ETV Bharat / bharat

ভাৰতত দ্ৰুতগতিত চলিছে ক’ভিড 19 ৰ প্ৰতিষেধক কাৰ্যসূচী - কৰ’ণা ভাইৰাছ

কৰ’ণা ভাইৰাছ নিৰ্মূলকৰণৰ স্বাৰ্থত দেশজুৰি টীকাকৰণ অভিযান দ্ৰুতগতিত অব্যাহত ৷ ভাৰতে যোৱা ৭ দিনত ২ লাখ ক’ভিড 19 ৰ আক্ৰান্তৰ প্ৰতিবেদন দাখিল কৰিছিল, যি আক্ৰান্তৰ হাৰৰ দুই-তৃতীয়াংশহে মাথো ৷

ভাৰতত দ্ৰুতগতিত চলিছে ক’ভিড 19 ৰ প্ৰতিষেধক কাৰ্যসূচী

author img

By

Published : Sep 28, 2021, 9:40 AM IST

নেশ্যনেল ডেস্ক, 28 ছেপ্তেম্বৰ : কৰ’ণা ভাইৰাছ নিৰ্মূলকৰণৰ স্বাৰ্থত দেশজুৰি টীকাকৰণ অভিযান দ্ৰুতগতিত অব্যাহত আছে ৷ ভাৰতে যোৱা ৭ দিনত ২ লাখ ক’ভিড 19 আক্ৰান্তৰ প্ৰতিবেদন দাখিল কৰিছিল ৷ এয়া আছিল আক্ৰান্তৰ হাৰৰ দুই-তৃতীয়াংশহে মাথো ৷

ভাৰতত কৰ’ণাত আক্ৰান্তৰ হাৰ পূৰ্বতকৈ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে ৷ তাৰপিছতো দেশত দ্ৰুতগতিত অব্যাহত আছে টীকাকৰণ অভিযান কাৰ্যসূচী ৷ ভাৰতে সোমবাৰে 26,041 টা কৰ’ণা আক্ৰান্তৰ ঘটনাৰ প্ৰতিবেদন দাখিল কৰিছিল ৷ যাৰ হাৰ ক্ৰমাগত তৃতীয় দিনৰ বাবে সৰ্বনিম্ন আছিল ৷ এই তিনিদিনত 30,000 ৰো কম লোক ভাইৰাছবিধত আক্ৰান্ত হৈছিল ৷

পঞ্চমবাৰৰ বাবে, সোমবাৰে ভাৰতত এক কোটি লোকক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যই ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে টুইটযোগে সদৰী কৰিছিল এই কথা ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অফিচিয়েল টুইটাৰ হেণ্ডেলত এনেদৰে লিখিছে, "ভাৰতক অভিনন্দন ! আমি এয়া পুনৰ কৰিছো ৷ আজি 1 কোটিতকৈও অধিক প্ৰতিষেধক প্ৰদান কৰা হৈছে" ৷

CoWin পৰ্টেলত উপলব্ধ তথ্য অনুসৰি সোমবাৰৰ দিনটোত ভাৰতত প্ৰায় 1,00,96,142 পালি প্ৰতিষেধক প্ৰদান কৰা হৈছিল ৷

ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশে 35 লাখ প্ৰতিষেধকৰ পালি প্ৰদান কৰাৰ এক নতুন অভিলেখ সৃষ্টি কৰিছে ৷ ৰাজ্যখনে পূৰ্বে ২৪ ঘণ্টাত ৩৪.৯ লাখ পালি প্ৰদান কৰিছিল ৷ ইফালে ভাৰতত ক’ভিড-১৯ টীকাকৰণ কভাৰেজে ৮৬ কোটিৰ সীমা অতিক্ৰম কৰিছে ৷ মন্ত্ৰালয়ৰ মতে, এতিয়ালৈকে 86,93,79,970 পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে অক্টোবৰৰ মাজভাগৰ আগতে ১০০ কোটি প্ৰতিষেধকৰ পালি প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৷ ৫-১০ অক্টোবৰৰ ভিতৰত এই লক্ষ্যত উপনীত হোৱাৰ আশা প্ৰকাশ কৰা হৈছে ৷ উল্লেখ্য যে, ভাৰতে 17 ছেপ্তেম্বৰত 2 কোটিৰো অধিক ক’ভিড-19 প্ৰতিষেধকৰ পালি প্ৰদান কৰি এক নতুন অভিলেখ গঢ়িছিল ৷

লগতে চাওক: ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত সুস্মিতা দেৱ : মমতাক প্ৰশংসা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.