ETV Bharat / bharat

Covid cases in India : যোৱা দুদিনত দেশত ক'ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস - Covid 19

যোৱা দুটা দিনত দেশত ক'ভিড আক্ৰান্তৰ সংখ্যা সামান্য হ্ৰাস পাইছে (Covid cases declined in India)। শনিবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৭,১৭১ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে ।

Covid cases in India
যোৱা দুদিনত দেশত ক'ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস
author img

By

Published : Apr 29, 2023, 6:06 PM IST

নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল : দেশত ক'ভিডৰ সংক্ৰমণ অব্যাহত আছে (Covid infection in India)। বৃহস্পতিবাৰৰ তুলনাত ক'ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস হৈছে যদিও সংক্ৰমণক লৈ দেশজুৰি সন্ত্ৰাস অব্যাহত আছে । শনিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৭,১৭১ গৰাকী লোকৰ দেহত নতুনকৈ ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । শুকুৰবাৰে ক'ভিড আক্ৰান্তৰ তুলনাত প্ৰায় ৩৬২ টা কম । যোৱা দুদিনত ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা কিছু হ্ৰাস পাইছে ।

চৰকাৰী তথ্য অনুসৰি বুধবাৰে ক'ভিড-১৯ৰ প্ৰায় ৯,৩৫৫ টা ঘটনা পোহৰলৈ আহিছিল আনহাতে বৃহস্পতিবাৰে ৭,৫৩৩ টা ঘটনা পোহৰলৈ আহিছিল (Covid cases declined in India)। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত সক্ৰিয় ৰোগীৰ মুঠ সংখ্যা ৫৩,৮৫২ৰ পৰা ৫১,৩১৪ লৈ হ্ৰাস পাইছে । দৈনিক আক্ৰান্তৰ হাৰ হৈছে ৩.৬৯ শতাংশ । আনহাতে সাপ্তাহিক আক্ৰান্তৰ হাৰ হৈছে ৪.৭২ শতাংশ ।

স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে এতিয়ালৈকে মুঠ ৯২.৬৪ কোটি ক'ভিড পৰীক্ষা কৰা হৈছে । যোৱা ২৪ ঘণ্টাত দেশত ১,৯৪,১৩৪ টা পৰীক্ষা কৰা হৈছে (Covid test in India)। মন্ত্ৰালয়ৰ মতে, যোৱা এদিনত ৩,৮৭৫ পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । আনহাতে, দেশত আৰোগ্যৰ হাৰ হৈছে ৯৮.৭০ শতাংশ ।

কেন্দ্ৰীয় স্বাস্থ্য আৰু কল্যাণ মন্ত্ৰালয়ৰ মতে দেশজুৰি টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে ৯৫.২১ কোটি দ্বিতীয় পালি আৰু ২২.৮৭ কোটি পৰৱৰ্তী পালি প্ৰদান কৰা হৈছে । দেশত এতিয়ালৈ মুঠ ২২০.৬৬ কোটি প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । ইফালে, বিশেষজ্ঞসকলেও ক'ভিডৰ নতুন এক্সবিবি ১.১৬ প্ৰকাৰক লৈ সতৰ্ক কৰি দিছে (Covid new varient)। বিশেষজ্ঞসকলৰ মতে নতুন প্ৰকাৰটোৱে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰভাৱিত কৰিব পাৰে ।

দিল্লীৰ এইমছৰ প্ৰাক্তন সঞ্চালক ড৹ ৰণদীপ গুলেৰিয়াই কোৱা মতে দেশত ক'ভিডৰ সংক্ৰমণ নতুনকৈ বৃদ্ধি পাইছে । কিন্তু এনে পৰিস্থিতিক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই ।

লগতে পঢ়ক :Fencing in Manipur: ভাৰত-ম্যানমাৰ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ স্থাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.