নিউজ ডেস্ক, 4 ডিচেম্বৰ : 1971 চনৰ ভাৰত-পাক যুদ্ধৰ সময়চোৱাত ভাৰতীয় নৌ সেনাৰ অপাৰেশ্যন ‘ট্ৰাইডেণ্ট’ (Trident)ক স্মৰণ কৰাৰ বাবে প্ৰতিবছৰে 4 ডিচেম্বৰৰ দিনটো ‘ভাৰতীয় নৌ সেনা দিৱস ’ (Indian Navy Day) হিচাপে পালন কৰা হয় ৷ দেশৰ সামুদ্ৰিক সীমা সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় নৌ সেনাৰ সাহসী প্ৰচেষ্টা আৰু ভূমিকাক স্বীকৃতি প্ৰদানৰ বাবে এই দিৱসটি পালন কৰা হয় ৷ যিহেতু এই বিশেষ দিনটো ভাৰতীয় নৌ বাহিনীক উৎসৰ্গিত কৰা হৈছে, ইয়াত ভাৰতীয় নৌ-সেনাৰ কেইটামান মুখ্য জাহাজৰ তালিকা দিয়া হৈছে-
আই এন এছ বিক্ৰমাদিত্য (INS VIKRAMADITYA)
আই এন এছ বিক্ৰমাদিত্য হ’ল এখন Indian Carrier ship, যিয়ে 30 খনতকৈও অধিক বিমান কঢ়িওৱাৰ উপৰিও মিগ 29কে/চি হেৰিয়াৰ, কামোভ 31, কামোভ 28, Sea King, ALH-Dhruv আৰু চেতক হেলিকপ্তাৰ কঢ়িয়াব পাৰে ৷

আই এন এছ বিক্ৰান্ত (INS VIKRANT)
আই এন এছ বিক্ৰান্তক থলুৱা বিমান বাহক (Indigenous Aircraft Carrier). এইখন ভাৰতত নিৰ্মিত প্ৰথমখন aircraft carrier ৷ জাহাজখন নামকৰণ সংস্কৃত শব্দ ‘বিক্ৰান্ত’ৰ পৰা কৰা হৈছে, যাৰ অৰ্থ ‘সাহসী’ অথবা ‘সাহস’ ৷ জাহাজখনৰ basin ট্ৰায়েল 2020 চনত সম্পূৰ্ণ কৰা হয় আৰু 2021 ৰ শেষৰফালে ইয়াৰ সাগৰীয় পৰীক্ষণ আৰম্ভ কৰাৰ সম্ভাৱনা আছে ৷

আই এন এছ চক্ৰ (INS CHAKRA)
ই হ’ল এক নিউক্লিয়াৰ পাৱাৰ বেলিষ্টিক মিছাইল চাবমেৰিন ৷ এইটো দ্বিতীয় পাৰমাণৱিক শক্তিচালিত আক্ৰমণাত্মক চাবমেৰিন, যাক ভাৰতে ৰাছিয়াৰ পৰা লীজত লৈছিল ৷

আই এন এছ অৰিহাণ্ট (INS ARIHANT)
ভাৰতৰ নিউক্লিয়াৰ পাৱাৰ বেলিষ্টিক মিছাইল চাবমেৰিনৰ ভিতৰত আই এন এছ অৰিহাণ্ট (SSBN 80) হ’ল অৰিহাণ্ট শ্ৰেণীৰ মুখ্য জাহাজ ৷ এই জাহাজখন 2009 চনত বিশাখাপট্টনামত ভাৰতীয় নৌ-সেনাৰ dockyard ত মুকলি কৰা হৈছিল ৷

আই এন এছ দিল্লী (INS DELHI)
আই এন এছ দিল্লী হৈছে ভাৰতীয় নৌ সেনাৰ গাইডেড-মিছাইল ধ্বংসকাৰী শ্ৰেণীৰ মুখ্য জাহাজৰ যাক ভাৰতত ডিজাইন আৰু নিৰ্মাণ কৰা হৈছে । ই ১৯৯৭ চনত আৰম্ভ কৰা সৰ্ববৃহৎ যুঁজাৰু জাহাজসমূহৰ ভিতৰত এখন ৷

আই এন এছ মহীশূৰ (INS MYSORE)
আই এন এছ মহীশূৰ হৈছে ফিজি শ্ৰেণীৰ ক্ৰুজাৰ (Fiji-class cruiser) ৷ যাক 1957 চনত ভাৰতীয় নৌ সেনাত অন্তৰ্ভূক্ত কৰা হৈছিল । ৱেষ্টাৰ্ণ ফ্লীট অপাৰেচন (Western Fleet Operations)ৰ সময়ত ইয়াৰ অসামান্য অৱদানৰ বাবে ই জনাজাত । Mysore শব্দটোৰ অৰ্থ হৈছে 'সদায় নিৰ্ভীক' ৷

আই এন এছ ৰাণা (INS RANA)
আই এন এছ ৰাণা হৈছে ৰাজপুত শ্ৰেণীৰ গাইডেড-মিছাইল ধ্বংসকাৰীসকল (Rajput class guided-missile destroyer)ৰ ভিতৰত এটা । ইয়াক কাশিন-২ (Kashin-II) শ্ৰেণী বুলিও জনা যায় । BrahMos supersonic cruise missile systems মোতায়েন কৰা ভাৰতীয় নৌ সেনাৰ এইসমূহ হ’ল প্ৰথম জাহাজ । 'Rana' শব্দটোৰ অৰ্থ হৈছে 'যুঁজৰ বাবে সাজু'। ইয়াক ১৯৮২ চনত আৰম্ভ কৰা হৈছিল ।

লগতে পঢ়ক : Air Force Practice : উত্তৰ-পূৱৰ বিমানবন্দৰত বায়ুসেনাৰ অনুশীলন