নিউজ ডেস্ক,2 এপ্ৰিল : দেশত শেহতীয়াভাৱে বৃদ্ধি পাবলৈ ধৰিছে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ আৰম্ভ হৈছে কৰোণাৰ দ্বিতীয়টো ঢৌ ৷ প্ৰায় 85 শতাংশ নতুন কৰোণা ভাইৰাছৰ ঘটনা সংঘটিত হৈছে কেৱল মাত্ৰ আঠখন ৰাজ্যত ৷ সেই ৰাজ্য কেইখন হ’ল মহাৰাষ্ট্ৰ (39544), চট্টিছগড় (4563), কৰ্ণাটক(4225),পাঞ্জাৱ (2944), কেৰালা (2653), তামিলনাডু (2579), গুজৰাট(2360) আৰু মধ্য প্ৰদেশ (2332) ৷
বৰ্তমান ভাৰতত মুঠ সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা 5,84,055 গৰাকী ৷ দেশত সৰ্বাধিক কোভিড আক্ৰান্ত ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ ৷ কেৱল মাত্ৰ মহাৰাষ্ট্ৰত আছে দেশৰ মুঠ সক্ৰিয় কোভিড ৰোগীৰ 61 শতাংশ ৷ উল্লেখ্য যে, পোন্ধৰখন ৰাজ্য/ইউটিৰ পৰা যোৱা ২৪ ঘণ্টাত এজনো কোভিড-19 ত মৃত্যুৰ হোৱা নাই ৷ সেই কেইখন হ’ল চণ্ডীগড়, ঝাৰখণ্ড, উৰিষ্যা, লাদাখ(ইউটি), দমন আৰু দিউ আৰু দাদৰা আৰু নগৰ হাৱেলি, পুদুচেৰী, মণিপুৰ, ত্ৰিপুৰা, ছিকিম, নাগালেণ্ড, লাক্ষাদ্বীপ, মেঘালয়, মিজোৰাম, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ ৷ বৃহস্পতিবাৰলৈ ভাৰতত মুঠ কোভিড আৰোগ্য ৰোগীৰ সংখ্যা 1,14,74,683 গৰাকী ৷ ৰাষ্ট্ৰীয় কোভিড আৰোগ্যৰ হাৰ 93.89 শতাংশ ৷
2য় পৰ্যায়লৈ দেশত মুঠ প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যা 6,51,17,896 ৷ 1 এপ্ৰিল 2021 ৰ পৰা আৰম্ভ হোৱা 3য় পৰ্যায়ৰ প্ৰতিষেধক 45 ৰ পৰা 60 বছৰ বয়সৰ লোকসকলক প্ৰদান কৰিবলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে পৰামৰ্শ দিছে ৷ মন কৰিবলগীয়া যে, এপ্ৰিল মাহত কুম্ভ মেলাৰ বাবে বৃহৎ সংখ্যক ভক্তৰ সমাবেশ হ’লে কোভিড-19 অধিক বিয়পাৰ আশংকা কৰা হৈছে ৷ তাৰোপৰি, তামিলনাডু, পশ্চিমবংগ, কেৰালা, পুডুচেৰী, অসমৰ পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ফলত ক’ৰনাৰ প্ৰকোপ আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক : টকিঅ' অলিম্পিকৰ প্ৰাক ক্ষনত ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰ বৈঠক