ETV Bharat / bharat

সামুদ্ৰিক অনুশীলনত অংশগ্ৰহণ ভাৰত-ভিয়েটনামৰ - দক্ষিণ চীন সাগৰ

ভিয়েটনাম নৌ সেনাৰ সৈতে ভাৰতীয় নৌ সেনাৰ সামুদ্ৰিক অনুশীলন ৷ ভিয়েটনামলৈ বান সাহাৰ্য কঢ়িয়াই নিয়া INS Kiltan য়ে উভতি অহা পথত এই অনুশীলনত অংশগ্ৰহণ কৰে ৷

Indian naval ship conducts 'passage exercise' with Vietnamese Navy
ভিয়েটনাম নৌ সেনাৰ সৈতে ভাৰতীয় নৌ সেনাৰ সামুদ্ৰিক অনুশীলন
author img

By

Published : Dec 28, 2020, 7:56 AM IST

নেশ্যনেল ডেস্ক, 28 ডিচেম্বৰ : ভিয়েটনাম নৌ বাহিনীৰ সৈতে ভাৰতীয় নৌ সেনাই এক সামুদ্ৰিক অনুশীলনত অংশগ্ৰহণ কৰে ৷ দুই দেশৰ মাজত সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে দক্ষিণ চীন সাগৰত এই অনুশীলন কৰে ৷ দেওবাৰে এক চৰকাৰী বিবৃতিত ভাৰতীয় নৌ সেনাই এই তথ্য প্ৰদান কৰে ৷ ভাৰতীয় নৌ জাহাজ INS Kiltan য়ে ভিয়েটনামত বান পীড়িত লোকলৈ সাহাৰ্য কঢ়িয়াই নিছিল আৰু উভতি অহাৰ পথত শনিবাৰে এই অনুশীলনত অংশ লয় ৷

বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা উদ্বিগ্নতা আৰু সমালোচনা লাভ কৰাৰ পাচতো চীনে দক্ষিণ চীন সাগৰত সামুদ্ৰিক গতিবিধি বৃদ্ধি কৰাৰ সময়তে ভাৰত-ভিয়েটনামে এই অনুশীলনত অংশগ্ৰহণ কৰে ৷

ভাৰতীয় নৌ সেনাই দেওবাৰে এক টুইটাৰৰ জৰিয়তে কয়, "26 ডিচেম্বৰ, 2020 ত ভাৰতীয় নৌ সেনা আৰু ভিয়েটনাম পিপলছ নেভীয়ে PASSEX অনুশীলনত অংশ লয় ৷ ইয়াৰ জৰিয়তে সামুদ্ৰিক সহযোগিতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হয় ৷"

বৃহস্পতিবাৰে INS Kiltan হো চি মিন চিটীৰ না ৰাং পৰ্টত উপস্থিত হয় ৷ এই জাহাজে ভিয়েটনামলৈ কঢ়িয়াই নিয়ে 15 টন বান সাহাৰ্য ৷

উল্লেখ্য যে, এই বছৰৰ অক্টোবৰ-নৱেম্বৰ মাহত বানৰ ফলত ভিয়েটনামত প্ৰাণ হেৰুৱালে 230 ৰো অধিক লোকে ৷

যোৱা সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিয়েটনামৰ প্ৰধানমন্ত্ৰী এগুয়েন ছুৱান ফুকৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ কৰে ৷ এই বৈঠকতে দুয়ো পক্ষই সামুদ্ৰিক প্ৰতিৰক্ষা আৰু সুৰক্ষাজনিত সহযোগিতাৰ বাবে সন্মতি প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক : জৰ্ডানত দুগৰাকীৰ দেহত ক'ভিড-19 ৰ নতুন লক্ষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.