ETV Bharat / bharat

ইণ্ডিগ’ই মুম্বাইৰ পৰা ঘৰুৱা বিমানৰ সঞ্চালন কৰিব

author img

By

Published : Feb 28, 2021, 12:44 PM IST

ইণ্ডিগ'ৰ সকলো শ্ৰেণীৰ ঘৰুৱা বিমান ১০ মাৰ্চৰ পৰা ৬ ই ৫৫০০-৬ ই ৫৯০০ মুম্বাই বিমানবন্দৰ টাৰ্মিনেল-১ ৰ পৰা সঞ্চালিত হ'ব । লগতে টাৰ্মিনেল-২ সহ অন্য বিমানসমূহ টাৰ্মিনেল-২ ৰ সঞ্চালিত হ'ব বুলি এক বিজ্ঞপ্তিযোগে প্ৰকাশ ।

ইণ্ডিগ'ই মুম্বাইৰ টি-১ৰ পৰা ঘৰুৱা বিমান সঞ্চালন কৰিব

নিউজ ডেস্ক,২৮ ফেব্ৰুৱাৰী: ইণ্ডিগ' বিমানৰ বিশেষ ঘোষণা । ইণ্ডিগ'ৰ সকলো শ্ৰেণীৰ ঘৰুৱা বিমান ১০ মাৰ্চৰ পৰা ৬ ই ৫৫০০-৬ ই৫৯০০ মুম্বাই বিমানবন্দৰ টাৰ্মিনেল-১ ৰ পৰা সঞ্চালন কৰিব । লগতে টাৰ্মিনেল-২ সহ অন্য বিমানসমূহ টাৰ্মিনেল-২ৰ সঞ্চালন কৰিব বুলি এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে ।

১০ মাৰ্চৰ মাজনিশাৰ পৰা গ' এয়াৰ, ষ্টাৰ এয়াৰ, এয়াৰ এছিয়া আৰু ট্ৰুজেটে টাৰ্মিনেল ১ ৰ পৰা সকলো ঘৰুৱা বিমানৰ সঞ্চালন পুনৰ আৰম্ভ কৰা হ'ব ৷ ইণ্ডিগ’ৰ ক্ষেত্ৰতো টাৰ্মিনেল ১ ৰ পৰা সঞ্চালন পুনৰ আৰম্ভ কৰা হ'ব । আনহাতে ইয়াৰ অধিকাংশ বিমানৰ টাৰ্মিনেল-২ ৰ পৰা সঞ্চালন কৰা হ'ব বুলি ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষই সদৰী কৰে ৷

উল্লেখ্য যে, মুম্বাই বিমানবন্দৰত দুটাকৈ টাৰ্মিনেল আছে । টাৰ্মিনেল-১ আৰু টাৰ্মিনেল-২ । টাৰ্মিনেল-১ ঘৰুৱা বিমানৰ যাত্ৰীসকলৰ সেৱা আগবঢ়াই আছে । টাৰ্মিনেল-২ ত একাংশ ভাৰতীয় এয়াৰলাইনছৰ ঘৰুৱা সেৱাৰ উপৰিও আন্তৰ্জাতিক সেৱাও আগবঢ়ায় । অৱশ্যে, বিগত বৰ্ষৰ মে' মাহৰ শেষৰপিনে ঘৰুৱা বাণিজ্যিক যাত্ৰীৰ সেৱা আৰম্ভৰ পাচত বিশ্বজুৰি অতিমাৰীৰ সংকটে দেখা দিয়ে । অতিমাৰী কালচোৱাত প্ৰায় দুমাহ ধৰি বন্ধ হৈ থকাৰ পাচত বিমান সেৱা টাৰ্মিনেল-২ ত একত্ৰীকৰণ কৰা হৈছিল ।

শনিবাৰে ইণ্ডিগ'ৰ তৰফৰ পৰা প্ৰকাশিত বিজ্ঞপ্তিত কোৱা হৈছিল যে এয়াৰলাইনছৰ যাত্ৰাৰ প্ৰতিটো পৰ্যায়ত যাত্ৰীসকলক এই পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰাটো নিশ্চিত কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে । ইণ্ডিগ'ৰ যাত্ৰীসকলক বিমানবন্দৰলৈ যোৱাৰ পূৰ্বে যাত্ৰীসকলৰ টাৰ্মিনেল পৰীক্ষা কৰিবলৈ ইণ্ডিগ'ৰ ৱেবছাইট বা ম'বাইল এপত তেওঁলোকৰ পিএনআৰ পুনৰুদ্ধাৰ কৰিবলৈ অনুৰোধ জনায় ।

লগতে পঢ়ক: মিজোৰামত পুনৰ ৩ গৰাকী আক্ৰান্ত কৰ'ণাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.