ETV Bharat / bharat

ভাৰতৰ ভেকচিন পৰিকল্পনাত লাগিল আউল : চীনে বাংলাদেশক দিলে ঈদৰ উপহাৰ - দিল্লী

বাংলাদেশলৈ ঈদৰ উপহাৰ হিচাবে চীনে পঠালে কৰ’ণাৰ ভেকচিন ৷ বাংলাদেশলৈ ৫ লাখ ভেকচিনৰ উপহাৰ চীনৰ ৷

ভাৰতৰ ভেকচিন পৰিকল্পনাত লাগিল আউল : চীনে বাংলাদেশক দিলে ঈদৰ উপহাৰ

author img

By

Published : May 14, 2021, 8:12 PM IST

বুধবাৰে পোৱা ৫:৩০ বজাত এখন বাংলাদেশ বায়ুসেনাৰ চি ১৩০ জি বিমানে বাংলাদেশৰ ঢাকা বিমান বন্দৰত অৱতৰণ কৰিছিল, য'ত আছিল চাইন'ফাৰ্মা নামৰ চীনত নিৰ্মিত কৰ’ণা ভেকচিন । এই ভেকচিন চীনৰ পৰা বাংলাদেশলৈ লৈ যোৱা হৈছিল যাক বাংলাদেশ চৰকাৰে দক্ষিণ এছিয়া দেশখনৰ পৰা দিয়া ঈদৰ উপহাৰ হিচাবে গণ্য কৰিছে । চীনত তৈয়াৰী এই ভেকচিনসমূহ বাংলাদেশৰ বাবে পঠিওৱা ৫ লাখ ভেকচিনৰ উপহাৰৰ এক অংশ আৰু এই ভেকচিন বিশ্ব স্বাস্থ্য সংস্থাই মুকলি কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত ইয়াক বাংলাদেশলৈ পঠিওয়া হৈছিল ।

চীনৰ এই পদক্ষেপ তাৎপৰ্যপূৰ্ণ এই কাৰণেই যে, ক'ভিচিল্ড ভেকচিন যি ভাৰতত তৈয়াৰ হোৱা হোৱা কথা আছিল, সেইয়া ভাৰতত হোৱা ক'ভিডৰ দ্বিতীয় সংক্ৰমণৰ পাছত অনিশ্চয়তাৰ মাজলৈ গতি কৰিছে আৰু দেশখনত ভেকচিনৰ যথেষ্ট অভাৱ পৰিলক্ষিত হৈছে । উল্লেখনীয় যে, ভাৰত আৰু চীন দুয়োখন দেশেই বাংলাদেশত নিজৰ আধিপত্য বিস্তাৰ কৰিব খোজে আৰু এই ক্ষেত্ৰত চীনৰ এই পদক্ষেপ মন কৰিবলগীয়া ।

বাংলাদেশে ঘূৰি চাব নেকি ?

যিহেতু ভাৰতে প্ৰয়োজনীয় ভেকচিন বাংলাদেশক দিয়াৰ সম্ভাৱনা নাই, চীনে ইয়াৰ সুবিধা লৈ নিজৰ আধিপত্য বিস্তাৰৰ বাবে কৌশলীভাৱে আগ বাঢ়িছে । এই ক্ষেত্ৰত বাংলাদেশেও চীনৰ ফালে উভতি দিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি, কাৰণ এতিয়াৰ নিছিনা অভাৱনীয় চিকিৎসা বিষয়ক জৰুৰীকালীন অৱস্থাত ভেকচিনৰ প্ৰয়োজনীয়তা খুবেই বেছি । চীনৰ পৰা ভেকচিনৰ ড'জসমূহ লাভ কৰি বাংলাদেশৰ বৈদেশিক মন্ত্ৰী ড৹ এ কে আব্দুল মোমেনে চিনক এই দুৰ্যোগৰ সময়ত সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু কয়, ' চীন আমাৰ প্ৰতি যথেষ্ট সহানুভূতশীল আৰু আমি ভৱিষ্যতে চীন দেশৰ পৰা আৰু যথেষ্ট মাত্ৰাত ভেকচিন পাম বুলি আশা কৰিছো । চীন বাংলাদেশৰ মহত্বপূর্ণ বন্ধু দেশ বুলি উল্লেখ কৰি তেওঁ কয় যে, আমি ভৱিষ্যতে ভাল দিনৰ বাবে আশাবাদী । এই কথা খিনি কোৱাৰ সময়ত বাংলাদেশত থকা চীনৰ ৰাষ্ট্ৰদূত লি জিমিংও উপস্থিত আছিল ।

