ETV Bharat / bharat

পেলেষ্টাইনত ভাৰতীয় ৰাষ্ট্ৰদূতৰ মৃত্যু

দেওবাৰে ৰামাল্লাহৰ চৰকাৰী বাসভৱনত মৃত্যুহয় পেলেষ্টাইনত থকা ভাৰতৰ ৰাষ্ট্ৰদূত মুকুল আৰ্যৰ ৷ মুকুল আৰ্যৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে টুইটাৰযোগে শোক প্ৰকাশ কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে (S Jaisankar condolences on death of Mukul Arya) ৷

author img

By

Published : Mar 7, 2022, 2:50 PM IST

Indian envoy in Palestine passes away at Ramallah

নিউজ ডেস্ক, 7 মাৰ্চ : পেলেষ্টাইনত থকা ভাৰতীয় প্ৰতিনিধি মুকুল আৰ্যৰ মৃত্যু (Indian envoy Mukul Arya passes away)৷ দেওবাৰে ৰামাল্লাহৰ তেওঁৰ কাৰ্যলয়ৰ বাসভৱনত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় মুকুল আৰ্যক (Indian envoy in Palestine passes away at Ramallah) ৷ ভাৰত আৰু পেলেষ্টাইন দুয়ো দেশৰে কৰ্তৃপক্ষৰ তৰফৰ পৰা মুকুল আৰ্যৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই ৷

2008 বৰ্ষৰ আই এফ এছ বিষয়া আছিল মুকুল আৰ্য ৷ মুকুল আৰ্যৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে টুইটাৰযোগে শোক প্ৰকাশ কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে (S Jaisankar condolences on death of Mukul Arya) ৷ নিজৰ শোকবাৰ্তাত তেওঁ লিখে যে, ৰামাল্লাহত ভাৰতীয় প্ৰতিনিধি গৰাকীৰ মৃত্যুৰ খবৰে গভীৰভাৱে আচৰিত কৰি তুলিছে ৷ তেওঁ এগৰাকী দক্ষ বিষয়া আছিল ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ অধীনত দিল্লীত কৰ্মৰত আছিল মুকুল আৰ্য ৷ ইয়াৰ লগতে পেৰিছত ইউনেস্ক’ৰ ভাৰতীয় প্ৰতিনিধি দল, কাবুল আৰু মস্কোৰ ভাৰতীয় দূতাবাসতো কৰ্তব্য সম্পাদন কৰিছিল এইগৰাকী বিষয়াই ৷ পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰণালয়ে টুইটাৰযোগে উল্লেখ কৰিছে যে, তেওঁলোকে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ সৈতে যোগাযোগ কৰি মুকুল আৰ্যৰ মৃতদেহ স্বদেশলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে ৷ পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মহম্মদ আব্বাছ আৰু প্ৰধানমন্ত্ৰী মহম্মদ ষ্টায়েহে তাৎক্ষণিকভাৱে সকলো ধৰণৰ নিৰাপত্তাৰ বাবে নিৰ্দেশ দিছে ৷

ইয়াৰ লগতে ফৰেন্সিক মেডিচিন আৰু স্বাস্থ্যমন্ত্ৰণালয়ক নিৰ্দেশ দিছে ভাৰতীয় ৰাষ্ট্ৰদূতৰ বাসভৱনত তাৎক্ষণিকভাৱে উপস্থিত হৈ মৃত্যুৰ কাৰণ সন্দৰ্ভত পৰীক্ষা-নীৰিক্ষা চলোৱাৰ নিৰ্দেশ দিছে ৷

লগতে পঢ়ক : Russia Ukraine crisis: সাময়িক যুদ্ধ বিৰতি ঘোষণা ৰাছিয়ান সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.