ETV Bharat / bharat

Manipur Violence: ম্যানমাৰত আশ্ৰয় লৈছে মণিপুৰৰ বিদ্ৰোহীসকলে- আই বি প্ৰতিবেদন - Intelligence bureau Report

মণিপুৰৰ হিংসাত্মক ঘটনাৰ মাজতে চোৰাংচোৱা ব্যুৰো (আইবি)ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য ৷ দ্বিতীয় গ’ল্ডেন ট্ৰায়েংগললৈ পৰিণত হৈছে মণিপুৰ (Golden Triangle) ৷

Insurgents in Myanmar engaged in hit and run ops in Manipur: IB Report
ম্যানমাৰত আশ্ৰয় লৈছে মণিপুৰৰ বিদ্ৰোহীসকলে
author img

By

Published : Jun 10, 2023, 9:54 PM IST

নিউজ ডেস্ক, 10 জুন : মণিপুৰত এতিয়াও শাম কটা নাই পৰিস্থিতি (ongoing violence in Manipur) ৷ মণিপুৰত চলি থকা হিংসাত্মক ঘটনাৰ মাজতে চোৰাংচোৱা ব্যুৰো (আইবি)ৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি মণিপুৰৰ বিদ্ৰোহীসকলে ম্যানমাৰত আশ্ৰয় লৈছে (hit and run ops in Manipur)৷ সম্প্ৰতি ম্যানমাৰৰ পৰাই হিট এণ্ড ৰাণ অভিযানত নিয়োজিত হৈ আছে বিদ্ৰোহীসকল (Intelligence bureau Report)৷

আইবিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ম্যানমাৰ আৰু মণিপুৰৰ সুৰক্ষিত সীমান্তই উগ্ৰপন্থীসকলক তেওঁলোকৰ অভিযান সম্পূৰ্ণ কৰাত সহায় কৰিছে। ভাৰত আৰু ম্যানমাৰৰ মাজত ১৬০০ কিলোমিটাৰৰো দীঘলীয়া সীমা আছে। অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামকে ধৰি চাৰিখন উত্তৰ-পূব ৰাজ্যই ম্যানমাৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে।

ম্যানমাৰৰ সহায়ত মণিপুৰৰ বিদ্ৰোহীসকলে ভাৰতত তেওঁলোকৰ ব্যৱসায় ভালদৰে চলাবলৈ সক্ষম হৈছে। সুৰক্ষিত সীমান্তই বিদ্ৰোহীসকলক নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰা, আক্ৰমণৰ পিচত সুৰক্ষিতভাৱে পলায়ন কৰা, আক্ৰমণৰ বাবে প্ৰয়োজন হোৱা অস্ত্ৰ আৰু গ্ৰেনেড চোৰাংভাৱে সৰবৰাহ কৰা, ফোনত লোকক ভাবুকি দিয়া, সাধাৰণ লোকক অপহৰণ কৰাকে ধৰি সকলো পৰিকল্পনা সম্পাদনা কৰাৰ সুবিধা প্ৰদান কৰে ৷

লগতে প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে সীমান্তত চলি অহা চোৰাং ব্যৱসায়, ড্ৰাগছ, মানুহ, শিল্পকলা, নকল ভাৰতীয় মুদ্ৰা নোট (এফআইচিএন), অবৈধ অনুপ্ৰৱেশকাৰী, বন্যপ্ৰাণী সৰবৰাহ আৰু অবৈধ সামগ্ৰীৰ সৰবৰাহে এতিয়া নিৰাপত্তা সংস্থাসমূহৰ নিদ্ৰা হৰিছে (IB report on Manipur) ৷ মণিপুৰত জাতিগত সংঘৰ্ষ আৰু ম্যানমাৰৰ বিচ্ছিন্নতাবাদী আন্দোলনে সীমান্তত পৰিৱৰ্তনশীল জনগাঁথনিৰ আলেখ্যত অৰিহণা যোগাইছে আৰু মণিপুৰৰ সীমান্তৱৰ্তী জিলাসমূহত অবৈধ প্ৰব্ৰজনৰ ফলত সম্প্ৰদায়সমূহৰ জাতিগত ভাৰসাম্যৰ পৰিৱৰ্তন হৈছে (Manipur drug smuggling)৷

মণিপুৰ আৰু ম্যানমাৰ সীমান্তৰ লগতে অৱস্থিত গ’ল্ডেন ট্ৰায়েংগল (Golden Triangle) ৷ গ’ল্ডেন ট্ৰায়েংগলত ম্যানমাৰ, লাওছ আৰু থাইলেণ্ডৰ কেইবাটাও অঞ্চল অন্তৰ্ভুক্ত আছে ৷ এই অঞ্চল নিচাজাতীয় দ্ৰব্যৰ খেতি আৰু উৎপাদনৰ বাবে জনাজাত ৷

আফিম, হেৰ’ইন, মেথাম্ফেটামিন, ডব্লিউ ৱাই (য়াবা) টেবলেট আৰু বহুতো ড্ৰাগছ ম্যানমাৰৰ পৰা উত্তৰ-পূবলৈ চোৰাংভাৱে অনা হয়।গ’ল্ডেন ট্ৰায়েংগলৰ শেহতীয়া পৰিৱৰ্তনৰ পিচত, নিচাজাতীয় ঔষধৰ খেতিৰ বাবে নতুন অঞ্চল হিচাপে পৰিগণিত হৈছে মণিপুৰ ৷ মণিপুৰৰ জলবায়ু, ভৌগোলিক অৱস্থা আৰু নিৰাপত্তা গ’ল্ডেন ট্ৰায়েংগলৰ উপযুক্ত বিকল্প হিচাপে পোৱা গৈছে ৷

এতিয়া ভাৰতত, বিশেষকৈ মণিপুৰৰ সীমান্ত অঞ্চলত অবৈধভাৱে ড্ৰাগছৰ খেতি কৰা হয় আৰু তেওঁলোকে বাণিজ্যৰ বাবে একেটা পথ ব্যৱহাৰ কৰে ৷ সস্তীয়া এফেড্ৰিন আৰু ছ্যুডোফেড্ৰিন আধাৰিত চৰ্দি প্ৰতিৰোধী ঔষধ উত্তৰ ভাৰতৰ পৰা ম্যানমাৰলৈ মোৰেহৰ জৰিয়তে সৰবৰাহ কৰা হয়।

প্ৰতিবেদনখনত সমগ্ৰ ভাৰত আৰু বাংলাদেশত বিক্ৰী কৰাৰ বাবে মেথাম্ফেটামিন সুৰক্ষিত সীমান্তৰ মাজেৰে সৰবৰাহ কৰা হয় বুলি উদ্বেগজনক তথ্য প্ৰকাশ হৈছে ৷

লগতে পঢ়ক: Manipur violence: মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.