ETV Bharat / bharat

Sheena Bora murder case: কাশ্মীৰত আছে শ্বীনা, দাবী কৰিলে ইন্দ্ৰানী মুখাৰ্জীয়ে

author img

By

Published : Dec 16, 2021, 12:51 PM IST

Updated : Dec 16, 2021, 2:05 PM IST

আকৌ চৰ্চাত শ্বীনা বৰা হত্যাকাণ্ড (Sheena Bora murder case) ৷ মূল অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীয়ে চিঠিযোগে জনাইছে যে, এতিয়াও জীৱিত আছে শ্বীনা (Sheena Bora is alive) ৷

Sheena Bora murder updates
Sheena Bora murder updates

নিউজ ডেস্ক, 16 ডিচেম্বৰ : চাঞ্চল্যকৰ শ্বীনা বৰা হত্যাকাণ্ডৰ নতুন মোৰ ৷ মৃত্যু হোৱা নাই শ্বীনা বৰাৰ ৷ এতিয়াও জীৱিত আছে শ্বীনা (Sheena Bora is alive)৷ চিবিআই লৈ চিঠি লিখি এই কথা জনাইছে ইন্দ্ৰানী মুখাৰ্জীয়ে (Indrani Mukherjee's letter to CBI )৷ কাশ্মীৰত শ্বীনাক দেখা পোৱাৰ কথা প্ৰকাশ বিশেষ চিঠিখনত ৷ 2012 চনত সংঘটিত হৈছিল চাঞ্চল্যকৰ শ্বীনা বৰা হত্যাকাণ্ড(Sheena Bora murder case) ৷

ঘটনাৰ 9 বছৰ পাচত পুনৰ চৰ্চালৈ আহিছে এই হত্যাকাণ্ডটো ৷ খোদ ঘটনাৰ মূল অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীয়ে CBI ক চিঠিযোগে জনাইছে কাশ্মীৰত আত্মীয়ই শ্বীনাক দেখা পোৱাৰ কথা ৷ কাশ্মীৰত গৈ শ্বীনাৰ অনুসন্ধান চলাবলৈও CBI ক আহ্বান ইন্দ্ৰানী মুখাৰ্জীৰ ৷

এই চিঠিখনৰ বাহিৰেও ইন্দ্ৰানী মুখাৰ্জীয়ে আন এখন চিঠি চিবিআইৰ বিশেষ আদালতলৈও প্ৰেৰণ কৰিছে যাৰ শুনানি শীঘ্ৰেই হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে ইন্দ্ৰানী মুখাৰ্জী ২০১৫ চনৰ পৰাই মুম্বাইৰ বাইকুৰ্লা জেলত আবদ্ধ হৈ আছে । যোৱা মাহত বম্বে উচ্চ ন্যায়ালয়ে ইন্দ্ৰানী মুখাৰ্জীৰ জামিন আবেদন নাকচ কৰাছিল । মুখাৰ্জীৰ অধিবক্তা চানা খানৰ মতে মুখাৰ্জীয়ে শীঘ্ৰেই জামিনৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ সম্ভাৱনা আছে ।

চিবিআয়ে মুম্বাই আৰক্ষীৰ পৰা গোচৰটো গ্ৰহণ কৰাৰ পিছত ২০১৫ চনৰ পৰা শ্বীনা বৰা হত্যা(Sheena Bora murder case )ৰ তদন্ত কৰি আছিল । মুম্বাই আৰক্ষী(Mumbai police)য়ে পঞ্জীয়ন কৰা গোচৰ অনুসৰি, শ্বীনা বৰাক ২০১২ চনৰ এপ্ৰিলত শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল । মুঠ চাৰিজন লোকক এই গোচৰটোত অভিযুক্ত কৰা হৈছিল, যাৰ ভিতৰত আছিল ইন্দ্ৰানী মুখাৰ্জী (Indrani Mukherjea) আৰু তেওঁৰ স্বামী পিটাৰ মুখাৰ্জী(Peter Mukherjea) ।

পিছত, গোচৰটো চিবিআইলৈ হস্তান্তৰ কৰা হয়, যিয়ে চাৰিজন অভিযুক্তৰ বিৰুদ্ধে এই গোচৰত একাধিক অভিযোগপত্ৰ দাখিল কৰিছিল । ছয় বছৰৰ তদন্ত আৰু কমেও পাঁচখন অভিযোগপত্ৰ আৰু পৰিপূৰক অভিযোগপত্ৰৰ পিছত, চিবিআয়ে চলিত বৰ্ষৰ আগষ্ট মাহত চিবিআইৰ বিশেষ আদালতক জনাইছিল যে তেওঁলোকে এই গোচৰটোৰ আৰু অধিক তদন্ত নকৰে ।

Last Updated : Dec 16, 2021, 2:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.