ETV Bharat / bharat

IndiGo pilot dies:পাইলটৰ অস্বাভাৱিক মৃত্যুত হতবাক এয়াৰলাইনছৰ কৰ্তৃপক্ষ

author img

By

Published : Aug 17, 2023, 9:16 PM IST

নিশা ১২ বজাত বিমানবন্দৰৰ নিৰাপত্তাৰক্ষী ৰখা এলেকাত কেপ্তেইন মনোজ সুব্ৰমণ্যম (৪০) নামৰ পাইলটজন অচেতন হৈ পৰে । প্ৰাথমিক ভাৱে তেওঁৰ হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা হঠাতে বন্ধ হৈ পৰাত হৃদৰোগত আক্ৰান্ত হৈ তেওঁ মৃত্যুবৰণ কৰে বুলি কিমছ-কিংছৱে (KIMS-Kingsway) চিকিৎসালয়ে জানিবলৈ দিয়ে য’ত তেওঁক ভৰ্তি কৰোৱা হৈছিল ।

IndiGo pilot dies
পাইলটৰ অস্বাভাৱিক মৃত্যু

নেশ্যনেল ডেস্ক, 17 আগষ্ট : এক উদ্বেগজনক ঘটনা, বৃহস্পতিবাৰে নাগপুৰৰ পৰা পুনেলৈ উৰা মাৰিব লগা ইণ্ডিগ’ৰ এজন পাইলট বৰ্ডিং গেটত মূৰ্ছা গৈছিল আৰু চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল । "আজি পুৱাই নাগপুৰত আমাৰ এজন পাইলটৰ অকাল মৃত্যুত আমি দুখী ৷ তেওঁ নাগপুৰ বিমানবন্দৰত অসুস্থ হৈ পৰিছিল আৰু ততাতৈয়াকৈ তেওঁ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকসকলে মৃত বুলি ঘোষণা কৰিছিল । আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা তেওঁৰ পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে আছে," এয়াৰলাইনটোৱে এক বিবৃতিত এইদৰে কয় ।

বিমান পৰিবহণ চোৱাচিতা সংস্থা (DGCA,Directorate General of Civil Aviation) বিমান পৰিচালনা সঞ্চালকালয়ৰ মতে, পাইলটজনে বুধবাৰে পুৱা ৩ বজাৰ পৰা ৭ বজাৰ ভিতৰত ত্ৰিবান্দ্ৰম-পুনে-নাগপুৰ খণ্ডত দুখন বিমান পৰিচালনা কৰিছিল । পাইলটৰ ৰোষ্টাৰে দেখুৱাইছে যে আজি কৰ্তব্যৰ বাবে প্ৰতিবেদন দিয়াৰ আগতে তেওঁ বহুতো খণ্ডত কাম কৰাৰ উপৰিও ২৭ ঘণ্টা বিশ্ৰাম লৈছিল ।

"উক্ত পাইলটজনে বুধবাৰে ত্ৰিবান্দ্ৰম-পুনে-নাগপুৰ দুটা খণ্ড পৰিচালনা কৰিছিল, যাৰ সময় ৰাতিপুৱা ৩ বজাৰ পৰা ৭ বজাৰ ভিতৰত আছিল । তাৰ পিচত ২৭ ঘণ্টা বিশ্ৰাম আছিল আৰু আজি ০৪ টা যাত্ৰা পথৰ বাবে বিয়লি ১ বজাত যাত্ৰা কৰাৰ কথা আছিল । নাগপুৰৰ পৰা প্ৰস্থান তেওঁৰ প্ৰথম খণ্ড হ’ব লাগিছিল’- এইদৰে কয় বিমান সংস্থাটোৱে ।

কেপ্টেইন মনোজ সুব্ৰমণ্যম (৪০) বুলি চিনাক্ত কৰা পাইলটজন দুপৰীয়া প্ৰায় ১২ বজাত বিমানবন্দৰৰ নিৰাপত্তাৰক্ষী অঞ্চলত অচেতন হৈ পৰে বুলি তেওঁলোকে কয় । "প্ৰথমাৱস্থাত তেওঁৰ হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা হঠাতে অপ্ৰত্যাশিতভাৱে হেৰুৱাই পেলাই, লগে লগে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে", তেওঁক ততাতৈয়াকৈ লৈ যোৱা কিমছ-কিংছৱে চিকিৎসালয়ে এইদৰে প্ৰকাশ কৰে ।

চিকিৎসালয়খনৰ মুখপাত্ৰ এজাজ শ্বামীয়ে কয় যে তেওঁলোকৰ জৰুৰীকালীন দলটোৱে চিপিআৰ (কাৰ্ডিঅ’পালমোনাৰী ৰিচাইচিটেচন) প্ৰদান কৰিছিল যদিও তেওঁ কোনো সঁহাৰি নিদিলে । অৱশেষত সুব্ৰমণ্যমক চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় ।

ভাৰতত দুদিনত পাইলটৰ এয়া দ্বিতীয়টো মৃত্যুৰ ঘটনা । বুধবাৰে কাটাৰ এয়াৰৱেজৰ এজন পাইলট বিমানতে হাৰ্ট এটেকত আক্ৰান্ত হয় । আকাশৰ মাজত পাইলটজন অসুস্থ হৈ পৰাত বিমানখন ডুবাইলৈ ডাইভাৰ্ট কৰা হয় ।

লগতে পঢ়ক : Delhi Frankfurt Vistara flight : মাজ আকাশত শিশু বিমান যাত্ৰীৰ শৰীৰত পৰিল গৰম পানীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.