ETV Bharat / bharat

২০০১ চনৰ কেঁচা ঘা; ভাৰতীয় সংসদত আক্ৰমণ আৰু পৰৱৰ্তী সময়ৰ ঘটনা প্ৰৱাহ - attack on Indian Parliament

২০০১ চনৰ ১৩ ডিচেম্বৰত পাকিস্তানৰ পৃষ্ঠপোষকতাত পাঁচটা সন্ত্ৰাসবাদীয়ে দেশৰ গণতন্ত্ৰৰ হৃদপিণ্ডত আক্ৰমণ কৰিছিল । এই আক্ৰমণত ছয়গৰাকী নিৰাপত্তা কৰ্মী, দুগৰাকী সংসদ সুৰক্ষা সেৱাৰ কৰ্মী আৰু এগৰাকী মালীসহ কমেও নগৰাকী লোকে প্ৰাণ হেৰুৱায় । ১৩ ডিচেম্বৰৰ ঘটনাৰ সবিশেষ স্মৃতিচাৰণেৰে এক বিশেষ প্ৰতিবেদন ।

December 13 Indian Parliament attack day
২০০১ চনৰ কেঁচা ঘা; ভাৰতীয় সংসদত আক্ৰমণ আৰু পৰৱৰ্তী সময়ৰ ঘটনা প্ৰৱাহ
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 12:13 PM IST

ভাৰতীয় সংসদত আক্ৰমণৰ ২২ বছৰ

নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : ভাৰতীয় সংসদে এক দুখজনক আক্ৰমণৰ সন্মুখীন হোৱাৰ ২২ বছৰ হ'ল । ২০০১ চনৰ ১৩ ডিচেম্বৰৰ দিনা দেশৰ গণতন্ত্ৰৰ ভেটি কঁপি উঠিছিল । পাকিস্তান নিৰ্দেশিত সন্ত্ৰাসবাদীয়ে চলোৱা এক নিৰ্মম আক্ৰমণত ছয়গৰাকী নিৰাপত্তাকৰ্মী, দুগৰাকী সংসদ সুৰক্ষা সেৱাৰ কৰ্মী আৰু এগৰাকী মালীকে ধৰি কমেও নজন লোকে প্ৰাণ হেৰুৱায় । ট্ৰেজেডী আৰু বীৰত্ব দুয়োটাকে চিহ্নিত কৰা এই ঘটনাটো এতিয়াও ৰাষ্ট্ৰৰ স্মৃতিত সজীৱ হৈ আছে ।

ঘটনাৰ পিছত তদানীন্তন গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানীয়ে লোকসভাত ভাষণ দি মন্তব্য কৰিছিল, "এতিয়া এইটো স্পষ্ট হৈ পৰিছে যে সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণ পাকিস্তানভিত্তিক আৰু সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন, যেনে লস্কৰ-ই-তৈবা আৰু জৈশ-ই-মহম্মদৰ দ্বাৰা যুটীয়াভাৱে সম্পাদন কৰা হৈছিল ।"

সেইদিনা কি ঘটিছিল ?

২০০১ চনৰ ১৩ ডিচেম্বৰৰ পুৱা প্ৰায় ১১.৩০ বজাত নিৰাপত্তা ব্যৱস্থা উলংঘন কৰি নতুন দিল্লীৰ সংসদ চৌহদত প্ৰৱেশ কৰিছিল সন্ত্ৰাসবাদীৰ দল । গধুৰ অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত পাঁচজনীয়া সন্ত্ৰাসবাদী দলটো ভুৱা ভিআইপি প্ৰৱেশপত্ৰ লৈ এখন বগা এম্বেছাদৰক চলাই ৰঙা লাইট জ্বলাই সংসদ চৌহদত প্ৰৱেশ কৰিছিল ।

সংসদ স্থগিত হোৱাৰ প্ৰায় ৪০ মিনিট পিছত এই অনুপ্ৰৱেশৰ ঘটনাটো সংঘটিত হয় । তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু বিৰোধী দলপতি ছোনিয়া গান্ধী ইতিমধ্যে সংসদৰ পৰা ওলাই গৈছিল । আনহাতে, গৃহমন্ত্ৰী এল কে আডৱানীকে ধৰি ১০০ গৰাকী সাংসদৰ বেছিভাগেই সংসদৰ ভিতৰত আছিল ।

সন্ত্ৰাসবাদীৰ গাড়ীখনে তদানীন্তন উপ-ৰাষ্ট্ৰপতি কৃষ্ণন কান্তৰ মটৰগাড়ীত খুন্দা মাৰিছিল, যাৰ ফলত এক অপৰিকল্পিত সংঘৰ্ষ আৰম্ভ হৈছিল । সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত ঘণ্টাজোৰা এক ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয় । পৰৱৰ্তী সময়ত পাঁচোজন সন্ত্ৰাসবাদীয়ে একে-৪৭ ৰাইফলেৰে গুলীচালনা কৰে আৰু বোমা নিক্ষেপ কৰে । অৱশ্যে সংঘৰ্ষৰ শেষত সন্ত্ৰাসবাদীকেইটা নিহত হয় । কিন্তু লগতে সংসদৰ নিৰাপত্তাৰক্ষী আৰু এগৰাকী মালীকে ধৰি দিল্লী আৰক্ষীৰ পাঁচগৰাকী জোৱানে প্ৰাণ হেৰুৱাবলগা হয় ।

