ETV Bharat / bharat

আপোনাৰ পৰিয়ালৰ মন্দাৱস্থা প্ৰতিহত কৰিবলৈ পৰ্যাপ্ত সঞ্চয় কৰক

author img

By

Published : Sep 27, 2022, 7:15 PM IST

আমাৰ জীৱনৰ যিকোনো সমস্যা অনায়াসে অতিক্ৰম কৰিবলৈ এক সুস্থিৰ অৰ্থনৈতিক অৱস্থা থকাটো অতিকৈ গুৰুত্বপূৰ্ণ ৷ সেইবাবেই এই অসুবিধাৰ পৰা আমাৰ পৰিয়ালক প্ৰতিহত কৰিবলৈ আমি প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰাটো আমাৰ মুখ্য দায়িত্ব (Invest early and save enough ) ৷

Invest early and save enough to avert impact of recession on your family
আপোনাৰ পৰিয়ালৰ মন্দাৱস্থাৰ প্ৰতিহত কৰিবলৈ পৰ্যাপ্ত সঞ্চয় কৰক

নিউজ ডেস্ক, 27 ছেপ্টেম্বৰ: প্ৰতিটো পৰিয়ালে এক স্থিৰ আৰু সবল অৰ্থনৈতিক স্থিতি বিচাৰে ৷ কিন্তু টনকিয়াল অৰ্থনৈতিক ব্যৱস্থাৰ বাবে পৰিয়ালটোৱে কেনেকৈ পৰিকল্পনা কৰে সেই সন্দৰ্ভতো যথেষ্ট নিৰ্ভৰ কৰে (Invest early and save enough)৷ আমি জীৱনধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়, তেতিয়া ই আমাক লক্ষ্য প্ৰাপ্তিত সহায় কৰে (Save enough to avert impact of recession on your family) ৷

আমাৰ জীৱনৰ যিকোনো সমস্যা অনায়াসে অতিক্ৰম কৰিবলৈ এক সুস্থিৰ অৰ্থনৈতিক অৱস্থা থকাটো অতিকৈ গুৰুত্বপূৰ্ণ ৷ বিত্তীয় মন্দাৱস্থাৰ দৰে পৰিস্থিতিয়ে আমাৰ লক্ষ্য প্ৰাপ্তিত বিৰূপ প্ৰতিক্ৰিয়া পেলাব পাৰে ৷ সেইবাবেই এই অসুবিধাৰ পৰা আমাৰ পৰিয়ালক প্ৰতিহত কৰিবলৈ আমি প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰাটো আমাৰ মুখ্য দায়িত্ব ৷

শক্তিশালী বিত্তীয় অৱস্থাৰ বাবে আকাংক্ষিত এটা পৰিয়ালে ব্যয় নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগে ৷ সুস্থিৰ বিত্তীয় অৱস্থাৰ বাবে নিজ প্ৰাপ্য দৰমহাৰ পৰা এক-তৃতীয়াংশ দৰমহা সঞ্চয় আৰু বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিব লাগে ৷ সঞ্চয় কৰা অংশৰ বাকী থকা অংশহে ব্যয় কৰিব লাগে ৷ অৱশ্যে এটা পৰিয়ালৰ বাবে এইটো এটা প্ৰত্যাহ্বানমূলক কাৰ্য ৷

আপুনিও আপোনাৰ খৰচবোৰ ক্ৰমান্বয়ে তালিকাভুক্ত কৰা উচিত আৰু ইয়াৰ লগতে ক’ত অত্যাধিক ব্যয় হৈছে সেই দিশত গুৰুত্ব প্ৰদান কৰা উচিত ৷ এই প্ৰক্ৰিয়াই এটা পৰিয়ালৰ অপ্ৰয়োজনীয় খৰচ হ্ৰাস কৰাত সহায় কৰিব ৷ আমি আমাৰ বৰ্ধিত উপাৰ্জনৰ অনুপাতত আমাৰ সঞ্চয় বৃদ্ধি কৰা উচিত ৷

