ETV Bharat / bharat

Indian Railway Special Trains : উৎসৱৰ বতৰত বিশেষ ৰেলৰ ব্যৱস্থা ভাৰতীয় ৰেলৱেৰ

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 1:41 PM IST

দশেৰা, দীপাৱলী আৰু ছট পূজাত ঘৰলৈ যাব বিচৰাসকলে ৰে'লত নিশ্চিত টিকট পোৱাত অসুবিধা হয় । পূব দিশৰ ফালে যোৱা ৰে'লবোৰত অধিক ভিৰ হয় । এই দিশত প্ৰায় সকলো ৰে'লৰ এক দীঘলীয়া অপেক্ষা তালিকা আছে । এই পৰিস্থিতিত বিশেষ ৰে'ল হৈছে একমাত্ৰ বিকল্প ।

Indian Railway Special Trains
Indian Railway Special Trains

নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ : উৎসৱৰ বতৰ সমাগত । সাধাৰণতে ছেপ্টেম্বৰৰ শেষৰ পৰায়ে আৰম্ভ হয় উৎসৱৰ বতৰ । এই সময়ছোৱাত ৰে'লত যাত্ৰীৰ প্ৰচণ্ড ভিৰ হয় । ফলত ৰে'লযাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । বিশেষকৈ দেৱালী আৰু ছট পূজাত ঘৰলৈ যাবলগা লোকসকলে এই সমস্যাত ভোগে । এইবাৰো যাত্ৰীসকল সমস্যাৰ সন্মুখীন হ'ব এই সময়ছোৱাত । এই কথা ৰে'লত আসন বুক কৰাৰ পৰায়ে অনুমান কৰিব পাৰি । চাৰি মাহ পূৰ্বেই আৰম্ভ হোৱা আসনৰ বুকিঙে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছে । দেৱালী আৰু ছট পূজাৰ বাবে এতিয়াও দুমাহ বাকী আছে । কিন্তু ৰে'লৰ আসনবোৰ পূৰ্ণ হৈ গৈছে । আনহাতে, বহু ৰে'লত বুকিং বন্ধ কৰা হৈছে । ফলত যাত্ৰীসকলে বিশেষ ৰে'ল চলাব বুলি আশা কৰিছে । ৰে'ল বিষয়াসকলৰ মতে, যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ৰে'ল চলাবলৈ সিদ্ধান্ত লোৱা হ'ব ।

১৫ অক্টোবৰৰ পৰা আৰম্ভ হ'ব নৱৰাত্ৰি । ২৪ অক্টোবৰত দশেৰা । দশেৰাৰ সময়ত দিল্লীৰ পৰা পূৰ্বাঞ্চললৈ যাবলগা অধিকাংশ ৰে'লতেই খালী আসন নাই । বন্দে ভাৰতকে ধৰি শিৱ গংগা, কাশী বিশ্বনাথ আদি কেইখনমান ৰে'লতে আসন খালী আছে । সেয়ে যাত্ৰীসকলে এই ৰে'লকেইখনত এই মুহূৰ্তত টিকট বুক কৰিব পাৰে ।

শ্লীপাৰ শ্ৰেণীত বেছিভাগ ৰে'লৰে ১০ অক্টোবৰৰ পিছতহে অপেক্ষাৰ তালিকা আছে । দীপাৱলী আৰু ছট পূজাৰ সময়ত ভ্ৰমণ কৰিবলগা যাত্ৰীসকলৰ অধিক সমস্যা হৈছে । দেৱালী ১২ নৱেম্বৰত । দিল্লী এনচিআৰত বাস কৰা বহুসংখ্যক লোক দেৱালীত তেওঁলোকৰ ঘৰলৈ যায় । তেওঁলোকে ইতিমধ্যে ঘৰলৈ যাবলৈ ৰে'লত টিকট বুক কৰিছে । কিন্তু বৰ্তমান যাত্ৰীসকলে ৰে'লত আসন পোৱা নাই । প্ৰায় সকলো পথৰে ৰে'লত দীঘলীয়া প্ৰতীক্ষা সূচী চলি আছে । যাৰ বাবে টিকট নিশ্চিত কৰাৰ আশাও কম । আনহাতে, ৰে'ল বিষয়াসকলে জনাইছে যে প্ৰতিবছৰে যাত্ৰীৰ সংখ্যা বিবেচনা কৰি দেৱালীত বিশেষ ৰে'ল চলোৱা হয় ।

