ETV Bharat / bharat

আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱত অংশীদাৰ ৰাজ্য হিচাপে অসমৰ অংশগ্ৰহণ - ব্ৰহ্মসৰোৱৰ পুৰুষোত্তমপুৰা বাগ

হাৰিয়ানাত আয়োজিত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱত এইবাৰ অসমে অংশীদাৰ ৰাষ্ট্ৰ হিচাপে অংশগ্ৰহণ কৰিছে । অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে ৰাইজক অৱগত কৰিবলৈ নিৰ্মাণ কৰা হৈছে অসম মণ্ডপ । অসম মণ্ডপত পৰ্যটকসকলে অসমৰ জীৱনশৈলী, সংস্কৃতি আৰু লোকশিল্পক নিবিড়ভাৱে চোৱাৰ সুযোগ লাভ কৰিছে । (International Geeta Mahotsav 2023)

International gita mahotsav 2023 kurukshetra
আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱত অংশীদাৰ ৰাজ্য হিচাপে অসমৰ অংশগ্ৰহণ
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 12:25 PM IST

নিউজ ডেস্ক, ২০ ডিচেম্বৰ: হাৰিয়ানাৰ কুৰুক্ষেত্ৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱত অসমক অংশীদাৰ ৰাজ্য হিচাপে আমন্ত্ৰণ জনাইছে হাৰিয়ানা চৰকাৰে । অসমৰ সাংস্কৃতিক ঐতিহ্য পৰ্যটকসকলৰ আগত দাঙি ধৰাৰ লক্ষ্যৰে অসম চৰকাৰে ব্ৰহ্মসৰোৱৰ পুৰুষোত্তমপুৰা বাগত অসম মণ্ডপ নিৰ্মাণ কৰিছে ।

অসম মণ্ডপত কি আছে :

অসম মণ্ডপত অসমৰ সংস্কৃতি, লোকশিল্প, গ্ৰামাঞ্চলত বসবাস কৰা মানুহৰ জীৱনশৈলী, পৰম্পৰাগত ঘৰ, খাদ্য ইত্যাদি প্ৰদৰ্শন কৰা হৈছে । অসমৰ সংস্কৃতিত মুখাৰ বহু গুৰুত্ব আছে । মুখা শিল্পৰ জৰিয়তে ৰামায়ণ, মহাভাৰত আৰু ভগৱান শ্ৰীকৃষ্ণই শৈশৱত পুতনা বধৰ কাহিনী দেখুওৱা হৈছে । অসমৰ বিখ্যাত কামাখ্যা মন্দিৰৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰ বৰ্ণনা প্ৰদৰ্শনীস্থলীত ছবিৰ জৰিয়তে কৰা হৈছে । বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ছবিৰ মাধ্যমেৰে প্ৰদৰ্শন কৰা হৈছে । সম্প্ৰতি সমগ্ৰ অসম মণ্ডপটো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । মণ্ডপত স্থাপন কৰা মঞ্চত অসমৰ শিল্পীসকলে জনজাতীয় নৃত্য প্ৰদৰ্শন কৰে । পৰ্যটকসকলে অসমৰ শিল্পীসকলৰ প্ৰদৰ্শনৰ প্ৰতি অতিকৈ আকৰ্ষিত হৈছে বুলি জানিব পৰা হৈছে ।

অসমৰ কলা-সংস্কৃতিৰ লগত জড়িত বিপণী: মণ্ডপত অসমৰ কলা-সংস্কৃতিৰ লগত জড়িত বিভিন্ন ধৰণৰ বিপণী স্থাপন কৰা হৈছে ৷ অসমৰ পৰম্পৰাগত সাজ-পোছাকৰো বিপনী ইয়াত স্থাপন কৰা হৈছে ৷ মণ্ডপৰ এখন বিপণীৰ স্বত্বাধিকাৰী তথা অসমৰ বাসিন্দা মনালী চেতিয়াই তেওঁৰ বিপণীত অসমৰ পৰম্পৰাগত সাজ-পোছাকৰ লগতে অসমৰ চাদৰ-মেখেলা উপলব্ধ হোৱাৰ কথা জানিবলৈ দিয়ে । বিভিন্ন ধৰণৰ জেকেটো তেওঁ বিপণীত থকাৰ কথা জানিবলৈ দিয়ে ৷ চেতিয়াই হাৰিয়ানাত থাকি ৰাজ্যখনৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ পাই আপ্লুত হোৱাৰ কথা উল্লেখ কৰে । পৰ্যটকসকলৰ মাজত অসমৰ চাদৰ-মেখেলা আৰু গামোচাই যথেষ্ট সমাদৰ লাভ কৰিছে । ইয়াৰ উপৰিও মেটেকাৰ পৰা তৈয়াৰী লেপটপ বেগ, লেডিজ পাৰ্ছ, তামোল গছৰ পৰা তৈয়াৰী ডিচপ’জেবল প্লেটেও পৰ্যটকক আকৰ্ষণ কৰিছে ।

অসমৰ পৰম্পৰাগত খাদ্য: অসমৰ ৰত্না ৰয় নামৰ এগৰাকী মহিলাই অসম মণ্ডপত অসমৰ পৰম্পৰাগত খাদ্যৰ এখন বিপণী স্থাপন কৰিছে । ৰত্না ৰয়ে কয়, তিয়াই থোৱা চাউল পিহি তৈয়াৰ কৰা অসমৰ বিখ্যাত পিঠা পৰ্যটকসকলক আকৰ্ষিত কৰিছে । কেৱল গাখীৰ আৰু চাহপাতৰ পৰা প্ৰস্তুত কৰা অসমৰ বিখ্যাত চাহৰো সোৱাদ লৈছে পৰ্যটকসকলে । পৰ্যটকসকল বোকাখাতৰ খাদ্যৰ সৈতেও পৰিচিত হৈ পৰিছে ।

লগতে পঢ়ক: Assam Sanskritik Mahasangram: অসমৰ সংস্কৃতি ৰক্ষাক লৈ চিন্তিত সাংস্কৃতিক মন্ত্ৰী বিমল বড়া

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.