ETV Bharat / bharat

5G Spectrum : দেশৰ সৰ্ববৃহৎ 5G স্পেকট্ৰামৰ নিলামৰ দৌৰত আম্বানী-আদানি

author img

By

Published : Jul 26, 2022, 5:37 PM IST

টেলিফোন আৰু ইণ্টাৰনেটৰ ডাটা সংকেত বহনকাৰী স্পেকট্ৰামৰ ভাৰতৰ সৰ্ববৃহৎ নিলাম প্ৰক্ৰিয়া আৰম্ভ হয় মঙলবাৰে (5G spectrum auction began in India) । মুঠ ৪.৩ লাখ কোটিৰ প্ৰস্তাৱেৰে 72 গিগাহাৰ্টজ 5G এয়াৰৱেভৰ বাবে এই নিলাম প্ৰক্ৰিয়া মঙলবাৰৰ পৰা আৰম্ভ হৈছে ।

5G
5G

নিউজ ডেস্ক, ২৬ জুলাই : দূৰ সংযোগ ব্যৱস্থাত ভাৰতৰ আন এক সবল খোজ । ভাৰতত আৰম্ভ হ'ল 5G সেৱাৰ নিলাম প্ৰক্ৰিয়া । টেলিফোন আৰু ইণ্টাৰনেটৰ ডাটা সংকেত বহনকাৰী স্পেকট্ৰামৰ ভাৰতৰ সৰ্ববৃহৎ নিলাম প্ৰক্ৰিয়া আৰম্ভ হয় মঙলবাৰে (5G spectrum auction began in India) । মুঠ ৪.৩ লাখ কোটিৰ প্ৰস্তাৱেৰে 72 গিগাহাৰ্টজ 5G এয়াৰৱেভৰ বাবে এই নিলাম প্ৰক্ৰিয়া মঙলবাৰৰ পৰা আৰম্ভ হৈছে ।

বিলিয়নাৰ মুকেশ আম্বানিৰ ৰিলায়েন্স জিঅ' (Mukesh Ambanis Reliance Jio took part in 5G auction), সুনীল মিট্টাল নেতৃত্বাধীন ভাৰতী এয়াৰটেল, ভোডাফোন আইডিয়া আৰু বিশ্বৰ চতুৰ্থ ধন কুবেৰ গৌতম আদানিৰ ফ্লেগশ্বিপ আদানি এণ্টাৰপ্ৰাইজেছৰ এটা গোটে 5G স্পেকট্ৰামৰ বাবে নিবিদা দিয়াৰ দৌৰত আছে (flagship Adani Enterprises in race of 5G bid) । এই সেৱাই দিব অতি উচ্চ গতি (4G তকৈ প্ৰায় 10 গুণ দ্ৰুত), সংযোগ কৰ্তনবিহীন সেৱা আৰু একেটা সময়তে ডাটা শ্বেয়াৰ কৰিবলৈ কোটি কোটি সংযোজিত ডিভাইচ সক্ষম কৰিব পাৰে ।

আলট্ৰা-ল' লেটেন্সি সংযোগবোৰক (ultra-low latency connections) শক্তি প্ৰদান কৰাৰ উপৰি, যিয়ে কিছু ছেকেণ্ডৰ ভিতৰতে (আনকি জনবহুল এলেকাতো) এটা মোবাইল ডিভাইচত সম্পূৰ্ণ দৈৰ্ঘ্যৰ উচ্চ-মানদণ্ডৰ ভিডিঅ' বা চিনেমা ডাউনলোড কৰাৰ অনুমতি দিয়াৰ উপৰি পঞ্চম প্ৰজন্ম বা 5G য়ে ই-স্বাস্থ্য (e-health), সংযোজিত বাহন (connected vehicles), অধিক নিমজ্জিত বৰ্ধিত বাস্তৱতা (more immersive augmented reality) আৰু মেটাভাৰ্চ (metaverse) অভিজ্ঞতা, জীৱন ৰক্ষাকাৰী (life saving use) ব্যৱহাৰৰ ঘটনা আৰু উন্নত মোবাইল ক্লাউড গেমিং (advanced mobile cloud gaming) আদিৰ দৰে সমাধান সক্ষম কৰিব ।

নিলাম প্ৰক্ৰিয়া বিভিন্ন নিম্ন (600 মেগাহাৰ্জ, 700 মেগাহাৰ্জ, 800 মেগাহাৰ্জ, 900 মেগাহাৰ্জ, 1800 মেগাহাৰ্জ, 2100 মেগাহাৰ্জ, 2300 মেগাহাৰ্জ), মধ্য (3300 মেগাহাৰ্জ) আৰু উচ্চ (26 গিগাহাৰ্জ) ফ্ৰিকুৱেন্সি বেণ্ডত স্পেকট্ৰামৰ বাবে অনুষ্ঠিত হৈছে । 10.00 বজাত আৰম্ভ হোৱা নিবিদা 6.00 বজালৈকে অব্যাহত থাকিব । যদি স্পেকট্ৰামৰ চাহিদা থাকে আৰু নিবিদাকাৰীসকলে নিবিদা আগবঢ়াই থাকে তেন্তে এই নিলাম পৰৱৰ্তী দিনলৈকে চলিব ।

অৱশ্যে এই নিলামৰ দিনৰ সংখ্যা ৰেডিঅ'ৱেভৰ প্ৰকৃত চাহিদা আৰু ব্যক্তিগত নিবিদাকাৰীসকলৰ ৰণনীতিৰ ওপৰত নিৰ্ভৰ কৰিব । ব্ৰডবেণ্ড উদ্যোগবোৰৰ সহমত হ'লে ই দুদিনলৈকে চলিব পাৰে ।

লগতে পঢ়ক :Orderlies System: উচ্চ পদস্থ আৰক্ষী বিষয়াসকলে অৰ্ডালি ব্যৱহাৰ কৰাটো এক স্পষ্ট অসদাচৰণ: মাদ্ৰাজ উচ্চ ন্যায়ালয়

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.