অৰ্থনৈতিক অৱস্থা সুস্থিৰ কৰিবলৈ আমি দীৰ্ঘম্যাদী বিনিয়োগ আৰম্ভ কৰিব লাগে ৷ সেইবাবে এটা পৰিয়ালে এক বিত্তীয় লক্ষ্য নিৰ্ধাৰণ কৰি সেই অনুসৰি পৰিকল্পনা কৰাটো অত্যন্ত দৰকাৰী ৷ উদাহৰণস্বৰূপে এগৰাকী 40 বছৰীয়া ব্যক্তিয়ে 70 ৰ পৰা 80 শতাংশ লৈকে বিনিয়োগ কৰিব পাৰে ।

বিশৰ পৰা ত্ৰিশ শতাংশ ঋণ পৰিকল্পনা আৰু পুঁজি জমা কৰিব পাৰে ৷ অৱশ্যে বৰ্ধিত বয়সৰ লগত এই অনুপাতো সলনি হয় ৷ ইফালে 60 বছৰীয়া এজন ব্যক্তিয়ে নিজ উপাৰ্জন অনুসৰি 30 ৰ পৰা 60 শতাংশলৈ হ্ৰাস হ'ব লাগে ৷ সন্তোলিত পুঁজি বাচনি কৰোঁতে আমি ঋণ-আধাৰিত আঁচনি আৰু বেংকৰ লগতে ডাকযোগে সঞ্চয়ৰ এক হিচাপ প্ৰস্তুত কৰা উচিত ৷ আনহাতে, এটা পৰিয়ালে সোণত 10 শতাংশতকৈ অধিক বিনিয়োগ কৰিব নালাগে ৷

এটা পৰিয়ালৰ যিকোনো কষ্ট লাঘৱ কৰিবলৈ পৰিয়ালটো আৰ্থিকভাৱে টনকিয়াল হ’ব লাগে ৷ ই কেৱল বীমাৰ দ্বাৰাহে সম্ভৱ ৷ প্ৰতিজন উপাৰ্জনকাৰীয়ে বাৰ্ষিক উপাৰ্জনৰ ২০ শতাংশ পৰ্যন্ত বীমা বাধ্যতামূলকভাৱে কৰিব লাগে ৷ যদি এজন লোকে বছৰি 5 লাখ টকা উপাৰ্জন কৰে তেন্তে তেওঁলোকে 1 কোটি টকা পৰ্যন্ত বীমা ল’ব লাগে ৷

লগতে এটা পৰিয়ালৰ বাবে 5 লাখ টকাৰ স্বাস্থ্য বীমাৰ প্ৰয়োজন ৷ এটা পৰিয়ালৰ বীমা থাকিলেও ব্যক্তিগত কভাৰ ল’ব লাগে ৷ অন্ততঃ এটা ছুপাৰ টপ আপ পলিচীৰ প্ৰয়োজন ৷ খৰচ নিয়ন্ত্ৰণ কৰি বিনিয়োগ কৰিবলৈ প্ৰবল ইচ্ছাশক্তিৰ দৰকাৰ ৷

অপ্ৰত্যাশিত আৰ্থিক অসুবিধাৰ সন্মুখীন হ’বলৈ আমাৰ লগত এক আকস্মিক পুঁজি সাজু থাকিব লাগে ৷ আপোনাৰ সঞ্চয়ৰ চতুৰ্থাংশ এই আকস্মিক পুঁজিত জমা কৰিব লাগে ৷ আমি সঞ্চয় কৰা প্ৰতি এশ টকাৰ ভিতৰত ২৫ টকা এই পুঁজিত জমা থ’ব লাগে ৷ বাকী ৭৫ টকা বিনিয়োগ কৰিব লাগে ৷

বৰ্তমানৰ পৰিস্থিতিত এটা পৰিয়ালে বছৰটোৰ বাবে যথেষ্ট আকস্মিক পুঁজি সাজু কৰিব লাগে ৷ একে সময়তে এই পুঁজি শেষ হ’লেও আমি অতি সোনকালে ইয়াক পুনৰ জমা কৰাৰ প্ৰচেষ্টা হাতত লোৱা উচিত ৷

লগতে পঢ়ক: মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮১.৫২ টকা হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.