম এজন জনপ্ৰিয় আৰক্ষী বিষয়া ৷ লখিমপুৰৰ পূৰ্বে তেওঁ অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ সহকাৰী মহাপৰিদৰ্শক আছিল ৷ তাৰ পূৰ্বে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হৈ থকাৰ সময়চোৱাত জিলাখনৰ অপৰাধীৰ বাবে ত্ৰাস হৈ পৰিছিল আনন্দ মিশ্ৰ ৷ কিন্তু এগৰাকী ছাত্ৰনেতাক ড্ৰাগছ সৰবৰাহৰ অভিযোগত গুলীওৱাৰ বিতৰ্কত নাম সাঙোৰ খোৱাৰ পিচতেই তেওঁক বদলি কৰা হৈছিল ৷

লগতে পঢ়ক: Meitei extremist organisations: পাঁচ বছৰলৈ বে-আইনী ঘোষণা কেইবাটাও মেইটেই

Last Updated : Dec 13, 2023, 2:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.