ETV Bharat / bharat

নৌ-সেনাত সংযোজন স্কৰপিয়ন ক্লাছৰ পঞ্চমখন ছাবমেৰিন "ভাগিৰ"

author img

By

Published : Nov 12, 2020, 12:30 PM IST

ভাৰতীয় নৌ-সেনাত সংযোজন অত্যাধুনিক প্ৰযুক্তিসম্পন্ন স্কৰপিয়ন ক্লাছৰ পঞ্চমখন ছাবমেৰিন ৷ মাজগাঁও ডকত নিৰ্মাণ কৰা ছাবমেৰিণখন নৌ-সেনাৰ প্ৰজেক্ট 75ৰ অধীনত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াক উদ্বোধন কৰে প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইকে ৷

নৌ-সেনাত সংযোজন স্কৰপিয়ন ক্লাছৰ পঞ্চমখন ছাবমেৰিন "ভাগিৰ"
নৌ-সেনাত সংযোজন স্কৰপিয়ন ক্লাছৰ পঞ্চমখন ছাবমেৰিন "ভাগিৰ"

নিউজ ডেস্ক, 12 নৱেম্বৰ : ভাৰতীয় নৌ-সেনাত সংযোজন অত্যাধুনিক ছাবমেৰিণ "ভাগিৰ" ৷ নৌ-সেনাৰ অধীনস্থ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰজেক্ট 75ৰ অধীনত আৰৱ সাগৰস্থিত মাজগাঁও ডকত প্ৰস্তুক কৰি তুলা ভাৰতীয় নৌ-সেনাৰ স্কৰপিয়ন ক্লাছৰ পঞ্চমখন ছাবমেৰিণ হৈছে "ভাগিৰ" ৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইকে নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সযোগে ছাবমেৰিণখন নৌ-সেনাত আনুষ্ঠানিকভাৱে সংযোজন কৰে ৷

ফ্ৰান্সৰ নৌ-প্ৰতিৰক্ষা আৰু শক্তি উদ্যোগ ডিচিএনএছে আৰ্হি প্ৰস্তুত কৰা স্কৰপিয়ন শ্ৰেণীৰ শেহতীয়া সংযোজন হৈছে "ভাগিৰ" ৷ ইয়াক ভাৰতীয় নৌ-সেনাৰ প্ৰজেক্ট 75ৰ সহযোগত থলুৱাভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে ৷

স্কৰপিয়ন ক্লাছৰ প্ৰথমখন ছাবমেৰিণ হৈছে আইএনএছ কালভাৰি আৰু ইয়াক 2017 চনত নৌ-সেনাত সংযোজন কৰা হৈছিল ৷ ইয়াৰ পূৰ্বেই স্কৰপিয়ন ক্লাছৰ খান্দেৰি, কৰঞ্জ আৰু ভেলাক নৌ-সেনাৰ সেৱাত নিয়োজিত কৰা হৈছিল ৷ স্কৰপিয়ন ক্লাছৰ ছাবমেৰিণ ভাৰতীয় নৌ-সেনাৰ সহায়ক হোৱাকৈ অত্যাধুনিক তথা স্বদেশী প্ৰযুক্তিৰ সংযোজনেৰে নিৰ্মাণ কৰা হৈছে ৷ এইসমূহ ছাবমেৰিণক এন্টি-ছাৰফেচ যুদ্ধশৈলী, এন্টি-ছাবমেৰিণ যুদ্ধশৈলী, চোৰাংচোৱাগিৰি, মাইন সংস্থাপন আৰু অঞ্চলৰ নিৰীক্ষণত ব্যৱহাৰ কৰা হয় ৷

লগতে পঢ়ক : পাকিস্তানৰ শীৰ্ষ সন্ত্ৰাসবাদী হাফিজ চৈয়দৰ মুখপাত্ৰক 32 বৰ্ষৰ বাবে জেললৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.