নিউজ ডেস্ক, 11 জানুৱাৰী : দেশত পুনৰ বৃদ্ধি হৈছে ক’ৰণাৰ সংক্ৰমণৰ (Covid 19 cases increase in India) হাৰ ৷ মঙলবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত পুনৰ 97,827 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে (India reports 97827 new covid cases in last 24 hours) ৷ বৰ্তমান দেশত আক্ৰান্তৰ সংখ্যা হৈছে 8,21,446 গৰাকী ৷ দেশত সক্ৰিয় আক্ৰান্তৰ হাৰ হৈছে 2.03 শতাংশ ৷
বিপৰীতে মৃত্যু হৈছে 227 গৰাকীৰ ৷ ইয়াৰ লগে লগে দেশজুৰি ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 4,84,213 গৰাকীলৈ বৃদ্ধি পাইছে ৷ যাৰ লগে লগে মৃত্যুৰ হাৰ হৈছে 1.36 শতাংশ ৷
উল্লেখ্য যে, আক্ৰান্তসকলৰ অধিকাংশই চিকিৎসাধীন অৱস্থাত আছিল ৷ চিকিৎসালয়ত ভৰ্তি হৈ থকা লোকসকলৰ ভিতৰত বিগত 24 ঘণ্টাত 69,959 গৰাকী লোকে আৰোগ্য লাভ কৰে ৷ ইয়াৰ লগে লগে আৰোগ্যৰ সংখ্যা হয়গৈ 3,45,70,131 গৰাকী ৷ সম্প্ৰতি আৰোগ্য হোৱা লোকৰ হাৰ হৈছে 96.62 শতাংশ ৷
ইফালে, বিগত 24 ঘণ্টাত 92,07,700 গৰাকী লোকক ক’ভিড ভেকছিন (Covid Vaccination in India) প্ৰদান কৰা হৈছে ৷ মঙলবাৰলৈকে দেশত মুঠ 1,52,89,70,294 গৰাকী লোকক ক’ভিড টীকাকৰণ প্ৰদান কৰা হৈছে ৷
লগতে চাওক: Covid 19 cases increase in Assam : ৰাজ্যত নতুনকৈ 2198 গৰাকী লোক কৰ’ণাত আক্ৰান্ত