কিন্তু এই আতংকৰ মাজতে সকলো মন্ত্ৰী আৰু সাংসদক কোনো ক্ষতি নোহোৱাকৈ বাহিৰলৈ উলিয়াই অনা হৈছিল । আনহাতে, ঘটনাটো দূৰদৰ্শনত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হৈছিল । এটা সন্ত্ৰাসবাদীয়ে গোলা-বাৰুদেৰে সজ্জিত হৈ সংসদ কক্ষৰ মুখ্য প্ৰৱেশদ্বাৰত নিজকে বিস্ফোৰিত কৰাইছিল ।

সন্ত্ৰাসবাদীকেইটাই সংসদ ভৱনত প্ৰৱেশৰ লক্ষ্য লৈছিল আৰু সাংসদ আৰু মন্ত্ৰীসকলৰ ওপৰত নিৰ্বিচাৰে লক্ষ্য কৰি লৈছিল । ২৬/১১-ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ দৰে ঘটনাৰ তুলনাত এই আক্ৰমণত তুলনামূলকভাৱে কম মৃত্যু হ'লেও, এই ঘটনাটো আছিল ভাৰতীয় গণতন্ত্ৰৰ হৃদপিণ্ডক লক্ষ্য কৰি লোৱাৰ এক মচিব নোৱাৰা আঘাতৰ দাগ ।

আনহাতে, সংসদ চৌহদৰ নিৰাপত্তা ব্যৱস্থা উলংঘনে চৌহদটোত পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তা ব্যৱস্থাৰ অভাৱৰ কথাটো উন্মোচিত কৰে । যাৰ ফলত চৰকাৰক নিৰাপত্তা ব্যৱস্থা বৃদ্ধিত গুৰুত্বপূৰ্ণ বিনিয়োগ কৰিবলৈ আহ্বান জনোৱা হয় । ঘটনাটোৰ পৰৱৰ্তী অনুসন্ধানত আফজল গুৰু, এছএআৰ গিলানি, চৌকত হুছেইন আৰু নৱজ্যোত সান্ধু গোচৰটোৰ সৈতে জড়িত থকাটো ধৰা পৰে ।

আক্ৰমণৰ পৰৱৰ্তী পৰ্যায়

আক্ৰমণটো সংঘটিত হোৱাৰ পিছত দিল্লী আৰক্ষীৰ বিশেষ কোষে ৭২ ঘণ্টাৰ ভিতৰতে ঘটনাটোৰ মূল দিশ উন্মোচিত কৰে । অনুসন্ধানত প্ৰকাশ পায় যে আত্মঘাতী দলটোৰ পাঁচজন সন্ত্ৰাসবাদীৰ আটাইকেইজন পাকিস্তানী নাগৰিক আছিল । তেওঁলোক সন্ত্ৰাসবাদী গোট লস্কৰ-ই-তৈবা আৰু জৈশ-ই-মহম্মদৰ সৈতে জড়িত আছিল ।

জেকেএলএফৰ এজন প্ৰাক্তন সন্ত্ৰাসবাদী মহম্মদ আফজল গুৰু, তেওঁৰ সম্পৰ্কীয় ভাতৃ চৌকত হুছেইন গুৰু, চৌকতৰ পত্নী আফছান গুৰু আৰু দিল্লী বিশ্ববিদ্যালয়ৰ আৰবী প্ৰবক্তা এছএআৰ গিলানিয়ে বিচাৰ প্ৰক্ৰিয়াৰ পিছত শাস্তিৰ সন্মুখীন হৈছিল আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল । পিছত অৱশ্যে যদিও আফছানক নিৰ্দোষী সাব্যস্ত কৰা হয় আৰু গিলানীক প্ৰথমতে মৃত্যুদণ্ড দিয়া হয় । কিন্তু পিছত ২০০৫ চনত উচ্চতম ন্যায়ালয়ে তেওঁক নিৰ্দোষী সাব্যস্ত কৰে । কিন্তু আফজল গুৰুক ২০১৩ চনত ফাঁচি দিয়া হয় ।

সংসদ আক্ৰমণৰ প্ৰতিক্ৰিয়া কেৱল ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীতে সীমাবদ্ধ নাছিল । এই ঘটনাটোৱে ভাৰত আৰু পাকিস্তানক প্ৰায় যুদ্ধৰ ওচৰলৈ ঠেলি দিছিল । ভাৰত-পাক অচলাৱস্থাই সেনাবাহিনীৰ মাজত এক বৃহৎ তৎপৰতা দেখুৱাইছিল । এক অনুমান অনুসৰি সীমান্তত ৫ লাখতকৈও অধিক ভাৰতীয় সেনা মোতায়েন কৰা হৈছিল । সৰ্বাধিক পাৰমাণৱিক যুদ্ধৰ আশংকা বৃদ্ধি পোৱাত আৰু বিশ্ব সম্প্ৰদায়ো প্ৰায় শ্বাসৰুদ্ধ হোৱাৰ দৰো হৈছিল ।

