নেচনেল ডেস্ক,19 মে': আৰৱ সাগৰত এক বৃহৎ অনুসন্ধান তথা উদ্ধাৰ অভিযান চলাই ভাৰতীয় নৌসেনা (আইএন) আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনী (আইচিজি)-এ টাউতেৰ ফলত দুখনকৈ নাৱত আৱদ্ধ হৈ মৃত্যুৰ সৈতে যুঁজ দিয়া 314 গৰাকী লোকক উদ্ধাৰ কৰে ৷ মঙলবাৰে বিভাগীয় বিষয়াসকলে এই কথা সদৰী কৰিছে ৷
কোলাবা পইণ্টৰ কাষত প্ৰচণ্ড ঢৌ, ধাৰাসাৰ বৰষুণ, ঘন্টাত 100 কিল’মিটাৰ অধিক বেগত বলি থকা তীব্ৰ বতাহৰ সৈতে যুঁজি হেলিকপ্তাৰ আৰু জাহাজেৰে অভিযান চলাই নৌসেনা আৰু উপকূলৰক্ষী বাহিনীয়ে বাৰ্জ জিএএল কনষ্ট্ৰাক্টৰত থকা 137 গৰাকী লোকক উদ্ধাৰ কৰে ৷ একেদৰে পুৱাৰ ভাগত জাহাজখন সাগৰত ডুব গ'লেও আইএনএছ কোচি, আইএনএছ কলকাতা, অ'এছভি অহিল্যা, অ'এছভি অ'চিন এনাৰ্জি, চি কিং হেলিকপ্তাৰৰ সহায়ত পাপা-305 ৰ পৰা 273 গৰাকীৰ ভিতৰত 177 গৰাকীক উদ্ধাৰ কৰা হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি, মাজনিশা হোৱা এক ভূমিস্খলনৰ পাচতে টাউতেৰ তীব্ৰতা ক্ৰমাৎ হ্ৰাস পোৱাত পানীত আৱদ্ধ অন্য লোকসকলক উদ্ধাৰৰ বাবে পুনৰ প্ৰচেষ্টা চলোৱা হৈছে ৷
তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড (অ’এনজিচি) এ জানিবলৈ দিয়া মতে, টাউতেৰ সংহাৰ অব্যাহত থকাৰ সময়ত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত এটা ড্ৰিলিং ৰিগ আৰু এফকনছ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড (এআইএল) ৰ তিনিখন নিৰ্মাণৰত জাহাজ ক্ষতিগ্ৰস্ত হৈছে ৷ এই জাহাজ কেইখন হ'ল অ'এনজিচি ড্ৰিল জাহাজ 'সাগৰ ভূষণ' আৰু এআইএলৰ বাৰ্জ গাল কনষ্ট্ৰাক্টৰ, ইতিমধ্যে ডুব যোৱা পাপা-305 আৰু অ'এনজিচিৰ দুখন অফশ্বৰ জাহাজক সহায় কৰাৰ উদ্দেশ্যে উত্তৰ পশ্চিম দিশে গৈ থকা বাৰ্জ চাপ’ৰ্ট ষ্টেচন-3 ৷
নৌসেনা আৰু উপকূলৰক্ষী বাহিনীৰ মতে, এই ঘটনাসমূহত 707 গৰাকী লোক জড়িত আছিল আৰু ইয়াৰ ভিতৰত কেৱল 314 গৰাকীকহে উদ্ধাৰ কৰিব পৰা গৈছে ৷ অৱশ্যে বাকী লোকসকলক উদ্ধাৰৰ উদ্দেশ্যে বিগত 24 ঘণ্টাৰ পৰা অভিযান অব্যাহত আছে ৷
লগতে পঢ়ক: কি এই টাউতে ? ম্যানমাৰে কিয় দিলে এই নাম...