ETV Bharat / bharat

ভাৰতৰ সভাপতিত্বত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক - সন্ত্ৰাসবাদ বিৰোধী

নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে ২০২১-২২ বৰ্ষৰ কাৰ্যকালত প্ৰথমবাৰলৈ সভাপতিত্ব কৰিছে ভাৰতে । দেশখনে অহা বছৰ দুবছৰীয়া কাৰ্যকালৰ অন্তিম মাহ অৰ্থাৎ ডিচেম্বৰত পুনৰ পৰিষদৰ সভাপতিত্ব গ্ৰহণ কৰিব ।

India takes over UNSC Presidency
ভাৰতৰ সভাপতিত্বত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক
author img

By

Published : Aug 1, 2021, 12:33 PM IST

Updated : Aug 1, 2021, 5:32 PM IST

নেশ্যনেল ডেস্ক, ১ আগষ্ট: দেওবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (United Nations Security Council) সভাপতিত্বৰ দায়িত্ব লাভ কৰে ভৰতে। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে ২০২১-২২ বৰ্ষৰ কাৰ্যকালত প্ৰথমবাৰলৈ সভাপতিত্ব কৰিছে ভাৰতে । দেশখনে অহা বছৰ দুবছৰীয়া কাৰ্যকালৰ অন্তিম মাহ অৰ্থাৎ ডিচেম্বৰত পুনৰ পৰিষদৰ সভাপতিত্ব গ্ৰহণ কৰিব ।

এই কাৰ্যকালত ভাৰতে সামুদ্ৰিক সুৰক্ষা (maritime security), শান্তি ৰক্ষা (peacekeeping) আৰু সন্ত্ৰাসবাদ বিৰোধীকে (counter-terrorism) ধৰি তিনিটা মুখ্য ক্ষেত্ৰত অনুষ্ঠান আয়োজন কৰিব । ভাৰতত ৰাছিয়াৰ দূত নিকোলাই কুদাশ্বেভে টুইট যোগে ভাৰতৰ সভাপতিত্বক আদৰণি জনাই কয় যে, সামুদ্ৰিক নিৰাপত্তা, শান্তি ৰক্ষা আৰু সন্ত্ৰাসবাদ বিৰোধী আদি গোলকীয় বিষয়সমূহক গুৰুত্ব দি ভাৰতে যি কাৰ্যসূচী আয়োজন কৰিছে সঁচাকৈয়ে প্ৰভাৱান্বিত কৰিছে সকলোকে । ভাৰতত ফ্ৰান্সৰ দূত ইমানুৱেল লেনাইনেও কয় যে তেওঁলোকে সামুদ্ৰিক সুৰক্ষা, শান্তি ৰক্ষা আৰু সন্ত্ৰাসবাদ বিৰোধী কৌশলগত বিষয়ত ভাৰতৰ সৈতে কাম কৰিবলৈ আৰু নিয়ম-আধাৰিত, বহুপাক্ষিক ব্যৱস্থা বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

ভাৰতৰ সভাপতিত্বক এক গুৰুত্বপূৰ্ণ মৰ্যাদা দিয়া হৈছে কিয়নো দেশখনে মানৱ অধিকাৰ উলংঘন, আফগানিস্তান, চিৰিয়া আৰু ম্যানমাৰৰ নিৰাপত্তা পৰিস্থিতি সম্পৰ্কীয় বিষয়সমূহকে ধৰি বিভিন্ন গোলকীয় আৰু আঞ্চলিক বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

উল্লেখ্য যে, ভাৰতে চলিত বৰ্ষৰ ১ জানুৱাৰীত ৰাষ্ট্ৰসংঘৰ শক্তিশালী অংশটোত অস্থায়ী সদস্য হিচাপে দুবছৰীয়া কাৰ্যকাল আৰম্ভ কৰিছে । তেতিয়াৰ পৰাই ভাৰতে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সামগ্ৰিকভাৱে বিশ্বৰ নিৰাপত্তা সম্পৰ্কীয় বিষয়সমূহৰ সামগ্ৰিক সমাধানৰ বাবে কাম কৰি আহিছে । লগতে, ভাৰতে বিশ্বৰ বিভিন্ন মঞ্চত সংস্কাৰিত বহুপাক্ষিকতা, কাৰ্যকৰী গোলকীয় শাসনৰ ক্ষেত্ৰত বাৰে বাৰে নিজৰ স্থিতি স্পষ্ট কৰিছে ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰত পুলৱামা আক্ৰমণত জড়িত দুই সন্ত্ৰাসবাদী নিহত

Last Updated : Aug 1, 2021, 5:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.