ভাৰতৰ কূটনৈতিক প্ৰতিক্ৰিয়াৰ ভিতৰত আছিল ভাৰতীয় উচ্চায়ুক্তক ঘূৰাই অনা আৰু পাকিস্তানৰ পৰা অহা-যোৱা কৰা অসামৰিক বিমানৰ ওপৰত নিষেধাজ্ঞা । অৱশ্যে এই পৰিস্থিতিত আন্তৰ্জাতিক সম্প্ৰদায়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তদানীন্তন আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বে চুবুৰীয়া দেশ দুখনৰ মাজত বিষয়বোৰ নিষ্পত্তি কৰিবলৈ দুয়োখন ৰাষ্ট্ৰৰ সৈতে আলোচনাত মিলিত হৈছিল ।

আনহাতে, পাকিস্তানী পক্ষৰ পৰাও এক গুৰুত্বপূৰ্ণ ঘটনাৰ উদ্ভৱ হৈছিল । ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে সংসদৰ আক্ৰমণক সন্ত্ৰাসবাদী কাৰ্য বুলি গৰিহণা দিছিল আৰু আমেৰিকাৰ ওপৰত ৯/১১-ৰ আক্ৰমণৰ সমান্তৰালকৈ এই ঘটনাক মূল্যান কৰিছিল । আমেৰিকা আৰু ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ বৰ্ধিত চাপৰ সন্মুখত মুশ্বাৰফে নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি জৈশ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাকে ধৰি পাঁচটা জিহাদী সংগঠনক নিষিদ্ধ কৰে । তেওঁ মাদ্ৰাছাসমূহক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তাৰ কথাও স্বীকাৰ কৰিছিল ।

২০০২ চনৰ ১২ জানুৱাৰীত মুশ্বাৰফে দেশবাসীক সম্বোধন কৰি ঘোষণা কৰে যে পাকিস্তানে 'নিজৰ মাটিৰ পৰা কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অনুমতি নিদিব' । যদিও কিছুমানে 'অপাৰেচন পৰাক্ৰম'ক প্ৰতিৰোধক হিচাপে গণ্য কৰিছিল, ২০০৮ চনত মুম্বাইৰ ২৬/১১-ৰ আক্ৰমণে সন্ত্ৰাসবাদ নিৰ্মূলত থকা প্ৰত্যাহ্বানক প্ৰদৰ্শন কৰিছিল ।

চিআৰপিএফৰ পৰিদৰ্শক সন্তোষ কুমাৰে ৩ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰিছিল

পিতৃৰ পদাংক অনুসৰণ কৰি সন্তোষ কুমাৰে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীত (চিআৰপিএফ) যোগদান কৰিছিল । তেওঁ চিআৰপিএফৰ পৰিদৰ্শক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । কিন্তু যোগদানৰ ছয় মাহৰ পিছতে ভাৰতীয় সংসদত নিৰাপত্তাকৰ্মী হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় নায়কজনে ২০০১ চনৰ ১৩ ডিচেম্বৰত গণতন্ত্ৰৰ হৃদয়ত আক্ৰমণ কৰা পাঁচজন সন্ত্ৰাসবাদীৰ ভিতৰত তিনিজনক গুলীয়াই হত্যা কৰিছিল । উত্তৰ প্ৰদেশৰ গাজীপুৰৰ বাসিন্দা সন্তোষ কুমাৰৰ বয়স তেতিয়া আছিল ২১ বছৰ মাত্ৰ ।

সেই দিনটোৰ পৰা মনত পেলালে হয়তো বহু সাহসিকতাৰ কাহিনী ক'ব পাৰি । কিন্তু সন্ত্ৰাসবাদীৰ এই মাৰাত্মক আক্ৰমণটোৰ কথা উল্লেখ কৰিব গ'লে, যদি সকলোবোৰ সন্ত্ৰাসবাদীৰ পৰিকল্পনা অনুসৰি হ'লহেঁতেন তেন্তে ই কিমান মাৰাত্মক হ'লহেঁতেন সেয়া কল্পনাও কৰিব নোৱাৰি । ১৩ ডিচেম্বৰৰ দিনটো ইতিহাসত ৰাষ্ট্ৰখনে দেখা আটাইতকৈ দুখদায়ক দিন হিচাপে স্বাক্ষৰিত হৈছে । সংসদ আক্ৰমণৰ এই ২২ সংখ্যক বাৰ্ষিকীত সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি যুঁজ দি অহা সকলো সাহসী সেনা আৰু নিৰাপত্তা কৰ্মীক সমগ্ৰ ৰাষ্ট্ৰই অভিবাদন জনোৱাৰ লগতে তেওঁলোকৰ বীৰত্বক স্মৰণ কৰিছে ।

লগতে পঢ়ক :নিৰ্বিচাৰ বোমা বিস্ফোৰণৰ বাবে আন্তৰ্জাতিক সমৰ্থন হেৰুৱাইছে ইজৰাইলে; বাইডেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.