ৰে'লৱে বিষয়াসকলে জনাইছে যে দীপাৱলী আৰু ছট পূজাৰ সময়ত যাত্ৰীৰ যথেষ্ট ভিৰ হয় । এই কথা মনত ৰাখি ৰে'ল ষ্টেচনসমূহত অধিকসংখ্যক বিশেষ ৰে'ল চলোৱাৰ লগতে অতিৰিক্ত ব্যৱস্থাও কৰা হয় । ইয়াৰ বাবে বিভিন্ন পথৰ ৰে'লৰ ভিৰৰ পৰ্যালোচনা কৰা হৈছে । সেই অনুসৰি শীঘ্ৰেই উৎসৱৰ বতৰত বিশেষ ৰে'ল চলোৱাৰ কথা ঘোষণা কৰা হ'ব ।

আনহাতে, ১৭-ৰ পৰা ১৯ নৱেম্বৰলৈ ছট পূজা । এইটো হৈছে পূব উত্তৰ প্ৰদেশ আৰু বিহাৰৰ এক মুখ্য উৎসৱ । বহুসংখ্যক লোকে এই উৎসৱ উদযাপন কৰিবলৈ তেওঁলোকৰ ঘৰলৈ যায় । এইবাৰো মানুহে ইতিমধ্যে ছট উৎসৱত ঘৰলৈ যাবলৈ ৰে'লত টিকট বুক কৰিছে । বৰ্তমান ৰে'লত দীঘলীয়া অপেক্ষা তালিকা, সংৰক্ষিত আসন পাবলৈও সক্ষম হোৱা নাই ।

সেয়ে ৰে'লৱে সূত্ৰই জনাইছে যে উৎসৱৰ এসপ্তাহ পূৰ্বে বিশেষ ৰে'ল চলাবলৈ সাজু হৈছে ৰে'ল বিভাগ । অৱশ্যে কোনটো পথত কিমানখন ৰে'ল চলিব সেয়া এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই ।

দীপাৱলীৰ সময়ত পূৰ্বাঞ্চললৈ যাবলগা ৰে'লৰ অপেক্ষা তালিকা

ৰে'ল অপেক্ষা
নতুন দিল্লী-বাৰাণসী বন্দে ভাৰত ১৭৭
শিৱ গংগা ২০২
বাৰাণসী এক্সপ্ৰেছ ১৮২
মহামনা ১৩২
গৰীৱ ৰথ ২০০
কাশী বিশ্বাথ ১১৪
কলকাতা ৰাজধানী ১৭৫
সম্পূৰ্ণ ক্ৰান্তি এক্সপ্ৰেছ ২৯১
সীমাঞ্চল ১২৪
ফাৰাক্কা ১৮১

দশেৰাৰ সময়ত পূৰ্বাঞ্চলৈ আৰু বিহাৰলৈ যাবলগা ৰে'লৰ অপেক্ষা তালিকা

ৰে'ল অপেক্ষা
সম্পূৰ্ণ ক্ৰান্তি ৬০
পূৰ্বা এক্সপ্ৰেছ ৭৯
বিক্ৰমশিলা এক্সপ্ৰেছ ৯৭
ব্ৰহ্মপুত্ৰ মেইল ৭৮
মহানন্দা এক্সপ্ৰেছ ৫০

(বিঃদ্ৰঃ : ৰে'লত অপেক্ষাৰ স্থিতি ২২ ছেপ্টেম্বৰৰ পূৰ্বৰ)

লগতে পঢ়ক :Land for Job scam: ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰী গোচৰত লালু-তেজস্বীসহ 17 অভিযুক্তলৈ আদালতৰ চমন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.