ETV Bharat / bharat

PM Modi on Gaganyaan: 2024 ৰ ভিতৰত চন্দ্ৰত খোজ দিব ভাৰতীয়ই; প্ৰধানমন্ত্ৰীৰ লক্ষ্য

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 4:35 PM IST

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সোমবাৰে জনোৱা মতে, শ্ৰীহৰিকোটাৰ পৰা ২১ অক্টোবৰৰ পুৱা মিছন গগণযানৰ পৰীক্ষামূলক উৰণ সম্পন্ন হ’ব ৷

PM Modi on Gaganyaan
first Indian to Moon

নিউজ ডেস্ক, 17 অক্টোবৰ: মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ভাৰতৰ গগণযান অভিযানৰ অগ্ৰগতিৰ মূল্যায়ন আৰু ভাৰতৰ মহাকাশ অন্বেষণ প্ৰচেষ্টাৰ ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰাৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত মহাকাশ বিভাগে গগণযান অভিযানৰ এক বিস্তৃত আভাস দাঙি ধৰে, য’ত এতিয়ালৈকে বিকশিত হোৱা বিভিন্ন প্ৰযুক্তি যেনে হিউমেন ৰেটেড উৎক্ষেপণ বাহন আৰু ব্যৱস্থাৰ অৰ্হতা আদি অন্তৰ্ভুক্ত কৰা হয় ।

মন কৰিবলগীয়া যে হিউমেন ৰেটেড উৎক্ষেপণ বাহন (HLVM3)ৰ ৩ টা অক্ৰুড মিছনকে ধৰি প্ৰায় ২০ টা ডাঙৰ পৰীক্ষণৰ পৰিকল্পনা কৰা হৈছে । ক্ৰু এস্কেপ চিষ্টেম টেষ্ট বাহনৰ প্ৰথমটো প্ৰদৰ্শনীমূলক উৰণ ২১ অক্টোবৰত অনুষ্ঠিত হ’ব । বৈঠকত ২০২৫ চনত আৰম্ভ হ’ব লগীয়া মিছনৰ প্ৰস্তুতিৰ মূল্যায়ন কৰা হয় ।

শেহতীয়া চন্দ্ৰযান-৩ আৰু আদিত্য এল ১ মিছনকে ধৰি ভাৰতীয় মহাকাশ অনুসন্ধানৰ পদক্ষেপৰ সফলতাৰ ওপৰত ভিত্তি কৰি প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যে ভাৰতে এতিয়া ২০৩৫ চনৰ ভিতৰত ‘ভাৰতীয় অন্তৰীক্ষ ষ্টেচন’ (ভাৰতীয় মহাকাশ কেন্দ্ৰ) স্থাপনকে ধৰি নতুন আৰু অভিলাষী প্ৰকল্পৰ লক্ষ্য লোৱা উচিত আৰু ২০৪০ চনৰ ভিতৰত প্ৰথমজন ভাৰতীয়ক চন্দ্ৰলৈ প্ৰেৰণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিব লাগে ।

এই দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ মহাকাশ বিভাগে চন্দ্ৰ অন্বেষণৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰিব । ইয়াৰ ভিতৰত চন্দ্ৰযান অভিযানৰ ধাৰাবাহিকতা, পৰৱৰ্তী প্ৰজন্মৰ লঞ্চ বাহন (এন জি এল ভি)ৰ বিকাশ, নতুন লঞ্চ পেড নিৰ্মাণ, মানৱকেন্দ্ৰিক পৰীক্ষাগাৰ স্থাপন আৰু সংশ্লিষ্ট প্ৰযুক্তিসমূহ অন্তৰ্ভুক্ত কৰা হ’ব ।

ভাৰতীয় বিজ্ঞানীসকলক ভেনাছ অৰ্বিটাৰ মিছন আৰু মংগল লেণ্ডাৰকে ধৰি আন্তঃগ্ৰহ অভিযানৰ দিশত কাম কৰিবলৈও প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায় । প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ সামৰ্থৰ ওপৰত আস্থা প্ৰকাশ কৰি মহাকাশ অন্বেষণৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ বাবে দেশৰ দায়বদ্ধতাক দৃঢ় কৰে ।

লগতে পঢ়ক: Global Maritime India Summit 2023: ১৮,৮০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.