ETV Bharat / bharat

31 অক্টোবৰলৈকে ষ্টেচনৰ প্লেটফৰ্ম টিকটৰ মূল্য তিনিগুণ বৃদ্ধি ! - দেশজুৰি উৎসৱৰ বতৰ

উৎসৱৰ বতৰৰ বাবে যাত্ৰীৰ বৃহৎ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ৰে'লৱে প্লেটফৰ্মত ৰে'লৰ টিকটৰ মূল্য ৩১ অক্টোবৰলৈকে তিনিগুণ বৃদ্ধি কৰা হৈছে (Indian railway hikes platform ticket rate)৷

31 অক্টোবৰলৈক ষ্টেচনৰ প্লেটফৰ্মৰ টিকটৰ মূল্য তিনিগুণ বৃদ্ধি
Indian railway hikes platform ticket rates at these railway stations
author img

By

Published : Oct 6, 2022, 1:26 PM IST

নেশ্যনেল ডেস্ক, 6 অক্টোবৰ: দেশজুৰি উৎসৱৰ বতৰ ৷ দেশৰ বিভিন্ন প্ৰান্তত নিজা ৰীতি-নীতিৰে সকলোৱে উলহে মালহে পালন কৰিছে উৎপাৰ্বনসমূহ ৷ ইয়াৰ লগে লগে নিজ গৃহৰ পৰা বাহিৰত থকা লোকসকল ঘৰমুৱা হোৱা পৰিলক্ষিত হৈছে ৷ উৎসৱৰ বতৰৰ বাবে যাত্ৰীৰ যথেষ্ট ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ৰে'লৱে প্লেটফৰ্মত ৰে'লৰ টিকটৰ মূল্য ৩১ অক্টোবৰলৈকে তিনিগুণ বৃদ্ধি কৰা হৈছে (Indian railway hikes platform ticket rate)৷

দিল্লী বিভাগীয় ৰে'ল প্ৰৱন্ধকে (ডিআৰএম) (Delhi Divisional Railway Manager) জাৰি কৰা এই নিৰ্দেশনাত প্ৰতিটো টিকটৰ মূল্য 10 টকাৰ পৰা 30 টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে ( Platform ticket rate hikes till October 31)৷ উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলে ভিৰ কৰা পৰিলক্ষিত হোৱা বুলি প্ৰৱন্ধকগৰাকীয়ে জানিবলৈ দিয়ে ৷

মূল্য বৃদ্ধি কৰা ষ্টেচনবোৰৰ ভিতৰত আছে নতুন দিল্লী, পুৰণি দিল্লী, আনন্দ বিহাৰ টাৰ্মিনেল, হজৰত নিজামুদ্দিন, দিল্লী চৰাই ৰোহিল্লা আৰু গাজিয়াবাদ ষ্টেচন ৷ তাৎপৰ্যপূৰ্ণভাৱে উৎসৱৰ বতৰত, দিল্লীলৈ অহা-যোৱা কৰা ৰে’লসমূহত পৰিয়ালৰ সৈতে উদযাপনৰ বাবে ঘৰলৈ যোৱা যাত্ৰীৰ যথেষ্ট ভিৰ হৈছে ৷

নৱৰাত্ৰি আৰু দশেৰাৰ পিছত আগন্তুক দেৱালী, ছট আৰু অন্যান্য উৎসৱৰ বাবে ষ্টেচনবোৰত ভিৰ বৃদ্ধি হ’ব বুলি আশা কৰিছে ৰে’লৱে বিভাগে ৷ অৱশ্যে 1 নৱেম্বৰৰ পৰা প্লেটফৰ্মৰ টিকট পুনৰ 10 টকাতে উপলব্ধ হ'ব ৷

লগতে পঢ়ক: যুৱতীক হাৰাশাস্তি কৰা প্ৰাক্তন বাগদত্তাক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.