ETV Bharat / bharat

লাডাখত ১৮ হাজাৰ ফুট উচ্চতাত যোগ প্ৰদৰ্শন ITBPৰ

author img

By

Published : Jun 21, 2021, 12:26 PM IST

যোগৰ বিভিন্ন ভংগীমাত ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ জোৱান । ভাৰত-চীন সীমান্তত বৰফেৰে আবৃত হিমালয়ত ১৮ হাজাৰ ফুট উচ্চতাত যোগ প্ৰদৰ্শন কৰিলে ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ জোৱানে ।

Indo Tibetan Border Police performed Yoga at an altitude of 18,000 feet in Ladakh
লাডাখত ১৮ হাজাৰ ফুট উচ্চতাত যোগ প্ৰদৰ্শন ITBPৰ

নেশ্যনেল ডেস্ক, ২১ জুন: সোমবাৰে সপ্তম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিছে সমগ্ৰ বিশ্ববাসীয়ে । ভাৰততো যোগাভ্যাসৰ গুৰুত্বৰ বিষয়ে প্ৰচাৰ কৰাৰ উদ্দেশ্যে এই বিশেষ দিনটো পালন কৰা হৈছে । দেশৰ সাধাৰণ লোকৰ লগতে সীমান্তত কৰ্তব্যৰত জোৱানসকলেও সু-স্বাস্থ্য আৰু মানসিক শান্তিৰ বাবে যোগাসন কৰে । সোমবাৰে ভাৰত-চীন সীমান্তত বৰফেৰে আবৃত হিমালয়ত ১৮ হাজাৰ ফুট উচ্চতাত যোগ প্ৰদৰ্শন কৰিলে ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ জোৱানে ।

প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত জোৱানসকলে লাডাখত ১৩ হাজাৰৰ পৰা ১৮ হাজাৰ ফুট পৰ্যন্ত উচ্চতাত যোগ প্ৰদৰ্শন কৰি দেশবাসীক যোগৰ প্ৰতি অনুপ্ৰাণিত কৰে । আই টি বি পি হৈছে ভাৰতৰ পাঁচটা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ভিতৰত এটা আৰু এই জোৱানসকলে চীনৰ তিব্বত স্বায়ত্ব শাসিত অঞ্চলত ভাৰতৰ সীমা নিৰীক্ষণ কৰাৰ উদ্দেশ্যে টহল দিয়ে । জোৱানসকলে হিমাচলত ১৬,০০০ ফুট, লাডাখৰ পেংগং হ্ৰদৰ পাৰত আৰু নিয়ন্ত্ৰণ ৰেখাৰ (LOC) সমীপত লাডাখৰ গালৱান উপত্যকাৰ ওচৰত ১৬,০০০ ফুট উচ্চতাত যোগ প্ৰদৰ্শন কৰে ।

এই স্থানতে বিগত বৰ্ষৰ ১৫ জুনত চীনা সেনাৰ সৈতে হোৱা সংঘৰ্ষত ২০ জন জোৱানে প্ৰাণ হেৰুৱাইছিল । ভাৰতৰ সীমাত নিয়োজিত আই টি বি পি জোৱানসকল লাডাখৰ কাৰাকোৰাম পাছৰ পৰা অৰুণাচল প্ৰদেশৰ জেচেপ লালৈকে ভাৰত-চীন সীমান্তৰ ৩,৪৮৮ কিলোমিটাৰ জোৰা অঞ্চল পহৰা দিয়াৰ বাবে নিয়োজিত কৰা হৈছে । আই টি বি পিয়ে চীন-ভাৰত সীমান্তৰ পশ্চিম, মধ্য আৰু পূৱ খণ্ডত ৯ হাজাৰৰ পৰা ১৮ হাজাৰ ফুট উচ্চতাত সীমান্ত চকীবোৰো নিৰ্মাণ কৰে । আই টি বি পিৰ জোৱানসকলে -৩০ ডিগ্ৰী ছেলচিয়াছ তাপমাত্ৰাত যোগ প্ৰদৰ্শন কৰা দেখা গৈছে ।

এই তামপাত্ৰাৰ ফলত স্বাস্থ্য সম্পৰ্কীয় কেইবাটাও সমস্যাৰ সৃষ্টি হয় । আনকি, ইমান কম তাপমাত্ৰাত বন্দুকৰ বেৰেলো ফাটি যায় । জোৱানসকলক শাৰী পাতি পৰিপাটিকৈ বহি থকা দেখা দেখা পোৱা গৈছে । ক'ভিড পৰিস্থিতিত যোগ এক গুৰুত্বপূৰ্ণ কাৰ্য হিচাপে বিবেচিত হৈছে । কিয়নো, যোগাভ্যাসৰ ফলত শাৰীৰিক আৰু মানসিক দুয়োটা শান্তি লাভ কৰা যায়, যিয়ে মাৰাত্মক মহামাৰীৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে এজন ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

লগতে পঢ়ক:আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ সম্বোধন LIVE...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.