ETV Bharat / bharat

Kupwara encounter: উত্তৰ কাশ্মীৰৰ কুপৱাৰাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত পাঁচ সন্ত্ৰাসবাদী - Kashmir encounter news

কুপৱাৰাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলী ৷ শ্ৰীনগৰস্থিত চিনাৰ কৰ্পছৰ এগৰাকী মুখপাত্ৰই এক্সত প্ৰকাশ কৰা মতে “ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই আৰম্ভ কৰা এক যৌথ অভিযানত নিহত হৈছে পাঁচ সন্ত্ৰাসবাদী ।’’

Infiltration bid foiled in Kupwara
Kupwara encounter
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 6:35 PM IST

নিউজ ডেস্ক, 26 অক্টোবৰ: জম্মু-কাশ্মীৰৰ উত্তৰ কাশ্মীৰৰ অন্তৰ্গত কুপৱাৰা জিলাত বৃহস্পতিবাৰে নিৰাপত্তা বাহিনীয়ে নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশৰ চেষ্টা কৰা পাঁচটা লস্কৰ উগ্ৰপন্থীক হত্যা কৰা বুলি দাবী কৰে । এই বিষয়ে নিশ্চিত কৰি শ্ৰীনগৰস্থিত চিনাৰ কৰ্পছৰ এগৰাকী মুখপাত্ৰই X ত লিখিছে, “২৬ অক্টোবৰত ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই আৰম্ভ কৰা এক যৌথ অভিযানত কুপৱাৰা খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ কৰা হৈছে ৷ সৈন্যসকলক সতৰ্ক কৰি দিয়া হৈছে আৰু অভিযান চলি আছে ।”

সেনাই এতিয়াও কোনো উগ্ৰপন্থীৰ মৃত্যুৰ তথ্য নিশ্চিত কৰা নাই যদিও কাশ্মীৰ মণ্ডল আৰক্ষীয়ে জনোৱা মতে, এনকাউণ্টাৰ চলি থকাৰ সময়তে দুটা উগ্ৰপন্থী নিহত হৈছে । এক্সত প্ৰকাশ কৰা এক বিবৃতিত কাশ্মীৰ মণ্ডল আৰক্ষীৰ এগৰাকী মুখপাত্ৰই লিখিছে, "কুপৱাৰা আৰক্ষীয়ে প্ৰদান কৰা এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত মাছাল ছেক্টৰত এটা একনাউণ্টাৰ আৰম্ভ হৈছে য'ত এতিয়ালৈকে দুটা সন্ত্ৰাসবাদী নিহত হৈছে । অভিযান চলি আছে ।’’

এক্সৰ আন এটা পোষ্টত কাশ্মীৰৰ এডিজিপিৰ উদ্ধৃতি দি আৰক্ষীৰ এগৰাকী মুখপাত্ৰই কয় যে, "লস্কৰ ই তৈবাৰ 3 সদস্যসহ মুঠ সন্ত্ৰাসবাদী 5 টা সন্ত্ৰাসবাদী নিহত হৈছে । চিনাক্তকৰণ নিশ্চিত কৰা হৈছে । অভিযান অব্যাহত আছে । অৱশ্যে নিহত উগ্ৰপন্থীৰ পৰিচয় তৎক্ষণাত জানিব পৰা হোৱা নাছিল ।

  • Based on a specific information provided by Kupwara Police, an #encounter has started in Machhal sector in which two #terrorists have been killed so far. Operation underway. Further details shall follow.@JmuKmrPolice

    — Kashmir Zone Police (@KashmirPolice) October 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অঞ্চলটোত উগ্ৰপন্থীৰ উপস্থিতি সন্দৰ্ভত চোৰাংচোৱা তথ্যৰ ভিত্তিত কুপৱাৰাত নিৰাপত্তা বাহিনীয়ে তদল দিয়ে ৷ অভিযান আৰম্ভ কৰাৰ পিছতে এই এনকাউণ্টাৰ সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ।

সন্দেহজনক স্থানৰ কাষ চাপি অহাৰ লগে লগে লুকাই থকা উগ্ৰপন্থীয়ে নিৰাপত্তাৰক্ষীৰ দলটোৰ ওপৰত গুলীচালনা কৰে বুলি সূত্ৰই জানিবলৈ দিয়ে । তেওঁলোকে কয় যে নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থীৰ গুলীচালনাৰ প্ৰত্যুত্তৰ দিয়ে ৷ যাৰ ফলত তুমুল গুলীয়াগুলী সংঘটিত হয় । অঞ্চলটোত কিমান উগ্ৰপন্থীয়ে আত্মগোপন কৰি আছে সেই কথা স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক: Telangana Polls 2023 : তেলেংগানাত টিভি বিতৰ্কত বিজেপি প্ৰাৰ্থীক আক্ৰমণ বিআৰএছ বিধায়কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.