নিউজ ডেস্ক, ৯ মে' : আঘাতপ্ৰাপ্ত ভাৰতীয় পৰ্বতাৰোহী অনুৰাগ মালুৰ পৰিয়ালে তেওঁক উন্নত চিকিৎসাৰ বাবে নেপালৰ পৰা নতুন দিল্লীলৈ স্থানান্তৰৰ পৰিকল্পনা কৰি আছে (Anurag Maloo to be flown to Delhi) । উল্লেখ্য, তেওঁৰ শৰীৰত সংক্ৰমণ বিয়পি আছে । পৰ্বতাৰোহীগৰাকীৰ এজন আত্মীয় আৰু অভিযান কোম্পানীটোৰ এজন বিষয়াই মঙলবাৰে এই কথা প্ৰকাশ কৰে । ৰাজস্থানৰ কিষাণগড়ৰ বাসিন্দা ৩৪ বছৰীয়া অনুৰাগ এপ্ৰিলৰ মাজভাগত তৃতীয় শিবিৰৰ পৰা নামি অহাৰ সময়ত প্ৰায় ৬,০০০ মিটাৰ উচ্চতাৰ পৰা পৰি নিৰুদ্দেশ হৈছিল (missing mountaineer Anurag Maloo) ।
অন্নপূৰ্ণা পৰ্বত হৈছে পৃথিৱীৰ দশম সৰ্বোচ্চ পৰ্বত । উদ্ধাৰকাৰীৰ এটা দলে তিনিদিন ধৰি নিৰন্তৰ অনুসন্ধান চলোৱাৰ পিছত ২০ এপ্ৰিলত প্ৰায় ৫৮০০ মিটাৰ উচ্চতাত তেওঁক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় (Indian mountaineer Anurag Maloo) । উদ্ধাৰৰ পিছত তেওঁক ততাতৈয়াকৈ পোখৰাৰ মণিপাল চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাৰ পিছত উন্নত চিকিৎসাৰ বাবে কাঠমাণ্ডুলৈ লৈ যোৱা হয় (10th highest mountain Mount Annapurna) । অনুৰাগৰ সম্পৰ্কীয় ভাতৃ সুধীৰে পিটিআইক জনোৱা মতে, পৰিয়ালটোৱে তেওঁৰ অধিক উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীলৈ আনিবলৈ পৰিকল্পনা কৰি আছে । কিন্তু সকলো ব্যৱস্থা সম্পূৰ্ণ নোহোৱালৈকে একো ক'ব পৰা অৱস্থাত নাই ।
তেওঁৰ সংক্ৰমণ বিয়পি পৰিছে আৰু উন্নত চিকিৎসাৰ প্ৰয়োজন । সেয়েহে তেওঁক সোনকালেই দিল্লীলৈ লৈ যোৱা হ'ব । ছেভেন ছামিট ট্ৰেকৰ এজন বিষয়া তথা উক্ত অভিযানৰ আয়োজকৰ এক অংশ অনুৰাগে এইদৰে কয় । বিষয়াজনে অৱশ্যে লগতে কয় যে ভাৰতীয় পৰ্বতাৰোহীজনক কেতিয়া কাঠমাণ্ডু চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ'ব আৰু নতুন দিল্লীলৈ উৰা মাৰিব সেই বিষয়ে তেওঁৰ ওচৰত কোনো তথ্য নাই ।
উল্লেখ্য, ইয়াৰ পূৰ্বে চিকিৎসকসকলে কৈছিল যে তেওঁৰ স্বাস্থ্য ক্ৰমান্বয়ে উন্নত হৈ আছে যদিও তেওঁৰ অৱস্থা বিপজ্জনক হৈয়ে আছে । অনুৰাগ বৰ্তমানো কাঠমাণ্ডুৰ আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়সমূহৰ ভিতৰত অন্যতম মেডিচিটি হস্পিটেলৰ ইনটেনচিভ কেয়াৰ ইউনিটত ভেণ্টিলেটৰৰ সহায়ত আছে । তেওঁ ৮,০০০ মিটাৰ উচ্চতাৰ ওপৰৰ ১৪ টা শৃংগৰ সকলোকেইটা আৰু সাতখন মহাদেশৰ সাতটা সৰ্বোচ্চ শৃংগ আৰোহণ কৰাৰ অভিযানত আছিল । ইয়াৰ উদ্দেশ্য আছিল ৰাষ্ট্ৰসংঘৰ গোলকীয় লক্ষ্যত উপনীত হোৱাৰ দিশত পদক্ষেপ গ্ৰহণৰ বাবে সজাগতা সৃষ্টি কৰা । তেওঁক ৰেক্স কৰম বীৰ চক্ৰ বঁটা (REX Karam Veer Chakra to Anurag Maloo) প্ৰদান কৰা হৈছে আৰু ভাৰতৰ পৰা ২০৪১ চনৰ এণ্টাৰ্কটিক যুৱ ৰাষ্ট্ৰদূত হৈছিল ।
লগতে পঢ়ক :Bus accident in MP Khargone : মধ্য প্ৰদেশত দলঙৰ পৰা সৰি পৰিল বাছ, ২২ যাত্ৰীৰ মৃত্যু