নেশ্যনেল ডেস্ক,16 মাৰ্চঃ মঙলবাৰে ৰে’ল মন্ত্ৰী পীযুষ গোৱেলে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে যে, ভাৰতীয় ৰে’লৱেক কেতিয়াও ব্য়ক্তিগত খণ্ডৰ হাতত এৰি দিয়া নহয় ৷ কিন্তু ভাৰতীয় ৰে’লৱেক অধিক কাৰ্যক্ষম আৰু সক্ৰিয় কৰি তুলিবলৈহে ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰীক বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিব ৷ একেদৰে মন্ত্ৰী গৰাকীয়ে সদৰী কৰে যে, ভাৰতীয় ৰে’লৱেত বিগত দুটা বছৰত এজনো যাত্ৰীৰ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা নাই ৷ ৰে’ল যাত্ৰীসকলৰ সুৰক্ষাৰ ওপৰতহে অধিক গুৰুত্ব প্ৰদান কৰা হৈছে ৷
লগতে পীযুষ গোৱেল কয় যে, দেশখন বিকাশৰ দিশত আগবাঢ়িবলৈ হ’লে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডবোৰে একেলগে কাম কৰিলেহে দেশত অধিক নিয়োগৰ সুযোগ অথবা সুবিধাৰ সৃষ্টি কৰিব পৰা যাব । ভাৰতীয় ৰে’লৱেক কেতিয়াও ব্যক্তিগত খণ্ডলৈ হস্তান্তৰকৰণ কৰা নহয় ৷ ই সদায় প্ৰতিজন ভাৰতীয় নাগৰিকৰ সম্পত্তি হৈ থাকিব বুলি পীযুষ গোৱেলে সদৰী কৰে ৷
লগতে পঢ়কঃ আইপিএলৰ বাবে চেন্নাইয়ে আৰম্ভ কৰিলে অনুশীলন