উল্লেখনীয় যে, দুদিন আগতে চীনৰ ৰাষ্ট্ৰদূতজনে যেতিয়া কোৱাড গ্ৰুপত চামিল হোৱাৰ বিৰুদ্ধে বাংলাদেশক সাৱধান বাণী শুনাইছিল, তেতিয়া ক্ষুদ্ধ মোমেনে মন্তব্য কৰিছিল যে, বাংলাদেশ নিজৰ পছন্দৰ যিকোনো বিষয়ত সিদ্ধান্ত লবলৈ মুক্ত আৰু স্বাধীন । মোমেনে বিদেশী ৰাষ্ট্ৰদূত সকলক শালীন আৰু শান্ত হ’বলৈ অনুৰোধ কৰি কৈছিল যে, আমি এখন মুক্ত আৰু স্বাধীন দেশ আৰু আমি নিজেই আমাৰ দেশৰ বৈদেশিক নীতি নিৰ্ধাৰণ কৰো । সোমবাৰে ( মে'১০, ২০২১) চীনৰ ৰাষ্ট্ৰদূত লীয়ে বাংলাদেশৰ QUAD GROUP ত যোগদান কৰাৰ সিদ্ধান্তৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে, বাংলাদেশৰ বাবে ই বৰ ভাল সিদ্ধান্ত নহয়, কাৰণ এই সিদ্ধান্তই চীন আৰু বাংলাদেশৰ সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে । সাধাৰণতে QUAD GROUP ক আমেৰিকা, ভাৰত, জাপান আৰু অষ্ট্ৰেলিয়াৰ এক চীন বিৰোধী মঞ্চ হিচাবে গণ্য কৰে ।

ভাৰতৰ স্থিতি:

ভাৰতে নিজৰ দেশত সৰ্বব্যাপী ভেকচিন দিয়া প্ৰক্ৰিয়া ১৬ জানুৱাৰী ২০২১ ত আৰম্ভ কৰাৰ পিছৰ পৰা দেশত মাত্ৰ ২.৫ শতাংশ লোককহে ভেকচিন দিবলৈ সক্ষম হৈছে । বৃহস্পতিবাৰে ভাৰতত ৩,৬২,৭২৭ টা নতুন সংক্ৰমণৰ ঘটনা ধৰা পৰিছে, যাৰ ফলত মুঠ সংক্ৰমণৰ সংখ্যা ২,৩৭,০৩,৬৬৫ লৈ বৃদ্ধি পাইছে ৷ দিনে প্ৰায় ৪০০০ ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে যাৰ ফলত এতিয়ালৈ ২,৫৮, ৩১৭ জন লোকৰ মৃত্যু হৈছে ।

ভেকচিনৰ অভাৱৰ বাবে দিল্লী, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ নিচিনা ৰাজ্যত ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ লোকক ভেকচিন দিয়া বন্ধ কৰিবলগীয়া হৈছে, যি প্ৰক্ৰিয়া চলিত বৰ্ষৰ মে' মাহৰ ৮ তাৰিখৰ পৰা আৰম্ভ কৰা হৈছিল । ভয়াৱহ কথাটো হ'ল যে, ক'ভিডৰ সংক্ৰমণ গ্ৰাম্যাঞ্চললৈ বিয়পিব ধৰিছে । ভেকচিনৰ অভাৱৰ বাহিৰেও ভয়াৱহভাৱে হোৱা দ্বিতীয় সংক্ৰমণে চিকিৎসা আৰু স্বাস্থ্য বিভাগক কোঙা কৰি পেলাইছে ।

আৰম্ভণিতে যদিও নিজৰ চুবুৰীয়া দেশ সমূহলৈ ভেকচিন পঠিওৱাৰ বাবে ভাৰতবৰ্ষ যথেষ্ট উৎসাহী আছিল ৷ কিন্তু এতিয়া ক'ভিডৰ দ্বিতীয় সংক্ৰমণে দেশৰ অৱস্থা বেয়ালৈ ঢাল খুৱাইছে যাৰ ফলত চীনৰ ভেকচিন কুটনীতিয়ে আগ স্থান পাবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : ক’ভিডত আক্ৰান্ত ডিমা হাছাওৰ স্বাস্থ্য ও পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.