ETV Bharat / bharat

চাৰিদিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ কোৰিয়াত স্থলসেনা প্ৰধান

author img

By

Published : Dec 27, 2020, 5:00 PM IST

দেওবাৰে দক্ষিণ কোৰিয়াত উপস্থিত হয় দেশৰ স্থলসেনা প্ৰধান জেন. নাৰাৱানে ৷ দক্ষিণ কোৰিয়ালৈ যোৱা দেশৰ প্ৰথমগৰাকী সেনা প্ৰধান হৈছে জেন. মনোজ মুকুন্দ নাৰাৱানে ৷

চাৰিদিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ কোৰিয়াত স্থলসেনা প্ৰধান
চাৰিদিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ কোৰিয়াত স্থলসেনা প্ৰধান

নিউজ ডেস্ক, 27 ডিচেম্বৰ : দেশৰ প্ৰথমগৰাকী সেনা প্ৰধান হিচাপে চাৰিদিনীয়া ভ্ৰমণসূচী লৈ দক্ষিণ কোৰিয়াত উপস্থিত হয় সেনাপ্ৰধান জেন. নাৰাৱানে ৷ এই ভ্ৰমণত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সামৰিক আৰু কূটনৈতিক সম্পৰ্কত আলোকপাত কৰিব সেনা প্ৰধান জেন. মনোজ মুকুন্দ নাৰাৱানে ৷ ছিউলস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ে এই কথা প্ৰকাশ কৰিছে ৷

বৃহস্পতিবাৰে ছিউলত উপস্থিত হোৱা সেনাপ্ৰধানে দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী চুহ ৱুক, দক্ষিণ কোৰিয়াৰ জইন্ট চীফ অৱ ষ্টাফৰ অধ্যক্ষ ৱন ইন চাউল, প্ৰতিৰক্ষা অধিগ্ৰহণ প্ৰকল্প প্ৰশাসক প্ৰধান কাং ইউন হো আৰু স্থলসেনা প্ৰধান নাম ইয়ং শ্বিনৰ সৈতে আলোচনাত মিলিত হয় ৷ দক্ষিণ কোৰিয়াৰ শীৰ্ষ সামৰিক বিষয়াসকলৰ সৈতে ভাৰত আৰু দক্ষিণ কোৰিয়াৰ উমৈহতীয়া সামৰিক সম্পৰ্ক বৃদ্ধি কৰা আৰু দুয়োপক্ষৰ সেনাৰ যুটীয়া অনুশীলন তথা কূটনৈতিক সম্পৰ্ক বৃদ্ধি কৰাৰ দিশটো আলোচনাত মিলিত মিলিত হয় সেনাপ্ৰধান জেন. নাৰাৱানে ৷

2019ৰ ডিচেম্বৰত দেশৰ স্থলসেনাধ্যক্ষ হিচাপে নিযুক্ত হৈছিল জেন. নাৰাৱানে ৷ ইয়াৰ পূৰ্বে তেওঁ উপ-সেনাধ্যক্ষ, ইষ্টাৰ্ণ কামাণ্ডৰ কামাণ্ডাৰ ইন চীফ, আৰু আৰ্মি ট্ৰেইনিং কামাণ্ডাৰ কামাণ্ডাৰ ইন চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ইয়াৰ লগতে শ্ৰীলংকাত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ দায়িত্ব পালনৰ উপৰিও ম্যানমাৰত ভাৰতৰ প্ৰতিৰক্ষা আট্টাছি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ৷

উল্লেখ্য যে, চলিত বৰ্ষত দেশৰ প্ৰথমগৰাকী সেনাপ্ৰধান হিচাপে তেওঁ ভ্ৰমণ কৰিছিল ছৌদি আৰৱ আৰু সংযুক্ত আৰৱ গণৰাজ্য ৷ জেন. নাৰাৱানে হৈছে দেশৰ প্ৰথমগৰাকী চাৰি তাৰকাযুক্ত সেনাপ্ৰধান যিয়ে দুয়োখন দেশৰ লগতে শেহতীয়াকৈ দক্ষিণ কোৰিয়াত উপস্থিত হৈছে ৷

লগতে পঢ়ক : ছৌদিৰ শীৰ্ষ সেনা বিষয়াৰ সৈতে আলোচনাত মিলিত জেন. নাৰাভানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.