ETV Bharat / bharat

India Slams Pakistan : ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ আক্ৰমণ ভাৰতৰ; পাক অধিকৃত কাশ্মীৰ খালী কৰাৰ আহ্বান - United Nations

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত কাশ্মীৰ প্ৰসংগ উত্থাপন কৰাৰ বাবে পাকিস্তানৰ তীব্ৰ সমালোচনা কৰে ভাৰতে । ভাৰতৰ হৈ সাধাৰণ পৰিষদত ভাষণ প্ৰদান কৰি প্ৰথম সচিব পেটেল গেহলটে পাকিস্তানক নিজৰ দখলত থকা অঞ্চলসমূহ খালী কৰিবলৈ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনায় ।

ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ আক্ৰমণ ভাৰতৰ
India Slams Pakistan
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 10:11 AM IST

নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ : আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰুদ্ধে পুনৰ এবাৰ সৰৱ হৈছে ভাৰত । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানৰ কাৰ্যবাহী প্ৰধানমন্ত্ৰী আনৱাৰুল হক কাকাৰৰ বক্তব্যৰ ওপৰত ভাৰতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । কাকাৰে তেওঁৰ ভাষণত কাশ্মীৰ সমস্যা উত্থাপন কৰিছিল । ইয়াৰ পিছতে ভাৰতে পাকিস্তানক আক্ৰমণৰ লক্ষ্য কৰি লয় ।

উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ দ্বিতীয় সমিতিৰ বাবে ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব পেটেল গহলটে ভাৰতৰ হৈ উত্তৰ প্ৰদানৰ অধিকাৰ সফলভাৱে প্ৰয়োগ কৰে । পেটেলে কয় যে পাকিস্তানে ভাৰতৰ পৰা দখল কৰা অঞ্চলবোৰ খালী কৰা উচিত । ইয়াৰ লগতে তেওঁ পাকিস্তানক সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবলৈও নিৰ্দেশ দিয়ে । পেটেলে পাকিস্তানত সংখ্যালঘুসকলৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ ওপৰতো উদ্বেগ প্ৰকাশ কৰে আৰু ইয়াক বন্ধ কৰিবলৈও আহ্বান জনায় ।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণ প্ৰদান কৰি গেহলটে পাকিস্তানক দক্ষিণ এছিয়াত শান্তিৰ বাবে তিনিটা পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে । তেওঁ কয় যে পাকিস্তানে সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদ বন্ধ কৰা উচিত । যাৰ বাবে তেওঁ দেশত থকা সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি ধ্বংস কৰিবলৈ ব্যৱস্থা লোৱাটো প্ৰয়োজনীয় ।

দ্বিতীয় পৰামৰ্শত পেটেলে পাকিস্তান অধিকৃত কাশ্মীৰৰ অবৈধ দখল ত্যাগ কৰি পাকিস্তানক ভাৰতীয় অঞ্চল খালী কৰিবলৈ কয় । তৃতীয় পৰামৰ্শত তেওঁ পাকিস্তানক কয় যে পাকিস্তানত সংখ্যালঘুসকলৰ বিৰুদ্ধে গুৰুতৰ অপৰাধ ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে । যিবোৰ মানৱ অধিকাৰ উলংঘনৰ শ্ৰেণীৰ অন্তৰ্গত । পাকিস্তান চৰকাৰে এই অপৰাধবোৰ প্ৰতিৰোধ কৰিবলৈ আৰু সংখ্যালঘুসকলৰ অধিকাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।

পেটেল গেহলটে লগতে কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ ভাৰতৰ এক অবিচ্ছেদ্য অংগ । জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয়শাসিত অঞ্চলৰ সৈতে সম্পৰ্কিত বিষয়বোৰ সম্পূৰ্ণৰূপে ভাৰতৰ আভ্যন্তৰীণ । পাকিস্তানৰ আমাৰ ঘৰুৱা বিষয়ত মন্তব্য কৰাৰ কোনো অধিকাৰ নাই ।

তেওঁ কয় যে পাকিস্তানৰ বিশ্বৰ আটাইতকৈ শোচনীয় মানৱ অধিকাৰৰ অভিলেখ আছে । য'ত সংখ্যালঘু আৰু নাৰীৰ অধিকাৰৰ পৰিস্থিতি আটাইতকৈ বেয়া । তেওঁ কয় যে যদি পাকিস্তানে এনে কৰাৰ আগতে নিজৰ ঘৰৰ যত্ন লয় তেন্তে ভাল হ'ব । তেওঁ আৰু কয় যে পাকিস্তানে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ ফালে আঙুলি টোঁৱাব নালাগে ।

ভাৰতীয় কূটনীতিবিদগৰাকীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতৰ বিৰুদ্ধে 'ভিত্তিহীন আৰু বিদ্বেষপূৰ্ণ প্ৰচাৰ' চলোৱাৰ বাবে পাকিস্তানক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে এইটো এক প্ৰকাৰৰ অপৰাধ আৰু পাকিস্তানক এনে ক্ষেত্ৰত এজন অভ্যাসগত অপৰাধী যেন লাগে ।

গেহলটে লগতে কয়, ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ আৰু অন্যান্য বহুপাক্ষিক সংগঠনসমূহে ভালদৰে জানে যে পাকিস্তানে নিজৰ অপকৰ্মৰ পৰা মনোযোগ আঁতৰাবলৈ এনে কৰে । পাকিস্তানে বিচাৰে যে আন্তৰ্জাতিক সম্প্ৰদায়ৰ মনোযোগ পাকিস্তানত উলংঘন হৈ থকা মানৱ অধিকাৰৰ ফালে যাতে নাযায় ।

পেটেলে পাকিস্তানক আন্তৰ্জাতিকভাৱে নিষিদ্ধ সৰ্বাধিকসংখ্যক সন্ত্ৰাসবাদী সংগঠনৰ ঘৰ বুলিও উল্লেখ কৰে । আনহাতে, গেহলটে পাকিস্তানক ২০১১ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ অপৰাধীসকলৰ বিৰুদ্ধে 'বিশ্বাসযোগ্য আৰু প্ৰমাণীকৰণযোগ্য ব্যৱস্থা' ল'বলৈও আহ্বান জনায় । "পাকিস্তান হৈছে সৰ্বাধিকসংখ্যক আন্তৰ্জাতিকভাৱে অনুমোদিত সন্ত্ৰাসবাদী সংগঠন আৰু নিষিদ্ধ ব্যক্তিৰ ঘৰ আৰু পৃষ্ঠপোষক ।" তেওঁ কয় ।

লগতে পঢ়ক :19th Asian games in China: এছিয়ান গেমছত অৰুণাচলৰ খেলুৱৈ বিৰুদ্ধে পোষণ কৰা মনোভাৱৰ বিৰুদ্ধে দেশৰ সৰ্বত্ৰে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.