ETV Bharat / bharat

Indus Waters Treaty: সিন্ধু জল চুক্তিৰ সংশোধন বিচাৰি পাকিস্তানলৈ ভাৰতৰ পত্ৰ

author img

By

Published : Jan 27, 2023, 9:15 PM IST

পাকিস্তানৰ সৈতে 1960 চনত স্বাক্ষৰিত হোৱা সিন্ধু জল চুক্তি সংশোধৰ বাবে পাকিস্তানলৈ ভাৰতে প্ৰেৰণ কৰিছে জাননী ৷ জম্মু-কাশ্মীৰত অৱস্থিত ভাৰতৰ কিষাণগংগা আৰু ৰেটলে জলবিদ্যুৎ প্ৰকল্পৰ সমস্যা নিষ্পত্তিৰ ক্ষেত্ৰত ভাৰতে সন্মুখীন হোৱা সমস্যা সমাধানৰ বাবে পাকিস্তানে কোনো গুৰুত্ব প্ৰদান কৰাৰ বাবেই ক্ষুব্ধ হৈ পৰিছে ভাৰত ৷

Indus Waters Treaty
সিন্ধু জল চুক্তিৰ সংশোধন বিচাৰি পাকিস্তানলৈ ভাৰতৰ পত্ৰ

নিউজ ডেস্ক, 27 জানুৱাৰী: সিন্ধু জল চুক্তি(Indus Waters Treaty) কাৰ্যকৰীকৰণত পাকিস্তানৰ বাধাৰ পিচতেই চুক্তি সংশোধনৰ দাবী জনাইছে ভাৰতে ৷ কাৰণ পাকিস্তানৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে ভাৰত ৷ পৰিণতিত পাকিস্তানলৈ জাননী প্ৰেৰণ কৰিলে ভাৰত চৰকাৰে ৷ জাননীৰ উত্তৰ দিয়াৰ বাবে পাকিস্তানক 90 দিনৰ সময়সীমা বান্ধি দি ইছলামাবাদলৈ জাননী প্ৰেৰণ ভাৰত চৰকাৰৰ ৷ স্মৰ্তব্য যে, 1960 চানত বিশ্ব বেংকৰ দ্বাৰা ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত হৈছিল সিন্ধু জল চুক্তি ৷

উল্লেখ্য যে, জম্মু-কাশ্মীৰত অৱস্থিত ভাৰতৰ কিষাণগংগা আৰু ৰেটলে জলবিদ্যুৎ প্ৰকল্পৰ(Kishanganga and Ratle hydroelectric projects) ক্ষেত্ৰত ভাৰতে 2015 চনৰ পৰা সন্মুখীন হৈ আহিছিল সমস্যাৰ ৷ কিন্তু সেই সমস্যা সমাধানৰ বাবে গুৰুত্ব প্ৰদান কৰা নাছিল পাকিস্তান চৰকাৰে ৷ যাৰ বাবে ভাৰতে এতিয়া পাকিস্তানৰ বিৰুদ্ধে সিন্ধু জল চুক্তিৰ নৱম অনুচ্ছেদৰ অধীনত পৰিকল্পনা কৰা বিবাদ নিষ্পত্তিৰ "শ্ৰেণীবদ্ধ প্ৰণালী" উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷

কিষাণগংগা আৰু ৰেটলে জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত সৃষ্টি হৈ অহা সমস্যা সমাধানৰ বাবে পাকিস্তানে 2015 চনৰ পৰাই এগৰাকী নিৰপেক্ষ বিশেষজ্ঞৰ সন্ধানত আছে যদিও পৰৱৰ্তী সময়ত সেই সিদ্ধান্ত একপক্ষীয় ভাৱে প্ৰত্যাহাৰ কৰি জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত উৎপত্তি হোৱা বিবাদ আদালতৰ মজিয়াত নিষ্পত্তিৰ প্ৰস্তাৱ দিছিল পাকিস্তানে ৷ পাকিস্তানৰ এনে কূটনীতিৰ পৰিৱৰ্তে ভাৰতে নিৰপেক্ষ বিশেষজ্ঞৰে সমস্যা সমাধান কৰিব বিচাৰিছিল যদিও পাকিস্তানৰ বিধি-পথালিৰ বাবে সেয়া আজিলৈকে সম্ভৱ হৈ নুঠিল ৷

কেৱল সিমানেই নহয়, পাকিস্তানে 2017 চনৰ পৰা 2022 চনৰ ভিতৰত অনুষ্ঠিত স্থায়ী সিন্ধু আয়োগৰ বৈঠকত বিষয়টো আলোচনা কৰিবলৈয়ো অস্বীকাৰ কৰে ৷ 1960 চনত স্বাক্ষৰিত হোৱা সিন্ধু চুক্তি অনুসৰি কেইবাখনো নৈৰ পানী একেলগে ব্যৱহাৰ কৰিবলৈ সহমতত উপনীত হৈছিল ভাৰত আৰু পাকিস্তান(India Pak water treaty) ৷ কিন্তু কিষাণগংগা আৰু ৰেটলে জলবিদ্যুৎ প্ৰকল্পৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পাকিস্তানে লোৱা ভূমিকাত ক্ষুব্ধ হৈ পৰিছে ভাৰত ৷ কিন্তু ভাৰত চৰকাৰৰ জাননীৰ উত্তৰ এতিয়া কিদৰে দিয়ে ইছলামাবাদে সেয়াহে হ’ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক: Pakistan Crisis : ১৯৯৯ চনৰ পাছত পাকিস্তানী মুদ্ৰাৰ সৰ্বাধিক পতন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.