ETV Bharat / bharat

Covid updates in India : 24 ঘণ্টাত ভাৰতত 1,94,720 গৰাকী নতুনকৈ কৰ’ণাত আক্ৰান্ত

author img

By

Published : Jan 12, 2022, 9:52 AM IST

Updated : Jan 12, 2022, 11:27 AM IST

বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত হৈছে 1,94,720 গৰাকী লোক (India reports 1,94,720 new covid cases in last 24 hours) ৷ বুধবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য ৷ বৰ্তমান দেশত সক্ৰিয় আক্ৰান্তৰ হাৰ হৈছে 2.65 শতাংশ ৷

covid update
24 ঘণ্টাত ভাৰতত 1,94,720টা নতুন ক’ভিড-19 ৰ ঘটনা

নেশ্যনেল ডেস্ক, 12 জানুৱাৰী : ভাৰতত দৈনিক ক’ভিড-19 ৰ সংক্ৰমণ যথেষ্ট হাৰত বৃদ্ধি পাইছে ৷ বিগত 24 ঘণ্টাত 1.94 লাখ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে, যি মঙলবাৰৰ তুলনাত 25,000 সংক্ৰমণৰ ঘটনাতকৈ অধিক ৷

দৈনিক ক’ভিড-19 ৰ সংক্ৰমণ প্ৰতিৰ লক্ষ্য ৰাখি দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা ৷ বৰ্তমান ভাৰতত 1,33,873 টা ক’ভিড-19 ৰ সক্ৰিয় আক্ৰান্তৰ ঘটনা আছে ৷ এই সমীক্ষাৰ সৈতে বৰ্তমানলৈ ক’ভিড-19 ত আক্ৰান্তৰ ঘটনা হয়গৈ 9,55,319 টা ৷

স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা তথ্য অনুসৰি, শেহতীয়াকৈ আক্ৰান্তৰ মাজৰ 96.01% লোক আৰোগ্য হৈ উঠিছে ৷ বিগত 24 ঘণ্টাত 60,405 গৰাকী লোক সুস্থ হৈ উঠাত আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা হয়গৈ 3,46,30,536 গৰাকী ৷ আৰোগ্যৰ হাৰ 96.01% ৷

বিপৰীতে মৃত্যুৰ হাৰ বিগত 24 ঘণ্টাত হয়গৈ 1.34% ৷ 442 টা মৃত্যুৰ ঘটনাৰে এতিয়ালৈকে মুঠ মৃত্যুৰ সংখ্যা 4,84,655 গৰাকীলৈ বৃদ্ধি হৈছে ৷

মঙলবাৰৰ দিনটোত দেশত প্ৰদান কৰা হৈছে 85,26,240 পালি ভেকচিন ৷ বৰ্তমানলৈকে ভাৰতত সৰ্বমুঠ 1,53,80,08,200 পালি ভেকচিন প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক: ক্ৰমাৎ গুৰুতৰ হৈ পৰিছে অসমৰ ক'ভিড পৰিস্থিতি

Last Updated : Jan 12, 2022, 11:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.