ETV Bharat / bharat

UP Assembly Election 2022 : কেইবাখনো জিলাত হিংসাত্মক কাৰ্য সংঘটিত হোৱাৰ সম্ভাৱনা

author img

By

Published : Mar 10, 2022, 11:30 AM IST

আজি উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন । চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ৰাজ্যখনৰ 17 খন জিলাত ফলাফল ঘোষণাৰ অন্তত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে (alert regarding violence in UP) ৷ বিশেষকৈ পশ্চিম উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাত এনেধৰণৰ বিক্ষিপ্তমূলক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা অধিক ৷ যাৰ ভিতৰত আছে কানপুৰ, আজমগড় আদি ।

intelligence-bureau-alert-regarding-violence-in-up-security-increased-in-west-up-including-kanpur-azamgarh
কেইবাখনো জিলাত হিংসাত্মক কাৰ্য সংঘটিতৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, 10 মাৰ্চ : আজি উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৷ ইতিমধ্যে ৰাজ্যখনত প্ৰায়বোৰ আসনতে আগবাঢ়ি আছে গেৰুৱা দল বিজেপি ৷ ৰাজ্যখনৰ 403 খন আসনৰ ভোটগণনা অব্যাহত আছে ।

ভোটগণনাৰ পূৰ্বে চোৰাংচোৱাৰ পৰা গৃহ বিভাগে লাভ কৰা তথ্য অনুসৰি, ৰাজ্যখনৰ 17 খন জিলাত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা (alert regarding violence in UP) আছে ৷ কানপুৰ, আজমগড়কে ধৰি পশ্চিম উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাত ফলাফল ঘোষণাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ আশংকা অধিক ৷ বিশেষকৈ পৰাজিত প্ৰাৰ্থীসকলৰ সমৰ্থকসকলে এনে ঘটনা সংঘটিত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ভোট গণনাত পিছ পৰি থকা প্ৰাৰ্থীসকলে নতুবা পৰাজিত প্ৰাৰ্থীসকলে উৰাবাতৰি বিয়পোৱাৰ ফলতে হিংসাত্মক ঘটনা সংঘটিত হ’ব পাৰে ৷ চোৰাংচোৱাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতে উত্তৰ প্ৰদেশৰ গৃহ বিভাগ আৰু উত্তৰ প্ৰদেশ আৰক্ষী সতৰ্ক হৈ আছে (Security increased in West UP) । ভোটগণনা কেন্দ্ৰসমূহৰ সমীপত মোতায়েন কৰা হৈছে বৃহৎ পৰিমাণৰ আৰক্ষী বাহিনী ।

ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানে প্ৰতিখন জিলাৰে আৰক্ষী অধীক্ষকসকলক যিকোনো পৰিস্থিতিতে ৰাজ্যখনৰ শান্তিপূৰ্ণ পৰিৱেশ অটুট ৰাখিবলৈ নিৰ্দেশ দিছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে আৰক্ষীক ৷ মোৰাদাবাদ, চাহাৰণপুৰ, সম্ভাল, মিৰাট, বিজনৌৰ, আজমগড়, কানপুৰ আৰু জৌনপুৰ জিলাত এই ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা অধিক বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷

লগতে চাওক: UP Assembly Election 2022 : উত্তৰ প্ৰদেশত অধিকাংশ আসনতে বিজেপিৰ অগ্ৰগতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.